পৰিৱেশন কলা | |
---|---|
মূখ্য ৰূপসমূহ
| |
গৌণ ৰূপসমূহ
| |
শাখা
| |
নাটক · ট্ৰেজেডী · কমেডি · ট্ৰেজিকমেডী · ৰোমান্স · চাটায়াৰ ·
মহাকাব্য · গীতিকবিতা |
|
থিয়েটাৰ (ইংৰাজী: Theatre; বা Theater) হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হয়।[1] এটি পৰিবেশনক নাট্যধৰ্মী বা নাটকীয় বোলা হয় যদিহে ই এক বাস্তবানুগ মায়া বা বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে।[2] এই দুই বিস্তাৰিত সংজ্ঞা অনুযায়ী কোৱা হয় যে মানৱসভ্যতাৰ প্ৰত্যূষকালতো থিয়েটাৰৰ অস্তিত্ব আছিল, কাৰণ প্ৰত্যেক মানুহৰে গল্প কোৱাৰ এক স্বাভাবিক প্ৰকৃতিগত প্ৰৱণতা আছে। আৰম্ভণিৰে পৰাই থিয়েটাৰৰ অনেক ৰূপ বা প্ৰকাৰ আছিল; নানান ধৰণৰ কথা, দেহভঙ্গি, গান, নাচ, দৃশ্য বা ঘটনাৰ ৰূপত প্ৰয়োগ হৈছিল। দৃশ্যগ্ৰাহ্য কলাসহ (চিত্ৰাঙ্কণ, ভাষ্কৰ্য ইত্যাদি) অন্যান্য পৰিৱেশন কলাসমূহকো একমাত্ৰ সমন্বিত কলা হিচাপে থিয়েটাৰে একত্ৰিত কৰিছে।