থেলমা একিয়ৰ |
---|
জন্ম |
থেলমা আৰিমএবি একিয়ৰ |
---|
ৰাষ্ট্ৰীয়তা |
নাইজেৰিয়ান |
---|
অন্য নাম |
ছোলাংকে |
---|
শিক্ষানুষ্ঠান |
- ইম্পেৰিয়েল কলেজ,লণ্ডন
- বাকিংহাম বিশ্ববিদ্যালয়
|
---|
পেচা |
- উকীল
- সামাজিক উদ্যোগী
- বিনিয়োগকাৰী
- দানশীল
|
থেলমা আৰিমিবি একিয়ৰ (ইংৰাজী: Thelma Ekiyor) এগৰাকী নাইজেৰিয়ান অধিবক্তা, সামাজিক উদ্যোগী আৰু ইমপেক্ট বিনিয়োগকাৰী যি বহু সংস্থাৰ ভিতৰত কৰ্তৃত্বশীল পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।[1][2]একিয়ৰে মূলতঃ মহিলা উদ্যোগীসকলৰ ওপৰত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে। আৰ্থিক স্বাধীনতা আৰু শৈক্ষিক সুবিধাৰ জৰিয়তে শান্তি নিৰ্মাণ আৰু মহিলা আৰু যুৱক-যুৱতীসকলক সবলীকৰণত মহিলাসকলক সহায় কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আফ্ৰিকাৰ ২২খনতকৈও অধিক দেশৰ প্ৰকল্পৰ অভিজ্ঞতা আছে। একিয়ৰে শান্তি কৰ্মী লেইমা গ্ব'ৱেৰ সৈতে সংঘাতৰ পিছৰ দেশ যেনে লাইবেৰিয়াত কাম কৰিছিল।[1][3]
থেলমা একিয়ৰে ব্ৰিটেইনৰ ইম্পেৰিয়েল কলেজ লণ্ডনৰ পৰা উদ্যোগীকৰণ আৰু উদ্ভাৱনত এম বি এ লাভ কৰে আৰু বাকিংহাম বিশ্ববিদ্যালয়ৰ পৰা এল এল বি অনাৰ্ছৰ সৈতে আইন ডিগ্ৰী লাভ কৰে।[4] তেওঁ আফ্ৰিকান মহিলা নেতৃত্ব ইনষ্টিটিউট,[5] আৰু আমেৰিকাৰ ইষ্টাৰ্ণ মেননাইট বিশ্ববিদ্যালয়ৰ ২০০২ চনৰ গ্ৰীষ্মকালীন শান্তি নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰী, যি WANEP আৰু WISPEN-আফ্ৰিকাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।[6][7][8][3] একিয়ৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ফেলোও।[5][4]
২০০৫ চনৰ পৰা ২০০৭ চনলৈকে একিয়ৰ দক্ষিণ আফ্ৰিকাৰ কেপ টাউন বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ কনফ্লিক্ট ৰিজ'লিউচন (চিচিআৰ)ৰ সংঘাত হস্তক্ষেপ আৰু শান্তি নিৰ্মাণ সহায়ক প্ৰকল্পৰ (চিআইপিএছ) জ্যেষ্ঠ পৰিচালক আছিল।[9] এই পদত তেওঁ পুনৰ্গঠন চলি থকা আফ্ৰিকান ৰাষ্ট্ৰসমূহৰ সংঘাতৰ পিছৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিছিল।[5] ২০০৫ চনত একিয়ৰ আৰু ৰাজান বেইলীয়ে কাৰাগাৰ ৰূপান্তৰ প্ৰকল্প (PTP)ৰ ওপৰত "দক্ষিণ আফ্ৰিকাৰ সংশোধনী সেৱাত পুনৰুদ্ধাৰমূলক ন্যায়ৰ প্ৰসাৰ" নামৰ এটা প্ৰতিবেদন লিখিছিল, য'ত পুনৰুদ্ধাৰমূলক ন্যায়ৰ বিষয়বস্তুৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হৈছিল।[10] ২০০৬ চনত একিয়ৰ আৰু নোৰিয়া মাছুম্বাই "মধ্য আফ্ৰিকাত নাগৰিক সমাজৰ শান্তি-নিৰ্মাণৰ ভূমিকা" নামৰ নীতি আলোচনা চক্ৰৰ প্ৰতিবেদন লিখিছিল। আলোচনা চক্ৰত একিয়ৰে মহিলা আৰু শান্তি প্ৰক্ৰিয়া অধিবেশনত "মহিলা, শান্তি আৰু নিৰাপত্তাৰ ওপৰত আন্তৰ্জাতিক আৰু আঞ্চলিক কাঠামো ৰূপায়ণত নাগৰিক সমাজৰ ভূমিকা" শীৰ্ষক ভাষণ প্ৰদান কৰে।[11]
- ↑ 1.0 1.1 "Founders". www.wipsen-africa.org. http://www.wipsen-africa.org/wipsen/who/founders/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Gbowee, Leymah.. Mighty be our powers : how sisterhood, prayer, and sex changed a nation at war : a memoir. পৃষ্ঠা. 108. ISBN 978-0-9842951-9-7. OCLC 833132672.
- ↑ 3.0 3.1 "Nobel Laureate Has Close Links to CJP – Peacebuilder Online". emu.edu. https://emu.edu/now/peacebuilder/2012/05/nobel-laureate-has-close-links-to-cjp/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ 4.0 4.1 Afrigrants. "Meet The CEO" (en-GB ভাষাত). Afrigrants. https://afrigrants.com/meet-the-ceo/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ 5.0 5.1 5.2 "Thelma Ekiyor" (en-US ভাষাত). Rising Leadership Foundation. https://risingleader.org/board/thelma-ekiyor/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Lofton, Bonnie Price; Zucconi, Mike (2011-10-19). "Humility Links Nobel Winner and Alum Who Was Killed" (en-US ভাষাত). EMU News. https://emu.edu/now/news/2011/humility-links-nobel-winner-and-alum-who-was-killed/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Zucconi, Mike (2012-07-31). "Gbowee Carries Olympic Flag at Ceremony" (en-US ভাষাত). EMU News. https://emu.edu/now/news/2012/gbowee-carries-olympic-flag-at-ceremony/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Lofton, Bonnie Price (2011-10-07). "Nobel Prize Winner Connected to Peace-Church Tradition" (en-US ভাষাত). EMU News. https://emu.edu/now/news/2011/nobel-prize-winner-connected-to-peace-church-tradition/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Gbowee, Leymah.. Mighty be our powers : how sisterhood, prayer, and sex changed a nation at war : a memoir. পৃষ্ঠা. 186. ISBN 978-0-9842951-9-7. OCLC 833132672.
- ↑ Bailey, Razaan; Ekiyor, Thelma (2005-10-03). "Promoting Restorative Justice in South Africa's Correctional Services". Africa Portal. https://www.africaportal.org/publications/promoting-restorative-justice-south-africas-correctional-services/। আহৰণ কৰা হৈছে: 2020-04-18.
- ↑ Ekiyor, Thelma; Mashumba, Noria (2006-04-03). "The Peace-building role of Civil Society in Central Africa". Africa Portal. https://www.africaportal.org/publications/peace-building-role-civil-society-central-africa/। আহৰণ কৰা হৈছে: 2020-04-18.