দঁশেই | |
---|---|
টীকা আৰু জামাৰা | |
অন্য নাম | বিজয়া দশমী |
পালন কৰে | নেপালী হিন্দু |
প্ৰকাৰ | সাম্প্ৰদায়িক উৎসৱ |
মহত্ব | দানৱৰ ওপৰত ঈশ্বৰৰ জয় |
তাৰিখ | আহিন বা কাতি |
উদযাপন | দুৰ্গা পূজাৰ সমাপ্তিত |
আচাৰ | কালী, চণ্ডী, ভৈৰৱী, বৰাহীৰ পূঁজন আৰু টীকা লগোৱা পৰ্ব |
দঁশেই হৈছে গোৰ্খাসকলৰ প্ৰধান উৎসৱ, যাক সকলো শ্ৰেণীৰ লোকে অতি আন্তৰিকতা আৰু ধুমধামেৰে পালন কৰে। গোৰ্খা পৰ্ব সংস্কৃতিত দঁশেই বুলি কোনো নিৰ্দিষ্ট দিন নাই যদিও ‘ষোৰ শ্ৰাদ্ধ’ (ষোল্ল শ্ৰাদ্ধ)ৰ আৰম্ভণিৰ লগে লগে দঁশেই আহি পালে বুলি কোৱা শুনা যায়, যিটো গৈ গৈ লক্ষ্মী পূৰ্ণিমাত অন্ত পৰে। গতিকে গোৰ্খাসকলৰ দঁশেইৰ প্ৰস্তুতি যোল্ল শ্ৰাদ্ধৰ পৰাই হয় বুলি ক'ব পাৰি। ষোল্ল শ্ৰাদ্ধ সাধাৰণতে ভাদ আৰু আহিন মাহত পৰে। প্ৰতিপদাৰ পৰা যোল্লদিনলৈ নিজৰ পিতৃ শ্ৰাদ্ধৰ তিথি অনুযায়ী হিন্দু লোকসকলে নিজৰ স্বৰ্গীয় পিতৃসকলক সোঁৱৰি শ্ৰদ্ধা তৰ্পণ দিয়ে। এই যোল্ল দিনলৈকে নিজৰ পিতৃ-মাতৃ নথকা গোৰ্খা লোকসকলেও মাছ-মাংস, নহৰু, পিঁয়াজ আদি একো নোখোৱাকৈ নিজৰ পিতৃসকলৰ তিথিৰ দিনা পায়সৰ পিণ্ডাদি তৈয়াৰ কৰি তৰ্পণ দিয়ে। অজ্ঞাত কোনো পিতৃ যাতে বাদ পৰি নাযায়, সেইবাবে প্ৰতিপদাৰ দিনৰ পৰাই প্ৰতিদিনে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ আগে আগে দুটা সৰু দুনা (গছৰ পাত আৰু বাঁহৰ কাঠিৰে নিৰ্মিত)ত প্ৰস্তুত কৰা সকলো খাদ্যবস্তু পিতৃৰ নামত অৰ্পণ কৰা হয়। অৱশ্যে এই ষোল্লদিনলৈকে শুদ্ধ ৰূপত মাছ, মাংস, নহৰু, পিয়াজ একো নোখোৱাকৈ থকাৰ ব্যৱহাৰিক কাৰণ এই বুলিও ক'ব পাৰি যে যিহেতু বলি-বিধান পালন কৰা বেছিভাগ গোৰ্খাই মহালয়াৰ আৰম্ভণিৰ পৰাই অত্যধিক আমিষ ভোজন কৰে আৰু এই কঠিন আহাৰ গ্ৰহণৰ কাৰণে শৰীৰ প্ৰস্তুত হ'ব লাগে, সেয়েহে মোল্লদিনলৈকে মাছ-মাংস, নহৰু, পিঁয়াজ নোখোৱাৰ। কাৰণে শৰীৰে এই কঠিন খাদ্য সহজে হজম কৰিব পাৰে। দশেই ঠাই বিশেষে অন্য সম্প্ৰদায়ৰ লোকে ‘দশহেৰা’ বুলিও পালন কৰে।[1][2]
গোৰ্খাসকলৰ দঁশেই উৎসৱৰ মূল অনুষ্ঠান সাধাৰণতে আহিন আৰু কেতিয়াবা কাতি মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় যাক মহালয়া অথবা নৱৰাত্ৰি বুলিও কোৱা হয়। এই নৱৰাত্ৰিত শক্তি আহৰণ নাইবা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি প্ৰায়বোৰ গোৰ্খা পৰিয়ালেই ঘৰত ‘পোটিক/দেৱীভাগৱত পাঠ/চণ্ডীপাঠ কৰে। ব্ৰাহ্মণৰদ্বাৰা ঘৰতে নাইবা কেতিয়াবা ৰাজহুৱাভাৱে দুৰ্গা পূজাস্থলীবোৰত দুৰ্গা স্থাপন কৰি ৯দিনীয়া বা ছয়দিনীয়া বা তিনিদিনীয়া বা কেতিয়াবা একদিনীয়া ‘পোটিকো’লগোৱা দেখা যায়। পোটিক লগাঁৱতে অতি শুদ্ধ ৰূপত নিয়ম-নীতি পালন কৰিব লাগে বুলি লোকবিশ্বাস আছে। নহ'লে ই ওলোটাই ক্ষতি কৰাৰো আশংকা থাকে। প্ৰতিপদ তিথিৰ আগৰ নিশা অৰ্থাৎ অমাৱস্যাৰ নিশা যাক গোৰ্খাসকলে ‘জমৰে ঔচী’ (যমৰজাৰ আঁউসী) বুলিও কয়, সেইদিনা এখন টপৰী (গছৰ পাতক বাঁহৰ কাঠি দি চিলাই কৰি তৈয়াৰ কৰা সৰু কাঁহী)ত গুড়ি মাটি ভৰাই অলপ গোমধানৰ গুটি, তিল আৰু যব সিঁচি দিয়া হয় যাক ‘পঞ্চধান্য বুলি কোৱা হয়। এই গোমধান গজি শেঁতা পৰি হালধীয়া ৰঙৰ হ'লে যমৰা বুলি কোৱা হয়। কোৱা হয় পাহাৰী এলেকাত বসবাস কৰা গোৰ্খাসকলৰ ফুলৰ অভাৱ আছিল, সেয়েহে ফুলৰ সলনি যমৰাৰ প্ৰথা প্ৰচলন কৰিছিল। যমৰা হ'ল যমৰজাৰ প্ৰতীকী স্বৰূপে দিয়া মাকৈ পুলিৰ নিৰ্মালি। নৱৰাত্ৰি আৰম্ভ হ'লে গোৰ্খাসকলে নৌ দুৰ্গা লাগেকো বুলি কয়। প্ৰতিপদাৰ দিনাখন গোৰ্খাসকলে নিজৰ হা-হাথিয়াৰ, খুকুৰী আদি ধুই মাজি ভোগ আগবঢ়াই পূজা পাতল কৰে, যাক গোৰ্খাসকলে দুৰ্গা থাপেকো বুলি কয়। এনেদৰে নৱৰাত্ৰিত পূজা কৰা অস্ত্ৰ ন দিনলৈ অব্যৱহৃত হয়। বৈদিক আৰিয়ান আগ্ৰাসনৰ কাৰণে বলি বিধান যুক্ত দুৰ্গা পূজা প্ৰতিপদাৰ দিনা ঘট স্থাপনৰ জৰিয়তে বৈদিক নিয়মেৰে পূজা-অৰ্চনা কৰা হয় যদিও বহু ঠাইত ম'হ, পঠা, পাৰ চৰাই আদি বলি দিও পূজা সম্পন্ন কৰা হয়। বহু গোৰ্খা পৰিয়ালে এই নৱৰাত্ৰিৰ সময়ছোৱাত কুল পূজা/গোঠ ধূপ পূজা/নৌলা পূজা আদিও কৰে, যিটো পূজা বলি প্ৰথাত প্ৰতিষ্ঠিত। এই নৌলা পূজা সাধাৰণতে ফুলপাতিৰ সন্ধিয়া ছাগলী, হাঁহ, পাৰ, কণী, মাছ আদিৰ ভোগ দি কৰা হয়। এই পূজাৰ কাৰণে কলগছৰ পাতেৰে তিনিটা সৰু পূজাস্থলী সাজি চিকাৰী কুলদেৱতা বায়ু আদিৰ পূজা কৰা হয়। অৱশ্যে ঘৰত ‘পোটিক’ লগোৱা থাকিলে সেই ঘৰ মানুহে এই পূজাভাগ পৰৱৰ্তী সময়ত অৰ্থাৎ দীপাৱলীৰ সময়তো দিয়া দেখা যায়।
ষষ্ঠীৰ দিনা বেলবৰণ (দেৱীক নিমন্ত্ৰণ) কৰি সপ্তমীৰ দিনা নৌমতি বাজা (ন বিধ বাদ্যযন্ত্ৰ)ৰ তালে তালে নাচি গাই দুৰ্গাদেৱীক মন্দিৰত প্ৰৱেশ কৰোৱা হয়। অষ্টমীৰ দিনাখন চণ্ডীপাঠ কৰা হয় আৰু সেইদিনা ৰাতিক কালৰাত্ৰি বা ‘’মাৰ হান্নে’’ বোলে। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ কালৰূপ অৰ্থাৎকালিকাৰূপো জ্ঞান কৰি মাজৰাতি বলি আগবঢ়োৱা হয়। দুৰ্গা দেৱীৰ বেদীত ‘পঞ্চবলি’(অৰ্থাৎ কোমোৰা, হাঁহ, কুকুৰা, ছাগলী আৰু ম'হ বলি) দিয়াৰ প্ৰথাও আছে। সেইদিনা ব্যক্তিগতভাৱেও বহু লোকে কুল গোসানী বা দুৰ্গা দেৱীক পঠা বলি দিয়ে। আজিকালি অৱশ্যে বহু লোকে এই বলি প্ৰতীকী ৰূপত ভোল, চালকোমোৰা কল আদি ভোগ দিয়া দেখা যায় যদিও গুৱাহাটীস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়, দেউপানীৰ দুৰ্গা মন্দিৰ, বিশ্বেৰ দেৱালয় আৰু অনেক স্থানীয় পূজা সমিতিবোৰে দুৰ্গা গোসানীৰ নামত বলি দিয়া কথা আমি জানো। নৱমীৰ দিনা নগৰাকী কুমাৰী ছোৱালীক পূজা কৰি ভোজন কৰোৱাই দান-দক্ষিণা দিয়া হয়। দুৰ্গা দেৱীৰ নটা ৰূপ— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। মাৰ্কেণ্ডেয় পুৰাণমতে দৈত্যৰ গুৰু শুক্ৰাচাৰ্যৰ কথা মতে দৈত্যসকলে ব্ৰহ্মক তপস্যা কৰে। ব্ৰহ্ময়ো তেওঁৰ তপস্যাত সন্তুষ্ট হৈ দৈত্যসকলে বিচৰা বৰদান দিয়ে। সেই বৰ অনুসৰি দৈত্যসকলক পুৰুষ, জীৱ-জন্তু আৰু শত্ৰুৱে বধ কৰিব নোৱাৰে। তাৰ পাছত শুম্ভ, নিশুম্ভ তথা মহিষাসুৰ প্ৰবৃত্তি তামসিক অসুৰবোৰৰ উৎপীড়ন দিনক দিনে বাঢ়ি যাবলৈ ধৰাত ব্ৰহ্মাৰ পৰামৰ্শ মতে সকলো দেৱৰ্তাই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মহামায়া দুৰ্গাক আৰাধনা কৰে। দেৱতাসকলৰ উপাসনাত দুৰ্গা দেৱী প্ৰসন্ন হৈ প্ৰতিপদাৰ পৰা দশমীলৈকে দেৱী পূজা বা ব্ৰতৰ বিধি-বিধান সম্পৰ্কে কয়। সেই বিধি অনুসৰি দুৰ্গা দেৱীক পূজা কৰা হয় আৰু দেৱী আৱিৰ্ভাৱ হৈ অসুৰসকলক সংহাৰ কৰে। ম'হৰ ৰূপ ধাৰণ কৰা মহিষাসুৰক দেৱীয়ে মুণ্ডচ্ছেদ কৰি বধ কৰে। ইয়াৰে প্ৰতীকী ৰূপত খাবলৈ দিয়ে। লগতে সামৰ্থ্য অনুসাৰে অৰিহণা আদিও দিয়াৰ ব্যৱস্থা আছে। বৰ্ণাঢ্য ৰ্দঁশেই উৎসৱৰ আন এটি চাৰিত্ৰিক বৈশিষ্ট্য হৈছে ঝুলনা খেলা বা লিংগে পিং খেলা। অৱশ্যে আজিকালি এই প্ৰথাটো বহু সীমিত হৈছে। চাৰিডাল ডাঙৰ বাঁহ এটা নিৰ্দিষ্ট পৰিমাণৰ জোখত চাৰিকোণীয়াকৈ পুতি লৈ প্ৰতিডালৰে কমেও ত্ৰিশ ফুট ওপৰত দুটাকৈ জোৰা লগোৱা হয়। তাৰ পাছত উক্ত বাঁহৰ খলপাত অন্য এডাল দহ-বাৰ ফুট দীঘল বাঁহ লগাই ৰছীৰে টানকৈ বান্ধি উক্ত বাঁহত ৰছী সংযোগ কৰি মাটিৰ পৰা প্ৰায় দুফুট ওপৰলৈকে ওলোমাই দিয়া হয়। সেই ৰছীৰ ওপৰত দুয়ো ভৰি ভালদৰে থ'ব পৰাকৈ বাঁহৰ বা কাঠৰ টুকুৰা এটা লগাই দিয়া হয় যাক কাস্ত্ৰো বুলি কয়। এই কাম্ৰোৰ ওপৰত ভৰি থৈ বা বহি ডেকা-গাভৰু, ল'ৰা-ছোৱালী, পুৰুষ-মহিলাসকলে পিং খেলে। এই পিং একেলগে এজন বা দুজন ব্যক্তিয়েহে খেলিব পাৰে। জনশ্ৰুতি অনুসৰি এই খেলৰ তাৎপৰ্য এয়ে যে ৰামায়ণত ৰাম-সীতা আৰু লক্ষ্মণক ৰথত তুলি বনবাসৰ কাৰণে বিদায় দিবলগা হৈছিল। সেয়েহে ঝুলনাৰ ওপৰত থিয় হৈ বা বহি প্ৰজাসকলে ৰাম, সীতা আৰু লক্ষণক বিদায় দিবলগা হৈছিল। এই লিংগে পিং খেলৰ ব্যৱহাৰিক উপযোগিতা এনেদৰেও ব্যাখ্যা কৰিব পাৰি। অধিক পৰিমাণে গধুৰ আহাৰ (যেনে মাছ-মাংস, পক্ব, চুকুতি, দৈ চিৰা আদি) গ্ৰহণ কৰাৰ কাৰণে শৰীৰে তাক হজম কৰিব নোৱৰা হয়। সেয়েহে লিংগে পিঙত উঠি দুবাৰমান জোৰেৰে পিং খেলিলে সকলো খাদ্য হজম হয় বুলি কোৱা হয়। [3] আন আন হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ দশমীৰ দিনাখনেই পূজা শেষ হয়, কিন্তু গোৰ্খাসকলৰ মুখ্য পূজা-পাৰ্বণ তেতিয়াৰ পৰাহে আৰম্ভ হয়। বিজয়া দশমীৰ পৰা পাঁচদিনলৈ অৰ্থাৎ পূৰ্ণিমালৈ এই দঁশেই পৰ্ব চলে। দশমী তিথিৰ প্ৰাতকাল (টিকাৰ কাৰণে ধাৰ্য কৰা মাংগলিক মুহূৰ্ত)ৰ পৰাহে গোৰ্খা জনগোষ্ঠীয়ে মূল উৎসৱ পূৰ্ণ ৰূপত পালন কৰিবলৈ আৰম্ভ কৰে। দশমীৰ দিনা মাংগলিক মুহূৰ্তত পৰিয়ালৰ ঘাইঘৰৰ মূল দ্বাৰৰ ওপৰত গোবৰৰ সৰু মুদ্ৰাকৃতিৰ পিণ্ডত ‘অক্ষতা’ (চাউলত ৰঙা ৰং আৰু গৰুৰ দৈ দি তৈয়াৰ কৰা), জমৰা আৰু এটা মুদ্ৰা লেপি দি টিকাৰ শুভাৰম্ভ কৰে। এই প্ৰথম টিকো (ফোট)টো ভাৰতীয় গোৰ্খাসকলে ৰাষ্ট্ৰপতিৰ কপালত আঁকি দিয়া বুলি ধৰি লৈ পাছৰ পৰ্যায়ত পৰিয়ালৰ সদস্যসকলক একাদিক্ৰমে জ্যেষ্ঠতাৰ ভিত্তিত আৰু সন্তান, অনুজ তথা সম্বন্ধীয় লোকক বিজয়া দশমীৰ টিকো প্ৰদান কৰে, পিতৃ-মাতৃ বা ঘৰৰ জ্যেষ্ঠজনে। টিকো কপালত লগাই দিয়াৰ সময়ত পুৰুষসকলক এনেদৰে আশীৰ্বাদ দিয়ে জ্যেষ্ঠজনে।
“আয়ু দ্ৰোণ সুতে, শ্ৰীঅন্ত দশৰথে শত্ৰু স্বয়ং ৰাঘৱে
ঐশ্বৰ্য নহুতে গতিস্থ পৱনে মানন্তো দুৰ্যোধনে
দানং সূৰ্য সুতোসবলং হলধৰে সত্যন্ত কুন্তী সুতে
বিজ্ঞানং বিদূৰে ভৱ ভৱতাম কৃতস্থ নাৰায়ণে”
মহিলাসকলক দিয়া আশীৰ্বাদ
“জয়ন্তী মংগলাকালী ভদ্ৰকালী কপালিনী
দুৰ্গাক্ষমা শিৱধাত্ৰী স্বাহাসোধা নমস্তোতে
জয় সৰ্বৰ্গতে দেৱী কালৰাত্ৰি নমস্তুতে”
জয় ত্বম দেৱী চামুণ্ডে জয় ভূতাৰ্থী হাৰিণী
এনেদৰে আশীৰ্বাদ দিয়াৰ পাছত কাণত যমৰা গুজি দিয়া হয় আৰু কোৱা হয়—যাতে খোজ কাঢ়োতে উজুটি নাখাওক, গা ধুওঁতে চুলি নসৰক, তোমাক সকলোৱে মানি চলক, আনক দিয়াৰ পাছতো খাবলৈ আটক, কেতিয়াও খুজি খাবলগা নহওক, দুৰ্গা দেৱীৰ আশীৰ্বাদত কল্যাণেই কল্যাণ হওক বুলি ব্যক্ত কৰে। কিছুমানে আকৌ এইদৰেও কয়— এশ বছৰ আয়ুস হওক, বংশ গজালি কলপুলিৰ দৰে হওক, দূবৰি বন ঠন ধৰি উঠাৰ দৰে স্বাস্থ্য হওক, মনৰ ইচ্ছা আৰু অভিলাষা পূৰণ হওক, শত্ৰুৰ ওপৰত জয়লাভ হওক ইত্যাদি। টিকো গ্ৰহণ কৰাৰ পাছত পুত্ৰহঁতে পিতৃ-মাতৃৰ ভৰিত ধৰি সেৱা কৰে আৰু নতুন কাপোৰ অৰিহণা আদি প্ৰদান কৰে জ্যেষ্ঠজনক। বংশ-পৰিয়ালক টিকো লগাই দিয়াৰ পাছত জী-জোঁৱাই, নাতি-নাতিনীক টিকো লগাই দিয়া হয়। জী-জোঁৱাইক লক্ষ্মী নাৰায়ণৰূপে গণ্য কৰি টিকোৰ পাছত পিতৃয়ে জী-জোঁৱাই উভয়েৰে আৰু মাতৃয়ে অকল জীয়ৰীৰ ভৰিত ধৰি সেৱা কৰে আৰু অৰিহণা আদিও প্ৰদান কৰে। শাহু আইতাই জোঁৱায়েকক হাতযোৰ কৰি নমস্কাৰ কৰিলেই হয়। ভাগিন-ভাগিনীহঁতকো টিকো লগাই সেৱা কৰি অৰিহণা আদি দিয়া হয়। তাৰ পাছত সকলোৰে বহি একেলগে খাদ্য গ্ৰহণ কৰে। দূৰ-দূৰণিত থকা মিতিৰ কুটুম্বইতে পূৰ্ণিমালৈকে যিকোনো এদিন আহি টিকো গ্ৰহণ কৰিলেই হৈ যায়। নতুনকৈ বিয়া পতা জী-জোঁৱাই প্ৰথম বছৰ সচৰাচৰ দশমীৰ দিনাই টিকো গ্ৰহণ কৰিবলৈ শহুৰৰ ঘৰলৈ যোৱা দেখা যায়। পূৰ্ণিমা তিথিৰ দিনা ৰাতিপুৱা পুনৰ ঘৰৰ সকলো সদস্যকে বিদায় টিকো সৰুকৈ লগাই দিয়াৰ নিয়ম আছে। কাতি মাহৰ পূৰ্ণিমা তিথিক গোৰ্খাসকলে জাহিত্ৰ পূৰ্ণিমা বা কোল জাগ্ৰিত (অৰ্থাৎ উজাগৰে থকা পূৰ্ণিমা ৰজনী) বুলি কয়। এই পূৰ্ণিমাৰ দিনটোত পূজা-পাতল আৰু ধৰ্মগ্ৰন্থ পাঠ কৰি গোটেই ৰাতি উজাগৰে থাকি পালন কৰে। অৱশেষত অত ধুমধামেৰে পালন কৰা গোৰ্খা জনগোষ্ঠীৰ অতি আদৰৰ এই দৃশেই উৎসৱটিক পূৰ্ণিমাৰ পাছদিনা পুৱাৰ পৰা বিদায় দিয়া হয় এবছৰৰ কাৰণে। [4]