সংস্থাটো স্থাপন হোৱাৰ আগেয়ে দক্ষিণ এচিয়াৰ সহযোগিতা সম্পৰ্কে কমেও তিনিখন বৈঠক অনুষ্ঠিত হৈছিল: ১৯৪৭ চনৰ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত এচিয়ান ৰিলেচন্স কনফাৰেঞ্চ, ১৯৫০ চনৰ মে’ত ফিলিপাইনচত অনুষ্ঠিত বেগিঅ’ কনফাৰেঞ্চ আৰু ১৯৫৪ চনৰ এপ্ৰিলত শ্ৰীলংকাত অনুষ্ঠিত কল’ম্বো পাৱাৰছ কনফাৰেঞ্চ।[10]
৭০-ৰ দশকৰ শেষৰফালে ভাৰতকে ধৰি সাতোখন দেশে বন্ধুত্ব, বিশ্বাস আৰু বুজাবুজিৰ মাজেৰে নিজা কাম-কাজসমূহ চলাই নিবৰ বাবে দক্ষিণ এচিয়াত এক বাণিজ্য খণ্ড গঠন কৰিবলৈ একমত হয়।[6] ১৯৭৭ চনৰ ডিচেম্বৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান ভাৰতলৈ আহোঁতে সেই সময়ৰ ৰাষ্ট্ৰপতি মোৰাৰজী দেশাইৰ সৈতে আঞ্চলিক সহযোগিতা সম্পৰ্কে আলোচনাত মিলিত হয়। আনহাতে সেই বছৰতে নেপালৰ ৰজা বীৰেন্দ্ৰই কল’ম্বো প্লেন কনচাল্টেটিভ কমিটিৰ উদ্বোধনী ভাষণত দক্ষিণ এচিয়াৰ দেশসমূহক নদীৰ পানীৰ সমন্বিত ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান কৰে।[11]
১৯৭৯ চনত বাণিজ্য খণ্ডটোৰ প্ৰতিষ্ঠাৰ কামে অগ্ৰগতি লাভ কৰে আৰু ১৯৮১ চনৰ এপ্ৰিলত সাতোখন দেশৰ বৈদেশিক মন্ত্ৰীসকল কল’ম্বোত এক বৈঠকত মিলিত হয়।[11] প্ৰথমাৱস্থাত প্ৰস্তাৱটোত ভাৰত আৰু পাকিস্তান সন্মত হোৱা নাছিল। কিয়নো ভাৰতৰ ধাৰণা আছিল যে এই আঞ্চলিক সংস্থাটোৰ যোগেদি চুবুৰীয়া দেশসমূহে দ্বিপাক্ষিক বিষয়সমূহ মজিয়ালৈ আনি ভাৰতৰ বিপক্ষে একগোট হোৱাৰ সুযোগ পাব। আনহাতে পাকিস্তানে ভাবিছিল যে এই সমগ্ৰ ধাৰণাটো দক্ষিণ এচিয়াৰ দেশসমূহক পাকিস্তানৰ বিপক্ষে একগোট কৰা আৰু ভাৰতীয় সামগ্ৰীসমূহৰ বাবে এখন আঞ্চলিক বজাৰ নিশ্চিত কৰি অঞ্চলটোত ভাৰতীয় আধিপত্য বিস্তাৰ কৰাৰ বাবে দেশখনৰ এক সুপৰিকল্পিত আঁচনি।[11] অৱশ্যে পিছলৈ দুয়োখন দেশ সহমতত উপনীত হয়।
সেই বৰ্ষতে ছেপ্টেম্বৰত কল’ম্বোত পুনৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু সাতোখন দেশৰ বৈদেশিক সচিব মিলিত হৈ আঞ্চলিক সহযোগিতাৰ পাঁচটা মূল বিষয় চিনাক্ত কৰে। ইয়াৰ পিছৰ বছৰতে নতুন বিষয় কিছুমান সন্নিৱিষ্ট কৰা হয়।[12]
১৯৮৩ চনত সেই সময়ৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ উদ্যোগত নতুন দিল্লীত হোৱা কনফাৰেঞ্চত সাতোখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে পাঁচটা প্ৰধান বিষয় ক্ৰমে কৃষি, গ্ৰামীণ বিকাশ, দূৰসংযোগ, পাৰিপাৰ্শ্বিক অধ্যয়ন আৰু স্বাস্থ্য আৰু জনসংখ্যা সন্দৰ্ভত দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাৰ আনুষ্ঠানিক ঘোষণাপত্ৰ জাৰী কৰে। [13]
আনুষ্ঠানিকভাৱে ১৯৮৫ চনত কাঠমাণ্ডুত মুখ্য কাৰ্যালয় পাতি ঢাকাত সংস্থাটো স্থাপন কৰা হয়।[14] ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ৭-৮ ডিচেম্বৰত ঢাকাত অনুষ্ঠিত হয়।[7]
ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে ভাৰত, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা আৰু মালদ্বীপ।[15]
পূৰ্বতে ৭খন ৰাষ্ট্ৰৰে গঠিত ছাৰ্কৰ সদস্য পদৰ বাবে আফগানিস্তানে ২০০৫ চনত আবেদন পত্ৰ দাখিল কৰে।[16][17] দেশখনে ছাৰ্কত যোগ দিয়াক লৈ সদস্য ৰাষ্ট্ৰকেইখনত বিভিন্ন বাদ-বিবাদৰ সৃষ্টি হয়। আফগানিস্তান যিহেতু মধ্য এচিয়াৰহে অন্তৰ্গত গতিকে ছাৰ্কৰ নিজা পৰিচয়ক লৈ প্ৰশ্ন উথাপিত হয়।[18]
সদস্য ৰাষ্ট্ৰকেইখনে আফগানিস্তানত সাধাৰণ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এক সময়সীমা বান্ধি দিয়ে আৰু সেইমতে ২০০৫ চনৰ শেষভাগলৈ নিৰ্বাচন অনুষ্ঠিত হয়।[18] নানা ভিতৰুৱা বিতৰ্কৰ মাজতে ২০০৭ চনৰ এপ্ৰিল মাহত দেশখনে অষ্টম সদস্য হিচাপে ছাৰ্কত যোগদান কৰে।[18][19]
দক্ষিণ এচিয় মুক্ত বাণিজ্য অঞ্চল বা চমুকৈ ছাফটাক (SAFTA) ছাৰ্ক ৰাষ্ট্ৰসমূহক এক অৰ্থনৈতিক সংঘ (Economic Union) হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ ৰূপে গণ্য কৰা হৈছিল। ২০০৪ চনৰ ৬ জানুৱাৰীত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত দ্বাদশ ছাৰ্ক শীৰ্ষ সন্মিলনত ছাফটা চুক্তি স্বাক্ষৰিত হয়। ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা এই চুক্তি কাৰ্যকৰী হয় আৰু ১ জুলাইৰ পৰা মুক্ত বাণিজ্য কাৰ্যক্ৰমৰ আৰম্ভণি কৰা হয়। এই চুক্তিৰ মতে ছাৰ্ক্ৰ সদস্যসমূহে ২০০৯ চনলৈ নিজৰ শুল্কসমূহ ২০% লৈ হ্ৰাস কৰিবলৈ থিৰাং কৰে। এই চুক্তি কাৰ্যকৰী হোৱাৰ ঠিক পিছতেই সদস্য ৰাষ্ট্ৰসমূহৰ বাণিজ্য মন্ত্ৰীসকলক লৈ ছাফটা মন্ত্ৰী সদন (SAFTA Ministerial Council) গঠন কৰা হয়।[31]