দক্ষিণ চীন সাগৰ (South China Sea) | |
---|---|
দক্ষিণ চীন সাগৰৰ চেটেলাইট ছবি | |
দক্ষিণ চীন সাগৰৰ উত্তৰ-পূব ভাগ | |
প্ৰকাৰ | সাগৰ |
অংশ | প্ৰশান্ত মহাসাগৰ |
নদী উৎস | |
অৱবাহিকা দেশ | |
কালি | ৩৫,০০,০০০ বৰ্গ কি.মি. (3.5×1012 বৰ্গ মিটাৰ) |
Islands | List of islands in the South China Sea |
Trenches | |
Settlements | Major cities
|
দক্ষিণ চীন সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এক সীমান্তীয় সাগৰ। ই কাৰিমাটা আৰু মালাক্কা ষ্ট্ৰেইটৰপৰা টাইৱান ষ্ট্ৰেইটলৈকে সামৰে। এই সাগৰে ৩৫,০০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰে। দক্ষিণ চীন সাগৰৰ প্ৰবল কৌশলগত মহত্ত্ব থকাৰ কথা স্বীকাৰ কৰা হয়- বিশ্বৰ এক তৃতীয়াংশ বাণিজ্যিক সামগ্ৰী এই অঞ্চলেৰে কঢ়িওৱা হয়,[1] এই সাগৰৰ বৃহৎ মৎস্য ভাণ্ডাৰ দক্ষিণ-পূব এছিয়াৰ লক্ষ-লক্ষ লোকৰ খাদ্য-সুৰক্ষাৰ বাবে প্ৰায় অপৰিহাৰ্য আৰু অনেকৰ মতে সাগৰৰ তলিত পাব পৰা যায় বৃহৎ পৰিমাণৰ তেল আৰু গেছ।[2]
ইণ্টাৰ্ণেচনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্বনৰ লিমিট্ছ অৱ অচেন্স, ৩য় সংস্কৰণ (১৯৫৩)ৰ মতে, দক্ষিণ চীন সাগৰৰ অৱস্থিতি:[3]
পিচে, অনুমোদিত নোহোৱা ৪ৰ্থ সংস্কৰণ (১৯৮৬)ত[4] আই এইচ অ'ৱে নাটুনা সাগৰৰ প্ৰস্তাৱ ৰাখিছিল- দক্ষিণ চীন সাগৰৰ দক্ষিণ সীমা উত্তৰলৈ অনাৰ কথা প্ৰস্তাৱ কৰা হৈছিল, বাংকা বেলিটুং দ্বীপপুঞ্জৰ উত্তৰৰপৰা
দক্ষিণ চীন সাগৰত শ-শ ক্ষুদ্ৰাকাৰ দ্বীপ আছে। এই দ্বীপসমূহৰ প্ৰায় সকলোতে কোনোৱেই বাস নকৰে। পিচে দ্বীপসমূহৰ ওপৰত কোন দেশৰ প্ৰভুত্ব, এই কথাত কেইবাখনো দেশৰ মত পৃথক। কেইবাখনো দেশে এই দ্বীপসমূহক বা দ্বীপসমূহৰ কেইবাখনকো নিজৰ অংগ হিচাপে দাবী কৰে। গণপ্ৰজাতন্ত্ৰী চীন আৰু চীন গণৰাজ্য- উভয়েই প্ৰায় সকলো দ্বীপৰ ওপৰত নিজৰ প্ৰভুত্ব দাবী কৰে। তদুপৰি ইণ্ডোনেচিয়া, ফিলিপাইন, ভিয়েটনাম, ব্ৰুণেই, মালয়েছিয়া, কম্বোডিয়া, চিংগাপ'ৰ আদি দেশো বিভিন্ন ধৰণে জড়িত। ২০১৬ চনত এই অঞ্চলৰ ৰাজনতিক প্ৰভুত্বক লৈ ভালেমান ৰাজনৈতিক কাৰ্যকালাপ পৰিলক্ষিত হ'ল।[6][7][8][9][10]
|title=
specified when using {{Cite web}}".