দময়ন্তী যোশী | |
---|---|
জন্ম | ৫ ছেপ্টেম্বৰ, ১৯২৮ মুম্বাই, ভাৰত |
মৃত্যু | ১৯ ছেপ্টেম্বৰ, ২০০৪ (৭৬ বছৰ) মুম্বাই, ভাৰত |
পেচা | নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য প্ৰশিক্ষক |
নৃত্য | কথক |
দময়ন্তী যোশী (ইংৰাজী: Damayanti Joshi; ৫ ছেপ্টেম্বৰ, ১৯২৮ – ১৯ ছেপ্টেম্বৰ, ২০০৪)[1] হ'ল কথক নৃত্য শৈলীৰ এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।[2]১৯৩০ চনত তেওঁ মাডাম মেনকাৰ দলত নাচিবলৈ আৰম্ভ কৰে, দলটোৱে বিশ্বৰ বিভিন্ন ঠাইত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। জয়পুৰ ঘৰানাৰ সীতাৰাম প্ৰসাদৰপৰা তেওঁ কথক শিকিছিল আৰু খুব কম বয়সতে এগৰাকী দক্ষ নৃত্যশিল্পী ৰূপে নিজৰ পৰিচয় দিছিল। পিছত তেওঁ লক্ষ্ণৌ ঘৰানাৰ শম্ভু মহাৰাজ, লচ্চু মহাৰাজ আৰু অচ্চন মহাৰাজৰ অধীনত প্ৰশিক্ষণ লয়, এইদৰে দুয়ো ঘৰানাৰে সূক্ষ্ম কথাবোৰ তেওঁ আহৰণ কৰিছিল। ১৯৫০ চনৰপৰা তেওঁ স্বাধীনভাৱে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৬০ চনত তেওঁ মুম্বাইত এখন নৃত্য বিদ্যালয় স্থাপন কৰি নাচ শিকাবলৈ লয়, কিন্তু তাৰ আগেয়েই প্ৰতিষ্ঠিত শিল্পীৰূপে তেওঁ খ্যাতি অৰ্জন কৰিছিল।[3][4][5]
১৯৭০ চনত তেওঁ পদ্মশ্ৰী বঁটা আৰু ১৯৬৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। তেওঁ লক্ষ্ণৌত থকা ইউ পি কথক কেন্দ্ৰৰ অধ্যক্ষ আছিল।[6]
মুম্বাইৰ এটি হিন্দু পৰিয়ালত ১৯২৮ চনত দময়ন্তী যোশীৰ জন্ম হৈছিল[7] আৰু তেওঁ ডাঙৰ-দীঘল হৈছিল জেনেৰেল ড॰ চাহিব সিং চোখে আৰু তেওঁৰ পত্নী লীলা চোখেৰ ঘৰত, যি 'মেডাম মেনকা' নামেৰে পৰিচিত আছিল।[8]মেনকাই নিজৰ সন্তানক হেৰুৱাইছিল আৰু দময়ন্তীক তুলি লোৱাৰ সিদ্ধান্ত লৈছিল। যোশীৰ মাক ৱট্সলা যোশীয়ে জীয়েকক এৰি দিবলৈ অমান্তি হৈছিল; সেয়ে দুয়ো সহমত হৈ দময়ন্তীৰ অভিভাৱক হৈছিল।[9]মেনকাৰ দলত তেওঁ পণ্ডিত সীতাৰাম প্ৰসাদৰপৰা কথক শিকে। ১০ বছৰৰ পাছত, ১৫ বছৰ বয়সত তেওঁ ইউৰোপৰ প্ৰধান মহানগৰবোৰত নৃত্য প্ৰদৰ্শন কৰে। চোখে পৰিয়ালে দময়ন্তীৰ মাকক চাকৰিত মকৰল কৰে আৰু দময়ন্তীয়ে যথাযথ শিক্ষা লাভ কৰে।[6][10][9]তেওঁৰ সমসাময়িকসকলৰ ভিতৰত মেডাম মেনকাৰ দলত 'চিৰিণ ৱাজিফদাৰ' আছিল, যি পাৰ্চী সম্প্ৰদায়ৰ এগৰাকী অগ্ৰণী ধ্ৰুপদী নৃত্য পটিয়সী আছিল। [11]
মুম্বাইৰ 'শ্ৰী ৰাজৰাজেশ্বৰী ভাৰত নাট্য কলা মন্দিৰ'ৰ তেওঁ প্ৰথম ছাত্ৰ আছিল, য'ত তেওঁ গুৰু টি কে মহালিংগম পিল্লাইৰপৰা ভাৰত নাট্যম শিকিছিল। [12]
লক্ষ্ণৌ ঘৰানাৰ পণ্ডিত অচ্চন মহাৰাজ, লচ্চু মহাৰাজ, শম্ভু মহাৰাজ আৰু জয়পুৰ ঘৰানাৰ গুৰু হীৰালালৰ ওচৰত প্ৰশিক্ষণ লৈ ১৯৫০ চনৰ মধ্যভাগত দময়ন্তীয়ে নিজকে সফল একক কথক নৃত্য শিল্পী ৰূপে প্ৰতিষ্ঠা কৰে। দিল্লীৰ কথক কেন্দ্ৰত তেওঁ শম্ভু মহাৰাজৰ ওচৰত প্ৰশিক্ষণ লৈছিল।[13] কথক নৃত্যত শাড়ীক পোচাক ৰূপে ব্যৱহাৰ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী।
ইন্দিৰা কলা বিশ্ববিদ্যালয়, খৈৰাগড় আৰু লক্ষ্ণৌৰ কথক কেন্দ্ৰত তেওঁ কথক শিকাইছিল। তেওঁক সংগীত নাটক একাডেমী (১৯৬৮) আৰু পদ্মশ্ৰী (১৯৭০) সন্মানেৰে সন্মানিত কৰা হয়।[14] তেওঁ বীৰেশ্বৰ গৌতমৰো গুৰু আছিল।
ভাৰত চৰকাৰৰ চলচ্চিত্ৰ বিভাগে কথকৰ ওপৰত ১৯৭১ চনত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰত তেওঁক দেখুওৱা হৈছিল। ১৯৭৩ চনত 'দময়ন্তী যোশী' নামৰ এখন চিনেমা নিৰ্মাণ কৰা হৈছিল, যিখন হুকুমত চৰিণে পৰিচালনা কৰিছিল।
এটা 'ষ্ট্ৰক' হোৱাৰ এবছৰৰ পাছত ২০০৪ চনৰ ১৯ ছেপ্টেম্বৰত মুম্বাইৰ দাদৰৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।[9]