দয়ানন্দ সৰস্বতী | |
---|---|
ব্যক্তিগত | |
জন্ম | মূল শংকৰ তিৱাৰী[1] ১২ ফেব্ৰুৱাৰী, ১৮২৪ |
মৃত্যু | ৩০ অক্টোবৰ, ১৮৮৩ (৫৯ বছৰ)[2] আজমেৰ, আজমেৰ-মেৰৱাৰা, ব্ৰিটিছ ৰাজ, (বৰ্তমানৰ ৰাজস্থান), ভাৰত |
ধৰ্ম | হিন্দু ধৰ্ম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
প্ৰতিষ্ঠাতা | আৰ্য সমাজ |
দৰ্শন | বৈদিক |
ধৰ্মীয় জীৱনকাল | |
গুৰু | বিৰজানন্দ দানদিসা |
প্ৰভাৱিত কৰে
| |
সাহিত্যিক কৰ্ম | সত্যাৰ্থ প্ৰকাশ (১৮৭৫)
ঋগবেদদিৱসভূমিকা ব্যৱহাৰভানু |
প্ৰতিটো ধৰ্মৰে অনুগামীসকলৰ মাজত তৰ্কাতীতভাৱে অনেক শিক্ষিত লোক আছে। তেওঁলোকে প্ৰচলিত বিশ্বাসৰ পৰা নিজকে পৃথক কৰিব লাগে আৰু সৰ্বজনীন সত্যক আঁকোৱালি ল'ব লাগে। যিবোৰ সত্য সকলো ধৰ্মতে বিদ্যমান আৰু যিবোৰ সত্যৰ সৰ্বজনীন প্ৰয়োগ সম্ভৱ। ধৰ্মৰ মাজত বৈসাদৃশ্য থকা বস্তুবোৰ ত্যাগ কৰিব লাগে আৰু পাৰস্পৰিক সৌহাদ্য বৰ্তাই ৰাখিব লাগিব। পৃথিৱীৰ বাবেই সেইটোৱেই সুবিধাজনক কথা হ'ব।
দয়ানন্দ সৰস্বতী (ইংৰাজী: Dayananda Saraswati; ১২ ফেব্ৰুৱাৰী ১৮২৪ – ৩০ অক্টোবৰ ১৮৮৩) আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা। ১৮৭৬ চনত লোকমান্য বাল গঙ্গাধৰ তিলকৰ নেতৃত্বত হোৱা "ভাৰতীয়ৰ বাবে ভাৰত" শীৰ্ষক আহ্বান জনোৱা তেখেত আছিল প্ৰথম ভাৰতীয়।[3][4] মূৰ্তিপূজা আৰু পৰম্পৰাগত ৰীতি-নীতি পৰিহাৰ কৰি দয়ানন্দ সৰস্বতীয়ে বৈদিক বিচাৰধাৰা পুনৰুত্থান কৰিবলৈ প্ৰয়াস কৰিছিল। ভাৰতৰ দাৰ্শনিক, ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে শ্ৰী অৰবিন্দৰ দৰে তেখেতকো "ভাৰতৰ এগৰাকী নিৰ্মাতা" আখ্যা দিছিল।[5][6][7]
১৮২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল এটা হিন্দু পৰিয়ালত৷ [8] জন্মস্থান আছিল গুজৰাট ৰাজ্যৰ কাথিৱাড় প্ৰদেশৰ জিৱাপুৰ (টাংকাৰা)ত৷[9][10] তেখেতৰ প্ৰকৃত নাম আছিল মূল শংকৰ তিৱাৰী৷ কাৰণ তেখেতৰ জন্ম হৈছিল ধনু ৰাশি আৰু মূল নক্ষত্ৰত৷ দয়ানন্দ সৰস্বতীৰ পিতৃ কাৰষানজী লালকজী কাপাড়ী আৰু মাতৃ যশোদাবাই৷
আঠ বছৰ বয়সত দয়ানন্দ সৰস্বতীৰ উপনয়ন সম্পন্ন হয়৷ এনেকৈয়ে তেখেতক আনুষ্ঠানিক শিক্ষালৈ বাট মোকলাই দিয়া হয়৷ তেখেতৰ পিতৃ আছিল শিৱৰ অনুগামী৷ সেইবাবে তেখেতে দয়ানন্দ সৰস্বতীক শিৱক সন্তুষ্ট কৰাৰ পথসমূহ দেখুৱাই দিছিল৷ ইয়াৰ লগতে তেখেতক উপবাস ৰাখিবলৈও শিকোৱা হৈছিল৷ শিৱৰাত্ৰিৰ গোটেই নিশা দয়ানন্দ উজাগৰে থাকি শিৱৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল৷ এবাৰ এটা উপবাসৰ মুহূৰ্তত দয়ানন্দই নিগনি এটাক শিৱৰ মূৰ্তিটোৰ ওপৰেৰে দৌৰি যোৱা দেখিছিল৷ ঘটনাটো দেখি দয়ানন্দই প্ৰশ্ন কৰিলে যে- এটা নিগনিৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰা শিৱ কিদৰে জগতৰ ত্ৰাণকৰ্তা হ'ব পাৰে৷ [11]
নিজৰ কনিষ্ঠ ভগ্নী আৰু খুড়ায়েক কলেৰা ৰোগত মৃত্যু হোৱা দেখি দয়ানন্দৰ মনলৈ জীৱন আৰু মৃত্যু সম্পৰ্কীয় চিন্তা কিছুমান আহিল৷ তেওঁ সোধা প্ৰশ্নবোৰে পিতৃ-মাতৃক দুশ্চিন্তাত পেলালে৷ কৈশোৰকালৰ আৰম্ভণিৰ সময়ছোৱাতে দয়ানন্দ সৰস্বতীয়ে বৈবাহিক-বান্ধোনত নুসুমুৱাৰ সিদ্ধান্ত ল'লে আৰু ১৮৪৬ চনত ঘৰৰ পৰা পলায়ন কৰিলে৷[12][13]
১৮৪৫ চনৰ পৰা ১৮৬৯ চনলৈকে প্ৰায় পঁচিশটা বছৰ দয়ানন্দ সৰস্বতীয়ে ভ্ৰমণকাৰী তপস্বীৰ জীৱন কটালে আৰু ধৰ্মীয় সত্যৰ অনুসন্ধান কৰিলে৷ তেখেতে বস্তুবাদী জীৱন সম্পূৰ্ণভাৱে ত্যাগ কৰিলে আৰু আত্মত্যাগৰ ভাৱনাৰে জীৱন অতিবাহিত কৰিলে৷ হিমালয়ৰ পৰ্বতমালাকে ধৰি অৰণ্য আৰু উত্তৰ ভাৰতৰ অনেক তীৰ্থস্থল পৰিভ্ৰমণ কৰিলে৷ এইছোৱা সময়ত দয়ানন্দ সৰস্বতীয়ে যোগৰ বিভিন্ন প্ৰকাৰ অনুশীলন কৰিলে আৰু বীৰজানন্দ দান্দিসা নামৰ ধৰ্মগুৰু এজনৰ শিষ্যত্ব গ্ৰহণ কৰিলে৷ বীৰজানন্দই বিশ্বাস কৰিছিল যে হিন্দুত্ববাদ ইয়াৰ ঐতিহাসিক মূলটোৰ পৰা আঁতৰি আহিছে আৰু ইয়াৰ অনেক আচাৰ কলুষিত হৈ পৰিছে৷ বেদক হিন্দু ধৰ্মৰ সঠিক স্থানত প্ৰতিষ্ঠা কৰিবলৈ দয়ানন্দ সৰস্বতীয়ে সমগ্ৰ জীৱন উচৰ্গা কৰিব বুলি গুৰুৰ ওচৰত প্ৰতিজ্ঞা কৰিলে৷ [14]
১৮৭৫ চনত দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ নামৰ সামাজিক-সাংস্কৃতিক সংগঠন এটা প্ৰতিষ্ঠা কৰে, যাৰ লক্ষ্য আছিল বৈদিক নীতিক প্ৰসাৰিত কৰা আৰু হিন্দু ধৰ্মক তেওঁৰ অৱনতি ঘটা অৱস্থাৰ পৰা পুনৰুজ্জীৱিত কৰা। আৰ্য সমাজে এক সত্য ঈশ্বৰৰ পূজাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু মূৰ্তি পূজা, জাতি বৈষম্য, অন্ধবিশ্বাসক অগ্ৰাহ্য কৰিছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামত এই সংগঠনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতীয় সমাজৰ নৱজাগৰণত অৰিহণা যোগাইছিল।
স্বামী দয়ানন্দ সৰস্বতীয়ে ১৮৭৫ চনত বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ 'সত্যৰ্থ প্ৰকাশ' নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।