দাঁত বিজলা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
গণ: | Dalbergia |
প্ৰজাতি: | stipulacea |
সমাৰ্থক | |
Dalbergia stipulaceae Fern.-Vill. |
দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ। অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়।
'Catalogue of Life' ৰ তালিকা অনুসৰি এই উদ্ভিদৰ তিনিটা উপপ্ৰজাতি দেখা পোৱা যায়।[1]
দাঁত বিজলা মুকলিমুৰীয়া ঠাইত বিকশিত হয়। একোজোপা গছে ঠাল-ঠেঙুলি মেলি মেলাহি ৰূপ প্ৰদৰ্শন কৰে।[2]
দাঁত বিজলা কাঠৰ মান মধ্যমীয়া। পুৰঠ কাঠ ঘৰ সজা আৰু চকি, মেজ আদি প্ৰস্তুত কৰা কামত এই কাঠ ব্যৱহাৰ কৰিব পাৰি। পাহাৰী নদীৰ মাছ মাৰিবৰ বাবেে এইবিধ গছৰ শিপা পূৰ্বতে বিহ হিচাপে ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান মাছ ধৰিবলৈ বিহ প্ৰয়োগ আইনমতে দণ্ডণীয়।[2]