দালাই লামা (ইংৰাজী: Dalai Lama) তিব্বতৰ বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডেগ-লুগছ-পাৰ (Dge-Lugs-Pa) মুখ্য ব্যক্তি। অতি প্ৰভাৱশালী এই সম্প্ৰদায়টোৰ নেতা হিচাপে দালাই লামাও যথেষ্ট ক্ষমতাসম্পন্ন আছিল। ১৯৫৯ চনলৈকে দালাই লামা আছিল তিব্বতীসকলৰ প্ৰধান শাসনকৰ্তা আৰু ধৰ্মযাজক।
বৌদ্ধশাস্ত্ৰৰ বিদগ্ধ পণ্ডিত ছং-খা-পাক (Tsong-Kha-Pa, ১৩৫৭-১৪১৯) এই সম্প্ৰদায়ৰ জন্মদাতা বুলি কোৱা হয়। ছং-খা-পাৰ কেইজনমান শ্ৰেষ্ঠ শিষ্যৰ সহযোগত ডেগ-লুগছ-পা সম্প্ৰদায়টো ক্ৰমাত্ আন সম্প্ৰদায়বোৰতকৈ অধিক শক্তিশালী হৈ উঠে। সেই সময়ত এই সম্প্ৰদায়টোৱে অন্যান্য সম্প্ৰদায়ৰ লগত যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল। সেয়েহে তেওঁলোকে এজন স্থায়ী নেতাৰ অভাৱ অনুভৱ কৰে। ১৫৪৬ চনত তেওঁলোকে ছদ-নাম-ৰিগ্যা-মাটশ্ব' (Bsod-Nam-Rgya-Mastsho) নামৰ তিনিবছৰীয়া শিশু এটিক 'জীৱিত বুদ্ধ' (Living Buddha) বুলি গ্ৰহণ কৰে আৰু তেওঁলোকৰ নেতা পাতে। এই সম্প্ৰদায়টোৰ ভিক্ষুসকলে নিজ স্বাৰ্থৰ বাবেই এই কাম কৰিছিল যদিও এনেকৈয়ে বুদ্ধৰ পুনৰাৱিৰ্ভাৱ হোৱাৰ কথাটো প্ৰচলিত হয়।
১৫৭৭ চনত মংগোলিয়াৰ টিউমেট উপজাতিৰ ৰজা অল-থানখানৰ (Al-Than Khan) আমন্ত্ৰণক্ৰমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব' সেই দেশলৈ যায়। তাত দুয়ো নেতাৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয়। ছদ-নাম-ৰিগ্যাৰ ধৰ্মতত্ত্ব সম্পৰ্কীয় বক্তব্যত সন্তুষ্ট হৈ মংগোলীয় ৰজাই তেওঁক দালাই লামা উপাধি প্ৰদান কৰে। 'দালাই' শব্দৰ অৰ্থ হ'ল- সাগৰ আৰু 'লামা' শব্দৰ অৰ্থ হ'ল- শ্ৰেষ্ঠ ব্যক্তি। শেষলৈ ইয়াৰ অৰ্থ হয়গৈ সৰ্বশক্তিমান আৰু উচ্চক্ষমতা সম্পন্ন ব্যক্তি।
পোনপ্ৰথমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব'লৈহে 'দালাই লামা' উপাধি আগবঢ়োৱা হৈছিল যদিও, সম্প্ৰদায়টোৰ বৌদ্ধ ভিক্ষুসকলে তেওঁৰ আগৰ আন দুজন ভিক্ষুকো এই উপাধি দিয়ে। অৱশ্যে তেতিয়ালৈ সেই ভিক্ষু দুজন জীয়াই থকা নাছিল। এই ভিক্ষু দুজনৰ প্ৰথমজন আছিল ছং-খা-পাৰ শিষ্য ডিগ-ডুন-গ্ৰাব-পা (Deg-Dun-Grab-Pa) আৰু আনজন আছিল ডিগ-ডুন-ৰিগ্যা-মাটশ্ব' (Deg-Dun-Rgya-Matcho)। ডিগ-ডুন-গ্ৰাব-পাকে (১৩৯১-১৪৭৫) প্ৰথম দালাই লামা বুলি কোৱা হয়। বুৰঞ্জীত এতিয়ালৈকে চৈধ্যজন দালাই লামাৰ নাম পোৱা গৈছে। চতুৰ্দশ তথা বৰ্তমানৰ দালাই লামা গৰাকীৰ নাম হ'ল বিষ্টেন-ডিজিন-ৰিগ্যা-মেটশ্বো (Bstan-Dzin-Rgya-Mtsho), সংক্ষেপে, টেনজিং গিয়াত্ ছো (Tenzing Gyatso), জন্মঃ ১৯৩৫ চন।