দাশদৰ্জিন নাটচাগডৰ্জ (ইংৰাজী: Dashdorjiin Natsagdorj) মংগোলীয়: Дашдоржийн Нацагдорж; (জন্ম ১৭ নৱেম্বৰ ১৯০৬ – মৃত্যু ১৩ জুলাই ১৯৩৭) আছিল এজন মংগোলীয় লেখক, কবি, নাট্যকাৰ আৰু সাংবাদিক। যদিও তেওঁ মাথোঁন ৩১ বছৰহে জীৱনকাল আছিল।[1]তেওঁক আধুনিক মংগোলীয় সাহিত্যৰ প্ৰতিষ্ঠাপক আৰু এগৰাকী ভাল লেখক, আৰু 'সমাজতান্ত্ৰিক বাস্তৱবাদ'ৰ প্ৰতিবেদক বুলি গণ্য কৰা হয়। তেওঁৰ আটাইতকৈ বিখ্যাত ৰচনাসমূহ হৈছে ১৯২১ চনৰ বিপ্লৱৰ বিষয়ে 'অপেৰা থ্ৰী হাৰ্টফুল হিলছ' (১৯৩৪),মংগোলীয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে 'মাই হোমলেণ্ড' (১৯৩৩) নামৰ বিখ্যাত কবিতাটো ৰচনা [2]আৰু চুটিগল্পও ৰচনা কৰিছিল। মংগোলিয়ান ৰাইটাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰথম সাধাৰণ সম্পাদক দাশদৰ্জিন নাটচাগডৰ্জ তেওঁৰ 'থ্ৰী চেড হিলছ' অপেৰা, 'মোৰ জন্মভূমি', 'ষ্টাৰ', 'অকটিয়াব্ৰ' কবিতা, আৰু 'পুৰণি সময়ৰ লৰা', 'নৱবৰ্ষ আৰু ক'লা চকুপানী', আৰু 'ব্লেক ৰক' আদি ৰচনাৰ বাবে জনাজাত।[3]নাটচাগডৰ্জে ১৯২০ ৰ দশকত মঙ্গোলিয়াত কেইবাটাও চৰকাৰী পদত অধিষ্ঠিত হৈছিল।
দাশদৰ্জিন নাটচাগডৰ্জে ১৯০৬ চনৰ ১৭ নৱেম্বৰত সেই সময়ৰ ডাৰ্খান জাচাগ তথা বৰ্তমানৰ তভ প্ৰদেশৰ বায়াণ্ডেলগাৰ জিলাত জন্ম হৈছিল। পিতৃ দাচিডৰ্জী এজন ক্ষুদ্ৰ সম্ভ্ৰান্ত লোক আছিল আৰু মাকৰ নাম আছিল পাগমাৰ। তেওঁৰ মাক সৰুকালতেই অৰ্থাৎ সাত বছৰ বয়সত মৃত্যুবৰণ কৰিছিল। নাটচাগডৰ্জক তেওঁৰ দেউতাকে পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল আৰু ন' বছৰ বয়সৰ পৰা দেউতাকৰ এজন সহকৰ্মীয়ে শিক্ষাদান কৰিছিল। ১৯১৭ চনৰ পৰা তেওঁ বগদ খানাতে চৰকাৰৰ যুদ্ধ মন্ত্ৰালয়ত লিপিকাৰ হিচাপে নিযুক্ত হৈছিল।[4][5]১৯২১ চনত নাটচাগডৰ্জে মংগোলীয় বিপ্লৱী যুৱ লীগত (এমআৰৱাইএল) যোগদান কৰে। ১৯২১ চনৰ বিপ্লৱৰ পিছত তেওঁ চুখবাটাৰ দামদিনৰ ব্যক্তিগত সচিব আছিল। ১৯২২ চনৰ এপ্ৰিলৰ পৰা মংগোলিয়ান পিপলছ ৰিভলিউচনৰী পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ (চিচি) সহায়ক আছিল। ১৯২৩ চনৰ পৰা ১৯২৫ চনলৈ তেওঁ ক্ৰমান্বয়ে চিচি, দলৰ সামৰিক আয়োগৰ সচিব আৰু বালিংগিয়েন চেৰেণ্ডোৰ্জৰ প্ৰিমিয়াৰশ্বিপৰ সময়ত কাৰ্যকৰী চৰকাৰী সম্পাদক আছিল। নাটচাগডৰ্জ ১৯২৩ চনৰ আগষ্টত চিচি অৰ্থাৎ কেন্দ্ৰীয় কমিটিৰ প্ৰেছিডিয়ামৰ সদস্য আৰু তাৰ পিছত ১৯২৪ চনৰ আগষ্টৰ পৰা ১৯২৫ চনৰ মাৰ্চ লৈকে এজন উপ সদস্য নিৰ্বাচিত হয়। তেওঁ ১৯২৩ চনত দলৰ দ্বিতীয় কংগ্ৰেছ আৰু ১৯২৪ চনত তৃতীয় কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল আৰু এই কংগ্ৰেছে মঙ্গোলিয়াৰ প্ৰথম সংবিধান গ্ৰহণ কৰিছিল। নাটচাগডৰ্জে এম.আৰ.ৱাই.এল.-ৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1925 চনত তেওঁ শিশু সংগঠন ইয়ং পাইওনিয়াৰৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। তেওঁ মংগোলীয় বিপ্লৱী যুৱ লীগ(এম.আৰ.ৱাই.এল.)ৰ বেইজিং অপেৰা-ষ্টাইল 'ছি জোজিগ' নাটকত অংশগ্ৰহণ কৰিছিল, আৰু আৰম্ভণি গীত লিখিছিল। সেই গীতটো আছিল'অগ্ৰগামীসকলৰ গান'। নাটচাগডৰ্জ মংগোলিয়ান পিপলছ আৰ্মি বাতৰি কাকত 'আৰ্ডিন চেৰেগ'ৰ সম্পাদকো আছিল।
১৯২৩ চনত তেওঁ দামদিনী পাগমাদুলামক বিয়া কৰায়। তেওঁৰ পত্নী দামদিনী পাগমাদুলামকাই ১৯২৪ চনত মংগোলিয়ান মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ ছোৱালী চেৰেণ্ডুলামৰ জন্ম হৈছিল ১৯২৩ চনত।[6][7]
১৯২৫ চনৰ শৰৎকালত ১৯ বছৰ বয়সত নাটচাগডৰ্জে প্ৰথমে লেনিনগ্ৰাডৰ সামৰিক-ৰাজনৈতিক একাডেমীত অধ্যয়ন কৰিবলৈ তেওঁৰ চৰকাৰী পদ ত্যাগ কৰে। ১৯২৬ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ আৰু তেওঁৰ পত্নীয়ে জাৰ্মানী আৰু ফ্ৰান্সত শিক্ষাৰ বাবে প্ৰেৰণ কৰা ৩৫জন মংগোলীয় যুৱকৰ এটা দলত যোগদান কৰে। নাটচাগডৰ্জে বাৰ্লিন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অধ্যয়ন কৰিছিল আৰু লিপজিগ বিশ্ববিদ্যালয়ত তেওঁ মঙ্গোলিষ্ট এৰিচ হেনিছৰ সৈতে অধ্যয়ন কৰিছিল। আৰু পত্নী পাগমাদুলামে লিপজিগ হায়াৰ স্কুল ফৰ ৱমেনত পঢ়িছিল। ১৯২৯ চনত মংগোলীয় চৰকাৰে ছোভিয়েট ইউনিয়নৰ বাহিৰত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীক মঙ্গোলিয়ালৈ ঘূৰি আহিবলৈ কোৱাত নাটচাগডৰ্জে ইনষ্টিটিউট অৱ স্ক্ৰিপ্ট এণ্ড পাণ্ডুলিপিৰ (পিছলৈ মংগোলীয় বিজ্ঞান একাডেমী) ইতিহাস বিভাগত গৱেষক হিচাপে কাম কৰে। ১৯৩০ চনত তেওঁ কাৰ্লমাৰ্ক্সৰ দাস কাপিটেলৰ প্ৰথম খণ্ডৰ অনুবাদত চিবেন ঝামতচাৰানোৰ সৈতে কাম কৰে, আৰু পিছলৈ তেওঁলোকে জাৰ্মান মূল বা অনুবাদৰ পৰা মংগোলিয়ানলৈ কেইবাখনো কিতাপ আৰু কাহিনী অনুবাদ কৰে, যাৰ ভিতৰত আছে মাৰ্কোপলোৰ ভ্ৰমণ, জাৰবাদী উপদেষ্টা ইভান কোৰোষ্টোভেটছৰ মংগোলীয় ইতিহাস, আৰু এডগাৰ এলান পোৰ চুটি গল্প "দ্য গোল্ড-গোল্ড"; তেওঁ আলেকজেণ্ডাৰ পুষ্কিনৰ কবিতা আৰু এণ্টন চেখভৰ কিছুমান ৰচনাও অনুবাদ কৰিছিল।
নাটচাগডৰ্জে সাহিত্যিক জীৱনত প্ৰধানকৈ লিখি থৈ গৈছিল কবিতা, চুটি গল্প আৰু নাটকসমূহ। আৰু তেওঁক 'সমাজতান্ত্ৰিক বাস্তৱবাদ' আৰু মঙ্গোলিয়াৰ 'সমাজতান্ত্ৰিক সময়ৰ প্ৰথম কালজয়ী প্ৰতিবেদক' হিচাপে বিবেচনা কৰা হয়। তেওঁৰ সৰ্বাধিক জনপ্ৰিয় ৰচনা হৈছে 'থ্ৰী হাৰ্টফুল হিলছ '(উচিৰটাই গুৰভান টলগোই; ১৯৩৪), ১৯২১ চনৰ বিপ্লৱৰ বিষয়ে লিখা তেওঁৰ এখন অপেৰা এতিয়াও জনপ্ৰিয় আৰু বৰ্তমানেও পৰিৱেশন কৰা হয়। তেওঁ লোককবিতা এটাত অত্যাচাৰী প্ৰভুৰ দ্বাৰা বিফল হোৱা যুৱ দম্পতীৰ প্ৰেমৰ উমৈহতীয়া বৈপ্লৱিক বিষয়বস্তু সুন্দৰকৈ ফুটাই তুলিছে। বিপ্লৱী আশাবাদৰ সৈতে সন্মত হ'বলৈ নাটচাগডৰ্জৰ মৃত্যুৰ পিছত ইয়াৰ কৰুণ সমাপ্তি পুনৰ লিখা হৈছিল। জাৰ্মানীত থকা সময়ৰ আগতে লিখা নাটচাগডৰ্জৰ কেৱল কেইটামান ৰচনাহে পোৱা গৈছে। তেওঁৰ 'মংগোলীয় প্ৰলেটাৰিয়ান পৰিয়ালৰ পুত্ৰ' (১৯২৪) নাটকখনে এটা বঁটা লাভ কৰিছিল। জাৰ্মানীত বাস কৰাৰ সময়ত তেওঁ কেইবাটাও কবিতা লিখিছিল, যাৰ ভিতৰত আছে 'ফ্ৰম উলান বাটৰ টু বাৰ্লিন'(১৯২৬) আৰু 'টু এ ডিষ্টেন্স কাণ্ট্ৰী ফৰ এডুকেচন' (১৯২৭)॥ তেওঁৰ প্ৰথম গদ্য স্কেচ্ছ, 'মে ডে ইন এ কেপিটালিষ্ট কাণ্ট্ৰী'ত জাৰ্মানীৰ শ্ৰমিক আন্দোলনৰ প্ৰশংসা আৰু বিপ্লৱী মঙ্গোলিয়াই একেই মনোভাৱ সংগ্ৰহ নকৰাৰ বাবে তেওঁৰ লাজ অনুভৱ প্ৰকাশ কৰিছিল। নাটচাগডৰ্জৰ 'হোৱাইট মুন এণ্ড ব্লেক টিয়ৰ্ছ' (১৯৩২) হৈছে বিপ্লৱৰ পিছত মংগোলীয় জীৱনৰ পৰিৱৰ্তনৰ কাহিনী।
১৯৩০ চনৰ পৰা দেশখনত স্থাপিত কমিউনিষ্ট চৰকাৰৰ সৈতে তেওঁৰ মতবিৰোধ হৈছিল। যাৰ ফলত ১৯৩২ চনত তেওঁ কেইমাহমানৰ বাবে কাৰাবাস খাটিছিল। ১৯৩৫ চনত কমিউনিষ্ট শাসনৰ ফলস্বৰূপে তেওঁৰ পত্নী আৰু জীয়েকক লেনিনগ্ৰাডলৈ পঠিয়াই দিছিল। দুবছৰৰ পিছত অৰ্থাৎ ১৯৩৭ চনৰ ১৩ জুনত নাৰ্ছাগডৰ্জে তেওঁলোকক পুনৰ দেখা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰে।[8]
নাটচাগডৰ্জৰ এটা স্মাৰক উলানবাটাৰ হোটেলৰ সন্মুখৰ বাগিচাত ৰখা হৈছে। পূৰ্বতে এই ঠাইতে ভ্লাদিমিৰ লেনিনৰ প্ৰতিমূৰ্তিৰ ৰখা হৈছিল। দাশডৰজিন নাটচাগডৰ্জৰ প্ৰতিমূৰ্তিটো ভাস্কৰ্যশিল্পী এল মাখবালে সৃষ্টি কৰিছিল। মূলতঃ ১৯৬৬ চনত চিল্ড্ৰেনছ পাৰ্কত নিৰ্মাণ কৰা এই মূৰ্তিটো ২০১৩ চনত লেনিনৰ মূৰ্তিৰ সলনি বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। [9]