দাৰোজী এৰাম্মা | |
---|---|
জন্ম | ১৯৩০ দাৰোজী গাঁও, বেল্লাৰী, কৰ্ণাটক, ভাৰত[1] |
মৃত্যু | ১২ আগষ্ট ২০১৪ (৮৩–৮৪ বছৰ) বেল্লাৰী, কৰ্ণাটক, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | বুৰাকথা এৰাম্মা |
পেচা | লোকশিল্পী |
জনা যায় | বুৰাকথা |
দাৰোজী এৰাম্মা জনপ্ৰিয়ভাবে বুৰাকথা এৰাম্মা (ইংৰাজী: Daroji Eramma, ১৯৩০ - ১২ আগষ্ট ২০১৪) এগৰাকী ভাৰতীয় লোকশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ মহাকাব্যিক কাহিনী কোৱাৰ এক লোককলাৰ ৰূপ বুৰাকথাৰ এগৰাকী লোকগায়িকা আৰু অভিনয় আছিল। তেওঁক ১৯৯৯ চনত ৰাজোৎসৱ প্ৰশস্তীকে ধৰি কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হৈছিল।[2]
১৯৩০ চনত অৰ্ধ-যাযাবৰ বুদুগা জনগামা সম্প্ৰদায়ৰ পৰিয়ালত দাৰোজী এৰাম্মাৰ জন্ম হৈছিল। তেওঁলোক অনুসূচীত জনজাতিৰ অন্তৰ্গত। তেওঁ কিশোৰ কালতেই তেওঁৰ পিতৃ লালপ্পাৰ পৰা বুৰকথা শিকিছিল। বুৰা মানে হৈছে 'তানপুৰা' বা তেনেজাতীয় একপ্ৰকাৰৰ তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু কথা এটা সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ কাহিনী। এই লোককলা তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ সদস্যসকলে শিকি পৰম্পৰা ৰক্ষা কৰিছিল।[1]
দাৰোজী এৰাম্মা নিৰক্ষৰ আছিল। নিৰক্ষৰ যদিও তেওঁ স্মৃতিৰ পৰা বাৰটা লোক মহাকাব্য প্ৰদৰ্শন কৰিব পাৰিছিল। ইয়াৰ পৰিমাণ প্ৰায় ২,০০,০০০টা বাক্য আৰু ৭,০০০ মুদ্ৰিত পৃষ্ঠাৰ সমান।[2] এই লোক মহাকাব্যসমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল: আছে কুমাৰৰাম, বাবুলি নাগিৰেড্ডী, বালা নাগাম্মা, জয়সিংহৰাজা কাব্য আৰু বালি চক্ৰৱৰ্তী কাব্য।[2]
তেওঁৰ এই লোককলা প্ৰদৰ্শন প্ৰায়ে কেইবাদিনধৰি চলিছিল। তেওঁৰ ভনী শিৱাম্মা আৰু ননদ পাৰ্বথাম্মাৰ সৈতে একেলগে বিভিন্ন অঞ্চলত বুৰাকথা প্ৰদৰ্শন কৰিছিল। তেওঁলোকে ঢোলজাতীয় ঘাতবাদ্য বাদন কৰিছিল আৰু এৰাম্মাই নিজে এখন হাতত বুৰা বাদ্য আৰু আনখনত এবিধ তালবাদ্য বজাই গীত-নৃত্য অভিনয়ৰ মাজেৰে এই কলা প্ৰদৰ্শন কৰিছিল। তেওঁ পলিঅ' টিকাকৰণ আৰু সজাগতা অভিযানতো অংশগ্ৰহণ কৰিছিল।[2]
২০১৪ চনৰ ১২ আগষ্ট তাৰিখে কৰ্ণাটকৰ বেল্লাৰীত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ শেষকৃত্য বেল্লাৰী জিলাৰ চাণ্ডুৰ তালুকত অৱস্থিত তেওঁৰ জন্মস্থান দাৰোজীত সম্পন্ন কৰা হৈছিল।[1]
দাৰোজী এৰাম্মাই ১৯৯৯ চনত ৰাজয়োৎসৱ প্ৰশস্তী লাভ কৰিছিল। একে সময়তে তেওঁ কৰ্ণাটক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ড॰ বাবাচাহেব আম্বেদকাৰ বঁটা লাভ কৰিছিল।[2] কলা আৰু লোককাহিনীত তেওঁৰ অৱদানৰ বাবে তেওঁক ২০০৩ চনত সন্দেশ কলা বঁটা প্ৰদান কৰা হৈছিল।[3] হাম্পিৰ কন্নড় বিশ্ববিদ্যালয়ৰ জনজাতীয় অধ্যয়ন বিভাগে তেওঁক ২০০৩ চনত নাডজা কলা বঁটাৰে ভূষিত কৰিছিল।[1] প্ৰসাৰ ভাৰতীয়ে ২০১০ চনত তেওঁক শ্ৰেষ্ঠ লোক শিল্পী বঁটা প্ৰদান কৰে। তেওঁ ২০১২ চনত ২০১০ চনৰ বাবে জনপদ শ্ৰী লাভ কৰিছিল।[2]
হাম্পি বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী এল সাৰিকাদেৱীয়ে এৰাম্মাৰ জীৱনৰ আৰু কৰ্মত গৱেষণা কৰি তেওঁৰ ২০০৬ চনৰ ডক্টৰেট থেছিছ লিখিছিল। ই এৰাম্মা আৰু তেওঁৰ অনুশীলনক জনপ্ৰিয় কৰাত সহায় কৰিছিল।[4] তেওঁৰ কিছুমান প্ৰদৰ্শন কন্নড় বিশ্ববিদ্যালয়ত আধাৰিত অস্পৰ্শনীয় ঐতিহ্যৰ পণ্ডিত চালভাৰাজুৰ দ্বাৰা ৰেকৰ্ড আৰু প্ৰকাশ কৰা হৈছে।[5]