দি ফৰগটেন ৱমেন

দি ফৰগটেন ৱমেন
পৰিচালক দিলীপ মেহতা
ৰচনা দীপা মেহতা
প্ৰযোজক ডেভিড হেমিল্টন
অভিনয়ত ভি‍. মোহিনী গিৰি, ইন্দিৰা জয়িংহ, ঐশ্বৰ্য মুখাৰ্জী, উষা ৰায়
চিত্ৰগ্ৰহণকাৰী গিলছ নাটজেন্স
সম্পাদনা কলিন মনি
মুক্তি
আগষ্ট ৯, ২০০৮ (2008-08-09)
দৈৰ্ঘ্য
৮৮ মিনিট
দেশ কানাডা
ভাষাসমূহ ইংৰাজী
হিন্দী
বাংলা

দি‍ ফৰগটেন ৱমেন (ইংৰাজী: The Forgotten Woman) হৈছে ২০০৮ চনত দিলীপ মেহতাৰ দ্বাৰা পৰিচালিত আৰু দীপা মেহতাৰ দ্বাৰা লিখিত এখন কানাডিয়ান তথ্যচিত্ৰ। ছবিখনত ভাৰতৰ বিধৱাৰ বিষয়ে আলোকপাত কৰা হৈছে‍ আৰু দীপা মেহতাৰ ২০৫ চনৰ একাডেমী বঁটা মনোনীত একে বিষয়ৰ চলচ্চিত্ৰ ৱাটাৰৰ দ্বাৰা অনুপ্ৰাণিত ।[1][2]

  • ভি. মোহিনী গিৰি স্বৰূপত
  • ঐশ্বৰ্য মুখাৰ্জী নিজে
  • নিজৰ চৰিত্ৰত জিনি শ্ৰীবাস্তৱ
  • ইন্দিৰা জয়সিং নিজে
  • উষা ৰায় স্বৰূপত

সংক্ষিপ্তসাৰ

[সম্পাদনা কৰক]

দি ফৰগটেন ৱমেন ছবিখনৰ দৃশ্যগ্ৰহণৰ লক্ষ্য হৈছে আজি ভাৰতত বসবাস কৰা লাখ লাখ বিধৱাৰ দুৰ্দশা আৰু প্ৰান্তীয়কৰণৰ প্ৰতি সজাগতা বৃদ্ধি কৰা যিসকলে দীৰ্ঘদিনীয়া ৰীতি-নীতিৰ দ্বাৰা বাধ্য হৈ নিজৰ অন্তিম বছৰবোৰ অকলে কটাবলৈ বাধ্য হয় আৰু বৃহত্তৰ সমাজৰ দ্বাৰা পৰিত্যাগ কৰা হয়। পৰিয়ালে নিজৰ বস্তুবোৰ এৰি দিবলৈ বাধ্য কৰোৱা এই বিধৱাসকলে কেনেকৈ শেষত সামাজিকভাৱে বহিষ্কৃত হৈ পৰে‍, সেই কথা চিনেমাখনত পৰীক্ষা কৰা হৈছে।

দি ফৰগটেন ৱমেন-এ আত্মসন্মান, আত্মনিৰ্ভৰশীলতা আৰু মৌলিক মানৱীয় শালীনতাৰ আভাস লাভ কৰিবলৈ একবিংশ শতিকাতো নাৰীৰ অৰ্থনৈতিক স্বাধীনতাৰ সন্ধানক আগুৰি থকা বিভিন্ন আৰু ব্যাপক প্ৰত্যাহ্বানসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰিব বিচাৰে।[3]

মূলতঃ উত্তৰ প্ৰদেশৰ বাৰাণসীত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।[4]

  • বিজয়ী-হলিউড চলচ্চিত্ৰ মহোৎসৱ-শ্ৰেষ্ঠ তথ্যচিত্ৰ৷
  • বিজয়ী-মিৰা দাস ডক, স্পেইন-শ্ৰেষ্ঠ মানৱ অধিকাৰ তথ্যচিত্ৰ৷
  • একাডেমী অৱ ম'চনছ পিকচাৰ্ছৰ এলিট ছিৰিজৰ অংশ হিচাপে নিৰ্বাচিত (দি অস্কাৰ)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Stigmatized by Society". August 7, 2008. https://www.nytimes.com/2008/08/08/movies/08forg.html। আহৰণ কৰা হৈছে: February 11, 2014. 
  2. "Forgotten Woman (The)". Telefilm Canada. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303230347/http://www.telefilm.ca/en/catalogues/production/forgotten-woman। আহৰণ কৰা হৈছে: 2014-02-11. 
  3. "The Forgotten Woman" (en-US ভাষাত). Filmblanc Inc. – Film production. https://www.filmblanc.com/films/the-forgotten-woman/। আহৰণ কৰা হৈছে: 2022-10-25. 
  4. "Meet the Filmmakers: Dilip Mehta--'The Forgotten Woman'". International Documentary Association. August 2008. http://www.documentary.org/content/meet-filmmakers-dilip-mehta-forgotten-woman। আহৰণ কৰা হৈছে: 2014-02-11.