দিছপুৰ | |
---|---|
ৰাজধানী চহৰ | |
দেশ | ![]() |
ৰাজ্য | অসম |
অঞ্চল | পশ্চিম অসম |
জিলা | কামৰূপ মহানগৰ |
চৰকাৰ | |
• মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
• ৰাজ্যপাল | জানকী বল্লভ পাটনায়ক |
উচ্চতা | ৫৫ মিটাৰ (১৮০ ফুট) |
দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
মেঘালয় গঠন হোৱাৰ পিছত ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়।
দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য।
অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে।
দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
দিছপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়।
দিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [1]
![]() |
ৱিকিমিডিয়া কমন্সত দিছপুৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|