দিব্যা প্ৰভা | |
---|---|
২০২৪ চনত দিব্যা প্ৰভা | |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৩ – বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | অল উই ইমাজিন এছ লাইট |
দিব্য প্ৰভা (ইংৰাজী: Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।
দিব্যা প্ৰভাই টেক অফ[1]আৰু থামাছা ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচক উভয়ৰে মনোযোগ লাভ কৰে।[2] ২০১৫ চনত তেওঁ টিভি ধাৰাবাহিক ঈশ্বৰ সাক্ষিয়ায়ীত অভিনয় কৰি শ্ৰেষ্ঠ দ্বিতীয় অভিনেত্ৰীৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটা লাভ কৰে।[3]২০২২ চনৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত মহেশ নাৰায়ণনৰ পৰিচালনাত নিৰ্মিত আৰিয়্পু ছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত দিব্যা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়।[4] ২০২২ চনৰ ৪ আগষ্টত ৭৫ সংখ্যক লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কনকৰ্চো ইণ্টাৰনেছনেল (আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অংশ)ত এই ছবিখনৰ প্ৰিমিয়াৰ হয়, য'ত ছবিখন গোল্ডেন লিঅ'পাৰ্ডৰ বাবে মনোনীত কৰা হয়। ২০২২ চনৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত এই ছবিখনে বিশ্বব্যাপী মুক্তি লাভ কৰে। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত পাম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আৰু গ্ৰেণ্ড প্ৰিক্স লাভ কৰা অল উই ইমাজিন এজ লাইট (পায়ল কাপাডিয়াৰ পৰিচালিত) ছবিখনত তেওঁ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰে।[5]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০১৩ | লোকপাল | বিপণন কৰ্মী | ||
মুম্বাই পুলিচ | সাংবাদিক | |||
কোল্ড ষ্টৰেজ | প্ৰিন্সী | |||
ছিম | কোমলম | |||
২০১৪ | ইতিহাসা | আন | ||
কায়ল | দিব্যা | তামিল ছবি | ||
ভায়া ভায়া | কোৰাহৰ জীয়েক | |||
পিয়ানিষ্ট | লেক্সমী | |||
২০১৬ | ভেট্টাহ | আশা | ||
২০১৭ | টেক অফ | জিনছি | ||
২০১৮ | কাম্মাৰা সম্ভৱম | কমলা | ||
ননচেন্স | নাৰ্চ | |||
২০১৯ | প্ৰাথী পোভাংকঝী | জল্লী | ||
থামাচা | শিক্ষয়িত্ৰী ববিতা | |||
২০২১ | নিঝাল | ড০ শালিনী | [6] | |
মালিক | আয়েশ | |||
কড়িয়িল অড়াভান | অৰুলমঝী | তামিল ছবি | ||
২০২২ | আৰিয়প্পী | ৰেশ্মী | মুখ্য চৰিত্ৰ | [7] |
২০২৩ | ফেমিলী | ৰাণী | [8] | |
২০২৪ | অল উই ইমাজিন এজ লাইট | অনু | [9] |