ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জন্ম | ১২ নৱেম্বৰ, ১৯৯৯ (২৫ বছৰ) বুটালা, অমৃতসৰ জিলা, পঞ্জাব, ভাৰত[1] | |||||||||||||||||||||||||||||
স্থান | ফৰৱাৰ্ড | |||||||||||||||||||||||||||||
দলীয় তথ্য | ||||||||||||||||||||||||||||||
সদস্য | পেট্ৰ'লিয়াম স্পৰ্টছ প্ৰমোচন বোৰ্ড | |||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয় দল | ||||||||||||||||||||||||||||||
বৰ্ষ | দল | খেল | গ'ল | |||||||||||||||||||||||||||
২০১৭– | ভাৰতৰ ৰাষ্ট্ৰীয় ২১ অনুৰ্ধৰ পুৰুষ দল | ৬ | ||||||||||||||||||||||||||||
২০১৮– | ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ দল | ৪৪ | (১৮) | |||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||||
অন্তিম সংশোধন কৰা হৈছে: ১০ আগষ্ট ২০২১ |
দিলপ্ৰীত সিং (ইংৰাজী: Dilpreet Singh) (জন্ম ১২ নৱেম্বৰ ১৯৯৯) হৈছে এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ। তেওঁ ভাৰতীয় জাতীয় ফিল্ড হকীৰ পুৰুষ দলৰ ফৰৱাৰ্ড হিচাপে খেলে।[3][4]
তেওঁ ভাৰতৰ পঞ্জাবৰ অমৃতসৰ জিলাৰ বুটালাৰ নিৱাসী। তেওঁৰ পিতৃ বলবিন্দৰ সিং সেনাৰ এজন হকী খেলুৱৈ আছিল আৰু তেওঁৰ উৎসাহৰ বাবেই দিলপ্ৰীতে হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমতে তেওঁৰ পিতৃৰ খাদুৰ চাহিব একাডেমীত প্ৰশিক্ষণ লৈছিল আৰু পিছত অমৃতসৰত অৱস্থিত মহাৰাজ ৰঞ্জিত সিং হকী একাডেমীৰ পৰা আৰু পৰৱৰ্তী সময়ত জলন্ধৰৰ সুৰজিৎ একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল।[1][5]