অসমৰ গীতি সাহিত্য |
অসমৰ সংগীত |
---|
লোকগীত |
আধ্যাত্মিক গীত |
আধুনিক গীত |
দিহানাম অসমৰ শংকৰী সংগীতৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। দিহানাম শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক অৱদান হিচাপে অনুমান কৰা হয়। [1]
চন্দ্ৰকান্ত অভিধানত দিহানামক যেই-সেই ঘোষাৰে যেই-সেই পদৰ লগত অধিক সময়লৈ গোৱা নাম হিচাপে অভিহিত কৰিছে। [1] মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
দিহাৰ শব্দৰ সম্পৰ্কত ড॰ পীতাম্বৰ দেৱগোস্বামীয়ে 'অসমৰ নাম অনুষ্ঠান' গ্ৰন্থত এনেদৰে লিখিছে:
বিবিধ অৰ্থত দিহা শব্দ প্ৰয়োগ কৰা হয়। সেই প্ৰায়োগিক শব্দবোৰ এনেধৰণৰ-(ক) দিহা দিয়া (খ) দিহাদৰ দিয়া (গ) দিহা লগাই দিয়া (ঘ) দিহা পৰামৰ্শ দিয়া
(ক) দিহা দিয়া : - এই শব্দৰাশিৰ অৰ্থ হ'ল এক কাৰ্যৰ নীতি-পদ্ধতি দেখুৱাই দিয়া। (খ) দিহাদৰ দিয়া :- ইয়াৰ অৰ্থ হ'ল কাৰ্য কৰাৰ ব্যৱস্থা দেখুৱাই দিয়া। (গ) দিহা লগাই দিয়া :- ইয়াৰ অৰ্থ কাৰ্য কৰাৰ প্ৰণালী দেখুৱাই দিয়া।
(ঘ) দিহা-পৰামৰ্শ দিয়া :- কাৰ্যৰ যথোচিত নীতিৰ কথা সোঁৱৰাই দিয়া অৰ্থত এনে শব্দৰাশি ব্যৱহাৰ কৰা হয়। কিন্তু জীৱনৰ তত্ত্ব অৰ্থাৎ দেহ আৰু আত্মাৰ উৎকৰ্ষ সাধনৰ নিৰ্দেশনা য'ত থাকে সেই অৰ্থতে দিহা শব্দ বিশেষকৈ প্ৰয়োগ কৰা হয়।
আন এক ব্যাখ্যা অনুসৰি দিহানামৰ দিহা শব্দটো প্ৰাচীন কামৰূপৰ বৌদ্ধ-সহজযান পন্থৰ চৰ্যাগীতৰ দোহা শব্দৰ পৰা আহিছে বুলি অনুমান কৰা হয়। [2] [1] আধ্যাত্মিক আৰু নৈতিক উপদেশেৰে পৰিপূৰ্ণ এই চৰ্যাগীত বা দোহাৱলীবিলাকৰ পৰা সাম্প্ৰতিক সময়ত প্ৰচলিত দিহানাম আৰু দেহবিচাৰ গীতসমূহৰ ভাৱধাৰা আৰু বিষয়-বস্তুৰাজিৰ পাৰ্থক্য দেখা নাযায়। [2]
দিহানামৰ দিহা বা ঘোষাবোৰ নতুনকৈ ৰচনা কৰা যদিও নামৰ সংলগ্ন হিচাপে পৰিৱেশন কৰা পদবোৰ সাধাৰণতে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আদি গ্ৰন্থৰ পৰাই লোৱা হয়। নামসমূহৰ পৰিৱেশনৰ সুৰ-সঞ্চাৰত লোক-সংগীতৰ সুৰৰ প্ৰভাৱ স্পষ্ট ৰূপত পৰিলক্ষিত হয়। [1]
দিহা নাম প্ৰধানতঃ দুবিধ- এবিধ হৈছে সত্ৰ-সৱাহৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ সৈতে জড়িত নাম আৰু দ্বিতীয়বিধ হৈছে অসমৰ গাঁৱে-ভূঞে থকা নামঘৰসমূহৰ সৈতে জড়িত দিহানাম। বিশেষ বিশেষ ধৰ্মীয় তিনিসমূহত সত্ৰ-সমাজত পালিত দিনতীয়া কাৰ্য-ক্ৰমণিকাত দিহানাম পৰিৱেশন কৰাটো এৰাব নোৱৰা নিয়ম। [3]
নৈমিত্তিক প্ৰসংগৰ অন্তৰ্ভুক্ত দিহা নাম সত্ৰ সবাহত প্ৰচলিত। তিথি পৰ্ব উৎসৱ উপলক্ষ্যে সত্ৰ সমূহত যি দিনটীয়া সবাহ অনুষ্ঠিত হয় তাত এই নাম পৰিৱেশন কৰে। ঈশ্বৰৰ মহিমা, লীলা আদি বিষয়ৰ কথাৰে এই নাম গোৱা হয়। সত্ৰত প্ৰচলিত এনে এটি নামৰ উদাহৰণ-- নামত শৰণ হৰি এ সন্তত শৰণ এ অন্তকালে গতি প্ৰভু তোমাৰ চৰণ পদ : নাম ভজ নাম চিন্ত নাম সাৰ এ... আউনীআটী, গড়মূৰ, দক্ষিণপাট, কুৰুৱাবাহী সত্ৰত এই নাম পৰিৱেশন কৰে।
এই নাম নামঘৰৰ উপৰি মাংগলিক যিকোনো অনুষ্ঠানত পৰিৱেশন কৰা হয়। খোল,তাল,নাগাৰা এই নামৰ প্ৰধান বাদ্যযন্ত্ৰ। ইয়াৰ পদসমূহ কীৰ্তন, দশম, ঘোষাকেন্দ্ৰিক। ইয়াৰ এটি উদ্ধৃতি-- আৰম্ভণি - হৰি এ ৰাম হৰি এ ৰাম ৰাম (পদ,কীৰ্তন) দিড়া - এ ভায়া ৰাম নাৰায়ণ বোল ভায়া গোপাল গোবিন্দ..
সত্ৰ আৰু নামঘৰসমূহত নাম-কীৰ্তনৰ ক্ষেত্ৰত নিৰ্দিষ্ট ঘোষাৰ সৈতে ইয়াৰ সংলগ্ন পদ আবৃত্তি কৰাটো ধৰাবন্ধা নীতি। সেয়েই, ঘোষা-পদৰ বিশদ জ্ঞান বিশিষ্ট ব্যক্তিকহে সাধাৰণতে নামতি বা নামলগোৱা আৰু পাঠকৰ বাব অৰ্পণ কৰা হয়। এই ৰীতি সামান্যৰূপত শিথিল কৰাৰে পৰাই দিহানামৰ প্ৰচলন বুলি ধৰা হয়। [1] দিহানাম পৰিৱেশন কৰোঁতা অৰ্থাত নামতিয়ে ধুতি, চেলেং, গামোচা আদি ব্যৱহাৰ কৰে। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পোছাক-পৰিচ্ছদ পৰিধান কৰি এই নাম পৰিৱেশন কৰা হয়। নামতিজনে ভাৱ-বস্তুৰ সৈতে সংগতি ৰাখি কেতিয়াবা হস্ত-পদ দি নৃত্য ভংগীৰে আবৃত্তি কৰে। দিহানাম সাধাৰণতে মধ্য আৰু দ্ৰুত লয়ত পৰিৱেশন কৰা হয়। [1] অসমৰ গাঁৱৰ নামঘৰসমূহত অনুষ্ঠিত বাৰ্ষিক ভাওনা বা বৰসবাহত পাঠৰ শেষত সৱহুৱা নাম হিচাপে দিহা নাম পৰিৱেশিত হয়। নামলগোৱাই থিয় হৈ আৰু বাকীসকলে বহি নামত ভাগ লয়। নামৰ মাজে মাজে নিশি দি যোৱা হয়। নামত ভাগ লগোৱা সকলোৱে হাত-চাপৰি বজোৱাৰ লগতে ভোৰতাল, খোল, নেগেৰা ইত্যাদি বজোৱা হয়। [1] দিহানাম পৰিৱেশনৰ আদিতে নামতিয়ে হৰি এ ৰাম, হৰি ৰাম ৰাম বুলি দিহা ঘোষাফাঁকি আৰম্ভ কৰে আৰু নামত অংশ লোৱা সংগীসকলে সেই দিহাফাঁকি দোহাৰে।[4] ইয়াৰ পিছত নামতিয়ে কীৰ্তন, নামঘোষা, দশম, ৰত্নাৱলী আদি কোনো এখন পুথিৰ পৰা পদ দিয়ে আৰু শেষত কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় ঘোষাৰে সামৰণি মাৰে। [1]
কেইফাঁকিমান দিহানাম উদ্ধৃত কৰা হৈছে:
১/ এ ভায়া ৰাম নাৰায়ণ
বোল ভায়া গোপাল গোবিন্দ ৰাম
২/ ৰাম নামেই সাৰ হৰি
৩/ ৰাম নামৰ নৌকাখনি
ৰাম নামেই সাৰ
ৰাম নামেই কৰি আছে জগত উদ্ধাৰ
হৰি নামৰ ব'ঠা
বৈকুণ্ঠলৈ যোৱা যদি
নামৰ নৌকাত উঠা