ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জন্ম | ৭ ফেব্ৰুৱাৰী, ১৯৮৭ (৩৮ বছৰ) ভাৰতৰ হাৰিয়ানাৰ যমুনানগৰ | |||||||||||||||||||||||||||||||||||||||||||||||||||||
স্থান | ৰক্ষক | |||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয় দল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
বৰ্ষ | দল | খেল | গ'ল | |||||||||||||||||||||||||||||||||||||||||||||||||||
ভাৰত | ২২৬ | |||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
দীপিকা ঠাকুৰ (ইংৰাজী: Deepika Thakur; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা দলৰ আটাইতকৈ জ্যেষ্ঠ আৰু সৰ্বোচ্চ কেপ থকা খেলুৱৈ। ছিনিয়ৰ দলত ডিফেণ্ডাৰ হিচাপে খেলে আৰু ২০০ৰো অধিক আউটিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২৪টা গ'ল দিছে।[1]
হাৰিয়ানাৰ আৰু চণ্ডীগড়ৰ স্প’ৰ্টছ হোষ্টেলৰ প্ৰডাক্ট। তেওঁ ভাৰতীয় ৰে'লৱেত কাম কৰে।[2] ২০০৬ আৰু ২০১০ চনত বিশ্বকাপ, ২০১০, ২০১৪ আৰু ২০১৮ চনত এছিয়ান গেমছ আৰু ২০১০ আৰু ২০১৪ চনত কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
দীপিকাই সোনকালে বিয়া হোৱাটো বিচৰা পিতৃ-মাতৃৰ ইচ্ছাৰ বহু বিপৰীতে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা হকী দলত যোগদান কৰে। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে খেলাৰ উদ্দেশ্যে ২০১৬ চনৰ অক্টোবৰ মাহত হ’বলগীয়া বিবাহখন পিছুৱাই দিছিল। ভাৰতীয় মহিলা দলটোৱে ৩৬ বছৰৰ ব্যৱধানৰ পিছত ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।[3] সেই দলৰ সহ অধিনায়ক আছিল দীপিকা। যদিও ভাৰতে গ্ৰুপৰ তলৰ স্থান দখল কৰে।[4][5][6][7][8][9]
মালয়েছিয়াত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী (২০১৬)ত ভাৰতীয় মহিলাই প্ৰথম খিতাপ দখল কৰে য’ত দীপিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও তেওঁ ‘টুৰ্ণামেণ্টৰ সৰ্বোচ্চ স্ক’ৰাৰ’ বঁটাও লাভ কৰে।[10][11]
ভাৰতে দক্ষিণ এছিয়ান গেমছ, ২০১৬ত সোণৰ পদক লাভ কৰে।দীপিকা দলৰ অংশ আছিল আৰু শ্ৰীলংকাৰ বিৰুদ্ধে চূড়ান্ত খেলখনত এটা গ'ল দিছিল।[12][13]