দুৰ্গাবাঈ দেশমুখ | |
---|---|
![]() | |
জন্ম | ১৫ জুলাই, ১৯০৯ ৰাজমুন্দ্ৰী, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰ প্ৰদেশ, ভাৰত) |
মৃত্যু | ৯ মে', ১৯৮১ (৭১ বছৰ) নৰসন্নপেটা, অন্ধ্ৰ প্ৰদেশ, ভাৰত |
শিক্ষানুষ্ঠান | মাদ্ৰাজ বিশ্ববিদ্যালয় |
দাম্পত্যসঙ্গী | চিন্তামন দেশমুখ (বি. ১৯৫৩) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মবিভূষণ, ১৯৭৫ |
দুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (ইংৰাজী: Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ সংবিধান সভা আৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল। মহিলা সৱলীকৰণৰ বাবে তেওঁ ১৯৩৭ চনত অন্ধ্ৰ মহিলা সভা প্ৰতিষ্ঠা কৰিছিল। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৫৩ চনত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আৰু ১৯৫০-৫৬ চনত ভাৰতৰ কেন্দ্ৰীয় কেবিনেটত বিত্ত মন্ত্ৰী চি.ডি. দেশমুখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছিল।
তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ পৰাই দুৰ্গাবাঈ ভাৰতীয় ৰাজনীতিৰ সৈতে জড়িত আছিল। ১২ বছৰ বয়সত তেওঁ ইংৰাজী মাধ্যমৰ শিক্ষা জাপি দিয়াৰ প্ৰতিবাদত বিদ্যালয় ত্যাগ কৰিছিল। পিছলৈ তেওঁ ছোৱালীৰ বাবে হিন্দী শিক্ষাৰ প্ৰচাৰৰ বাবে ৰাজমুন্দ্ৰীত বালিকা হিন্দী পাঠশালা আৰম্ভ কৰিছিল।[1]
ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯২৩ চনত তেওঁৰ গৃহচহৰ কাকিনাড়াত সন্মিলন অনুষ্ঠিত কৰিছিল।[1] তেওঁ এই সন্মিলনৰ এগৰাকী স্বেচ্ছাসেৱক আছিল আৰু একেলগে চলি থকা খাদী প্ৰদৰ্শনীৰ দায়িত্বভাৰ সুচাৰুভাৱে পালন কৰিছিল। তেওঁৰ দায়িত্ব আছিল টিকট অবিহনে দৰ্শনাৰ্থীসকল প্ৰৱেশ নকৰাটো নিশ্চিত কৰা। তেওঁ নিজৰ দায়িত্ব সততাৰে পালন কৰিছিল আৰু আনকি জৱাহৰলাল নেহৰুক প্ৰৱেশ কৰিবলৈ নিষেধ কৰিছিল। [2][3] যেতিয়া প্ৰদৰ্শনীখনৰ আয়োজকসকলে তেওঁ কি কৰিছিল সেয়া দেখিছিল আৰু খঙত তেওঁক তিৰস্কাৰ কৰিছিল। কিন্তু তেওঁ উত্তৰ দিছিল যে তেওঁ কেৱল নিৰ্দেশনা অনুসৰণ কৰি আছে। আয়োজকসকলে তেওঁৰ বাবে টিকট কিনাৰ পিছতহে দুৰ্গাবাঈয়ে নেহৰুক ভিতৰলৈ যাবলৈ অনুমতি দিছিল। নেহৰুৱে ছোৱালীজনীক সাহসেৰে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে প্ৰশংসা কৰিছিল।
তেওঁ ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতাৰ বাবে ভাৰতৰ সংগ্ৰামত মহাত্মা গান্ধীৰ অনুগামী আছিল। তাই কেতিয়াও গহনা বা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা নাছিল। তেওঁ এগৰাকী সত্যাগ্ৰহী আছিল।[4] তেওঁ এগৰাকী বিশিষ্ট সমাজ সংস্কাৰক আছিল আৰু দাণ্ডী যাত্ৰাৰ সময়ত গান্ধী নেতৃত্বাধীন নিমখ সত্যাগ্ৰহ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল। তেওঁ আন্দোলনত মহিলা সত্যাগ্ৰহীসকলক সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[5] ইয়াৰ ফলত ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই তেওঁক ১৯৩০ চনৰ পৰা ১৯৩৩ চনৰ ভিতৰত তিনিবাৰ কাৰাদণ্ড বিহিছিল।[1]
কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত দুৰ্গাবাঈ নিজৰ পঢ়া শুনা অব্যাহত ৰাখিছিল। তেওঁ ১৯৩০ৰ দশকত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ সমাপ্ত কৰিছিল। তেওঁ ১৯৪২ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে অনুশীলন আৰম্ভ কৰে।[1]
দুৰ্গাবাঈ ব্লাইণ্ড ৰিলিফ এছ'চিয়েচনৰ সভাপতি আছিল। সেই পদবীত থাকোঁতে তেওঁ অন্ধসকলৰ বাবে এখন স্কুল-হোষ্টেল আৰু এটা লাইট ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ স্থাপন কৰিছিল।
দুৰ্গাবাঈ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল। সংবিধান সভাৰ অধ্যক্ষসকলৰ পেনেলত তেওঁ একমাত্ৰ মহিলা আছিল।[1] বহুতো সমাজ কল্যাণ আইন প্ৰণয়নত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁ ১৯৫২ চনত সংসদলৈ নিৰ্বাচিত হ'বলৈ ব্যৰ্থ হৈছিল আৰু পিছত পৰিকল্পনা আয়োগৰ সদস্য হিচাপে মনোনীত হৈছিল।[1] সেই ভূমিকাত তেওঁ সমাজ কল্যাণৰ ওপৰত এক ৰাষ্ট্ৰীয় নীতিৰ বাবে সমৰ্থন সংগ্ৰহ কৰিছিল। এই নীতিৰ ফলস্বৰূপে ১৯৫৩ চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ স্থাপন কৰা হৈছিল। ব'ৰ্ডৰ প্ৰথম অধ্যক্ষ হিচাপে তেওঁ ইয়াৰ কাৰ্যসূচীবোৰ সম্পাদন কৰিবলৈ বৃহৎ সংখ্যক স্বেচ্ছাসেৱী সংগঠনক একত্ৰিত কৰিছিল যাৰ উদ্দেশ্য আছিল অভাৱী মহিলা, শিশু আৰু প্ৰতিবন্ধীসকলৰ শিক্ষা, প্ৰশিক্ষণ আৰু পুনৰ্সংস্থাপনত ক্ষেত্ৰত কাম কৰা।[4]
১৯৫৩ চনত চীন ভ্ৰমণৰ সময়ত অধ্যয়ন কৰাৰ পিছত পৃথক পাৰিবাৰিক আদালত স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ প্ৰথমবাৰৰ বাবে গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম. চি. চাগলা আৰু ন্যায়াধীশ পি. বি. গজেন্দ্ৰগাদকাৰ আৰু জৱাহৰলাল নেহৰুৰ সৈতেও এই ধাৰণাটোৰ বিষয়ে আলোচনা কৰিছিল।[6] মহিলা আন্দোলন আৰু সংগঠনৰ পৰা পাৰিবাৰিক বিষয়ত মহিলাসকলৰ বাবে দ্ৰুত ন্যায়ৰ একে দাবীৰ সৈতে ১৯৮৪ চনত পাৰিবাৰিক আদালত আইন প্ৰণয়ন কৰা হৈছিল।
তেওঁ ১৯৫৮ চনত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা মহিলা শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰথম অধ্যক্ষ আছিল।[7] ১৯৫৯ চনত সমিতিখনে ইয়াৰ পৰামৰ্শসমূহ নিম্নলিখিত ধৰণে উপস্থাপন কৰিছিল:
তেওঁৰ স্মৃতিত বিশাখাপট্টনমৰ অন্ধ্ৰ বিশ্ববিদ্যালয়ত ইয়াৰ মহিলা অধ্যয়ন বিভাগক ড° দুৰ্গাবাঈ দেশমুখ মহিলা অধ্যয়ন কেন্দ্ৰ হিচাপে নামকৰণ কৰিছে।[8]
১৯৬৩ চনত তেওঁক বিশ্ব খাদ্য কংগ্ৰেছলৈ ভাৰতীয় প্ৰতিনিধিদলৰ সদস্য হিচাপে ৱাশ্বিংটন ডি.চি লৈ প্ৰেৰণ কৰা হৈছিল।
তেওঁ মাদ্ৰাজ প্ৰদেশৰ পৰা সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। সংবিধান সভাৰ অধ্যক্ষসকলৰ পেনেলত তেওঁ একমাত্ৰ মহিলা আছিল। তেওঁ হিন্দুস্তানীক (হিন্দী+উৰ্দু) ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰস্তাৱ দিছিল কিন্তু লগতে দক্ষিণ ভাৰতত হিন্দীৰ বাবে বলপূৰ্বক প্ৰচাৰৰ বিষয়ে বিৰোধিতা কৰিছিল।[9] তেওঁ সকলো অ-হিন্দী ভাষীক হিন্দী গ্ৰহণ আৰু শিকিবলৈ সক্ষম কৰিবলৈ পোন্ধৰ বছৰৰ স্থিতিৰ প্ৰস্তাৱ দিছিল।[10]
১৯০৯ চনৰ ১৫ জুলাই তাৰিখে ব্ৰাহ্মণ সম্প্ৰদায়ৰ গুম্মিডিথালা পৰিয়ালত ব্ৰিটিছ ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ ৰাজমুন্দ্ৰীত দুৰ্গাবাঈ দেশমুখৰ জন্ম হৈছিল।[11] মাত্ৰ ৮ বছৰ বয়সত তেওঁৰ সম্পৰ্কীয় ভাই চুব্বা ৰাওৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হয়।[12][13] তেওঁ পৰিপক্ব হোৱাৰ পিছত তেওঁৰ স্বামীৰ সৈতে থাকিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ দেউতাক আৰু ভাতৃয়ে তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰিছিল। পিছলৈ তেওঁ নিজৰ শিক্ষা সমাপ্ত কৰিছিল।[14]
১৯৫৩ চনত তেওঁ ভাৰতৰ তদানীন্তন বিত্ত মন্ত্ৰী চিন্তামন দেশমুখৰ বিবাহপাশত আৱদ্ধ হৈ। তেওঁৰ নিজৰ বিৱৰণ অনুসৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তিনিজন সাক্ষীৰ ভিতৰত এজন আছিল। চি. ডি. দেশমুখৰ আগৰ বিবাহৰ পৰা এজনী ছোৱালী আছিল। কিন্তু দেশমুখ দম্পতীহাল সন্তানহীন আছিল। যদিও তেওঁ চুব্বা ৰাওৰ সৈতে পৃথকে থাকিছিল তেওঁ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিধৱা টিম্মামাক আৰ্থিকভাৱে সহায় কৰিছিল। টিম্মাইম্মা দুৰ্গাবাঈ আৰু চিন্তামন দেশমুখৰ সৈতে বাস কৰিছিল আৰু দুৰ্গাবাঈও তেওঁৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ বাবে ব্যৱস্থা কৰিছিল।[1]
দুৰ্গাবাঈ দেশমুখে দ্য ষ্টোন দ্যাট স্পিকেথ নামৰ এখন কিতাপ ৰচনা কৰিছিল। তেওঁৰ আত্মজীৱনী 'চিন্তামন এণ্ড আই' ১৯৮১ চনত তেওঁৰ মৃত্যুৰ এবছৰ আগতে প্ৰকাশিত হৈছিল। ১৯৮১ চনৰ ৯ মে' তাৰিখে শ্ৰীকাকুলাম জিলাৰ নৰসন্নপেটাত তেওঁৰ মৃত্যু হৈছিল।[1]
দিল্লীত বাস কৰা তেলেগু শিশুসকলৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দুৰ্গাবাঈ দেশমুখে ১৯৪৮ চনত অন্ধ্ৰ শিক্ষা সমিতি (এইএছ) প্ৰতিষ্ঠা কৰিছিল।
![]() |
ৱিকিমিডিয়া কমন্সত দুৰ্গাবাঈ দেশমুখ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |