দূতী চান্দ | |||||||
---|---|---|---|---|---|---|---|
![]() | |||||||
ব্যক্তিগত তথ্যাৱলী | |||||||
উপনাম | দূতী | ||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||
জন্ম | ০৩ ফেব্ৰুৱাৰী, ১৯৯৬ (২৯ বছৰ) গোপালপুৰ, উৰিষ্যা, ভাৰত | ||||||
উচ্চতা | ১.৬ মিটাৰ (U=ft}}) | ||||||
ওজন | সাঁচ:Unit weight | ||||||
ক্ৰীড়া | |||||||
দেশ | ![]() | ||||||
ক্ৰীড়া | দৌৰ | ||||||
শিতান | ১০০ মিটাৰ | ||||||
ক্লাব | ONGC | ||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ১০০ m: ১১.২৪ (আলমাটি ২০১৬) ২০০ m: ২৩.৭৩ ( আলমাটি ২০১৬ ) ৪X১০০ m ৰিলে: ৪৩.৪২ ( আলমাটি ২০১৬ ) | ||||||
পদক অভিলেখ
|
দূতী চান্দ (ইংৰাজী: Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।[1] দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।[2]
১৯৯৬ চনৰ ৩ ফেব্ৰুৱাৰীত উৰিষ্যাৰ গোপালপুৰত দূতী চান্দৰ জন্ম হয়। তেওঁৰ পিতৃ চক্ৰধৰ চান্দ আৰু মাতৃ আকুঞ্জি চান্দ। দুখীয়া তাঁতী পৰিয়ালৰ চাৰি ভনীৰ মাজত দূতী তেওঁৰ বায়েক সৰস্বতী চান্দৰ পৰা অনুপ্ৰাণিত হৈছিল। ২০১৩ চনত তেওঁ আইন পঢ়িবলৈ কলিংগ ঔদ্যোগিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰ।
২০১২ দূতী তিনি ১৮ বছৰ অনুৰ্ধ বিভাগত জাতীয় চেম্পিয়ন হয়। ১০০ মিটাৰ ইভেণ্টত তেওঁ ১১.৮ ছেকেণ্ড সময় লয়। পুনেত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ প্ৰতিযোগিতায় তেওঁ ২৩.৮১১ ছেকেণ্ড সময়ত সম্পূৰ্ণ কৰি ব্ৰঞ্জ পদক লাভ কৰে। ২০১৩ চনত তেওঁ ১০০ আৰু ২০০ মিটাৰ ইভেণ্টত জাতীয় চেম্পিয়ন হয়।
কমনৱেলথ গেমচত অংশ গ্ৰহণৰ শেষ পৰ্যায়ত ভাৰতীয় এথলেট ফেডাৰেশ্বনে ঘোষনা কৰে যে হাইপাৰেণ্ডোজেনিজমৰ কাৰণে দূতী মহিলা এথলেট হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নোৱাৰে। কিন্তু দূতীয়ে প্ৰতাৰণা বা ডোপিং কৰিছিল এনেধৰণৰ একো কোৱা হোৱা নাছিল। ভাৰত চৰকাৰে দূতীৰ কাষত থিয় হয় আৰু কোৰ্ট অভ আৰবিট্ৰেচন ফৰ স্পোৰ্টত আপিল কৰা হয়। শেষলৈ দূতী পুনৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পায়।
বছৰ | প্ৰতিযোগিতা | স্থান | পদক | বিভাগ | সময় |
---|---|---|---|---|---|
২০১৩ | বিশ্ব যুৱ এথলেটিকছ চেম্পিয়নশ্বিপ | ইউক্ৰেইন | ষষ্ঠ | ১০০ মিটাৰ | ১১.৭১ চেকেণ্ড |
২০১৩ | এচিয় এথলেটিকছ চেম্পিয়নশ্বিপ | ভাৰত | তৃতীয় | ২০০ মিটাৰ | ২৩.৮১১ চেকেণ্ড |
২০১৪ | এচিয় কনিষ্ঠ এথলেটিকছ চেম্পিয়নশ্বিপ | টাইৱান | প্ৰথম | ২০০ মিটাৰ | ২৩.৭৪ চেকেণ্ড |
২০১৪ | এচিয় কনিষ্ঠ এথলেটিকছ চেম্পিয়নশ্বিপ | টাইৱান | প্ৰথম | ৪× ৪০০ মিটাৰ ৰিলে | ৩:৪০.৫৩ মিনিট |
২০১৬ | ৰিঅ' অলিম্পিক (হীটচ) | ইণ্ডোনেচিয়া | সপ্তম | ১০০ মিটাৰ | ১১.৬৯ চেকেণ্ড |
২০১৭ | এচিয় এথলেটিকছ চেম্পিয়নশ্বিপ | ভাৰত | তৃতীয় | ১০০ মিটাৰ | ১১.৫২ চেকেণ্ড |
২০১৭ | এচিয় এথলেটিকছ চেম্পিয়নশ্বিপ | ভাৰত | তৃতীয় | ৪×১০০ মিটাৰ ৰিলে | ৪৪.৫৭ চেকেণ্ড |
২০১৮ | এচিয়ান গেমচ | ইণ্ডোনেচিয়া | দ্বিতীয় | ১০০ মিটাৰ | ১১.৩২ চেকেণ্ড |
২০১৮ | এচিয়ান গেমচ | ইণ্ডোনেচিয়া | দ্বিতীয় | ২০০ মিটাৰ | ২৩.২০ চেকেণ্ড |
২০১৯ | এচিয় এথলেটিকছ চেম্পিয়নশ্বিপ | কাটাৰ | তৃতীয় | ২০০ মিটাৰ | ২৩.২৪ চেকেণ্ড |
২০১৯ | ত্ৰিংশতিতম বিশ্ব ইউনিভাৰচিয়াড | ইটালী | প্ৰথম | ১০০ মিটাৰ | ১১.৩২ চেকেণ্ড |
২০১৯ চনত দুতী চান্দে ৰাজহুৱাকৈ ঘোষণা কৰে যে তেও সমলিংগিক, এই কথা মুকলিকৈ স্বীকাৰ কৰা দুতী চান্দ ভাৰতৰ প্ৰথম এথলিট। চান্দে কয় যে ২০১৮ চনত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সমকামিতাক অপৰাধ নহয় বুলি কৰা ঐতিহাসিক ৰায়দানে তেওঁক এই কথা ৰাজহুৱা কৰিবলৈ উৎসাহ দিয়ে।[6][7][8][9] অৱশ্যে এই ঘোষণাৰ বাবে তেও নিজৰ গাঁৱত তীব্ৰ সমালোচনাৰ সন্মুখীন হয়[10]