![]() | |
প্ৰকাৰ | সম্প্ৰচাৰ, ছেটেলাইট টেলিভিছন, ইণ্টাৰনেট, অ.টি.টি. |
---|---|
দেশ | ভাৰত |
উপলব্ধতা | সমগ্ৰ ভাৰত |
স্থাপন | ভাৰত চৰকাৰ,১৯৫৯ৰ দ্বাৰা |
ম'ট' | সত্যম শিৱম সুন্দৰম |
মূখ্য কাৰ্যালয় | নতুন দিল্লী, দিল্লী |
মালিক | প্ৰচাৰ ভাৰতী |
মূল মানুহ | এ. সূৰ্য প্ৰকাশ, অধ্যক্ষ |
মুক্তিৰ তাৰিখ | ১৫ ছেপ্টেম্বৰ ১৯৫৯ |
পূৰ্বৰ নাম | অল ইণ্ডিয়া ৰেডিঅ' |
ছবিৰ প্ৰকাৰ | 576i (4:3 SDTV) 1080i (16:9 HDTV) |
ৱেবছাইট | www |
দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত[1] ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰচাৰ ভাৰতীৰ এটা শাখা।[2] ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।[3] ডিজিটেল স্থলজ প্ৰেৰকযন্ত্ৰৰ যোগেদিও সম্প্ৰচাৰ সেৱা আগবঢ়াই অহা দূৰদৰ্শনে চহৰাঞ্চল, আঞ্চলিক ভাৰতত টেলিভিছন, ৰেডিঅ', অনলাইন, ম'বাইলৰ জৰিয়তে সেৱা আগবঢ়ায়। আনহাতে বৈদেশিক ক্ষেত্ৰসমূহত ভাৰতীয় নেটৱৰ্ক ব্যৱস্থা আৰু ভাৰতীয় ৰেডিঅ'ৰ যোগেদি সেৱা আগবঢ়ায়।
১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত এক বিশেষ সম্পৰীক্ষণৰ জৰিয়তে দূৰদৰ্শনে সম্প্ৰচাৰ আৰম্ভ কৰিছিল। এই বিশেষ সম্পৰীক্ষণটোৱে ১৯৬৫ চনত এক সেৱালৈ ৰূপান্তৰিত হয়।[4]
১৯৬৭ চনৰ ২৬ জানুৱাৰীত দূৰদৰ্শনত কৃষি দৰ্শন নামৰ অনুষ্ঠানটি পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ হয়, আৰু এইটো অনুষ্ঠান ভাৰতীয় টেলিভিছনত দীৰ্ঘতম সময়ৰ বাবে সম্প্ৰচাৰিত হোৱা অনুষ্ঠান।[5]
১৯৭২ চনত টেলিভিছন সেৱা বোম্বাই(এতিয়াৰ মুম্বাই) আৰু অমৃতসৰলৈকে প্ৰসাৰিত কৰা হ'ল। ১৯৭৫ চনত ভাৰতৰ সাতখন চহৰত টেলিভিছন সেৱা উপলব্ধ হৈছিল আৰু সেইসময়ত দূৰদৰ্শনেই আছিল একমাত্ৰ যোগান-ধৰোঁতা।[4]
১৯৭৬ চনৰ ১ এপ্ৰিলত ৰেডিঅ'ক টেলিভিছন সেৱাৰ পৰা পৃথক কৰা হয়।[6] অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনক দিল্লীস্থিত দুই পৃথক ডাইৰেক্টৰ-জেনেৰেলৰ অধীনলৈ আনি দুটা পৃথক ব্যৱস্থাপনা সৃষ্টি কৰা হয়। ১৯৮২ চনত,দূৰদৰ্শন ভাৰতৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক হৈ পৰে।[7]
নাম | অনুষ্ঠানৰ শ্ৰেণী | ভাষা |
---|---|---|
ডিডি নেছ'নেল | সাধাৰণ মনোৰঞ্জন | হিন্দী আৰু ইংৰাজী |
ডিডি নিউজ | বাতৰি | হিন্দী আৰু ইংৰাজী |
ডিডি ইণ্ডিয়া | বাতৰি | ইংৰাজী |
ডিডি স্পৰ্টছ্ | ক্ৰীড়া | হিন্দী আৰু ইংৰাজী |
ডিডি ভাৰতী | কলা আৰু সাংস্কৃতিক তথ্য-মনোৰঞ্জন | হিন্দী আৰু ইংৰাজী |
ডিডি কিষাণ | কৃষিভিত্তিক তথ্য-মনোৰঞ্জন | হিন্দী |
ডিডি উৰ্দু | তথ্য-মনোৰঞ্জন | উৰ্দু |
নাম | ভাষা | ক্ষেত্ৰ |
---|---|---|
ডিডি অৰুণপ্ৰভা | হিন্দী আৰু ইংৰাজী | অৰুণাচল প্ৰদেশ |
ডিডি বাংলা | বঙালী | পশ্চিমবঙ্গ |
ডিডি বিহাৰ | হিন্দী আৰু বিহাৰী | বিহাৰ |
ডিডি চন্দনা | কানাড়া | কৰ্ণাটক |
ডিডি গিৰনাড় | গুজৰাটী | গুজৰাট |
ডিডি কাশীৰ | কাশ্মিৰী আৰু উৰ্দু | জম্মু আৰু কাশ্মীৰ |
ডিডি মধ্য প্ৰদেশ | হিন্দী | মধ্য প্ৰদেশ |
ডিডি মালায়ালম | মালায়ালম | কেৰালা |
ডিডি নৰ্থ ইষ্ট | অসমীয়া, হিন্দী আৰু ইংৰাজী | উত্তৰ-পূৰ্বাঞ্চল |
ডিডি ওড়িয়া | ওড়িয়া | ওড়িশা |
ডিডি পড়িগাই | তামিল | তামিলনাডু |
ডিডি পঞ্জাবী | পঞ্জাবী | পঞ্জাব |
ডিডি ৰাজস্থান | হিন্দী আৰু ৰাজস্থানী | ৰাজস্থান |
ডিডি সাহয়াদ্ৰি | মাৰাঠী | মহাৰাষ্ট্ৰ |
ডিডি সপ্তগিৰি | তেলেগু | অন্ধ্ৰপ্ৰদেশ |
ডিডি উত্তৰ প্ৰদেশ | হিন্দী | উত্তৰ প্ৰদেশ |
ডিডি য়াদাগিৰি | তেলেগু | তেলঙ্গানা |
নাম | ভাষা | ক্ষেত্ৰ |
---|---|---|
ডিডি ছত্তীছগঢ় | হিন্দী | ছত্তীছগঢ় |
ডিডি হাৰিয়ানা | হিন্দী | হাৰিয়ানা |
ডিডি হিমাচল প্ৰদেশ | হিন্দী | হিমাচল প্ৰদেশ |
ডিডি ঝাৰখণ্ড | হিন্দী | ঝাৰখণ্ড |
ডিডি মণিপুৰ | মণিপুৰী | মণিপুৰ |
ডিডি মেঘালয় | খাচী আৰু ইংৰাজী | মেঘালয় |
ডিডি মিজোৰাম | মিজো | মিজোৰাম |
ডিডি নাগালেণ্ড | ইংৰাজী | নাগালেণ্ড |
ডিডি ত্ৰিপুৰা | বঙালী আৰু ককবৰক | ত্ৰিপুৰা |
ডিডি উত্তৰাখণ্ড | হিন্দী | উত্তৰাখণ্ড |
নাম | ভাষা | ক্ষেত্ৰ |
---|---|---|
ডিডি আন্দামান আৰু নিক'বৰ | হিন্দী, বঙালী, তামিল, তেলেগু আৰু মালায়লম | আন্দামান আৰু নিক'বৰ দ্বীপপুঞ্জ |
ডিডি চণ্ডীগড় | হিন্দী আৰু পঞ্জাবী | চণ্ডীগড় |
ডিডি দাদ্ৰা আৰু নগৰ হাভেলী | হিন্দী, গুজৰাটী আৰু মাৰাঠী | দাদ্ৰা আৰু নগৰ হাভেলী |
ডিডি দমন আৰু ডিউ | হিন্দী, গুজৰাটী আৰু মাৰাঠী | দমন আৰু ডিউ |
ডিডি দিল্লী | হিন্দী | দিল্লী |
ডিডি লাক্ষাদ্বীপ | মালায়লম | লাক্ষাদ্বীপ |
ডিডি পণ্ডীচেৰী | তামিল, তেলেগু আৰু মালায়লম | পণ্ডিচেৰী |
২০০৪ চনত দূৰদৰ্শনে জৰুৰীকালীন সময়ৰ বিৰোধী নেতা জয়প্ৰকাশ নাৰায়ণৰ সন্দৰ্ভত এখন বিতৰ্কিত তথ্যচিত্ৰ চেন্সৰ কৰিছিল।[8] যেতিয়া দূৰদৰ্শনে ৰাষ্ট্ৰীয় সমাজসেৱক সংঘৰ দলপতি মোহন ভাগৱতৰ সত্তৰ-মিনিটীয়া বিজয়া-দশমীৰ বক্তৃতা সম্প্ৰচাৰ কৰিছিল, তেতিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বিজেপি দলটো ৰাজহুৱা সম্প্ৰচাৰকৰ অপব্যৱহাৰ কৰাৰ বাবে সমালোচিত হৈছিল। ডিডি ডাইৰেক্টৰ-জেনেৰেল অৰ্চনা দত্তৰ মতে, সেই বক্তৃতাটো "অইন বক্তৃতাৰ দৰেই আছিল, সেইকাৰণে আমি সেইটো সম্প্ৰচাৰ কৰিছিলোঁ। "[9][10][11]
যিহেতু ১৯৯১ চনত ব্যক্তিগত টেলিভিছন চেনেলক ক্ষমতাপ্ৰদান কৰা হয়, তেতিয়া দূৰদৰ্শনৰ দৰ্শকৰ সংখ্যা তীব্ৰগতিত হ্ৰাস পাবলৈ ধৰে। যদিও ক্ৰিকেটকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান নাইবা ঘটনাৱলী সম্প্ৰচাৰ কৰোঁতে দূৰদৰ্শনে বাধ্যতামূলক স্বত্বৰ বাবে বিজ্ঞাপনসমূহৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ আদায় কৰে,[12] তথাপিও টেলিভিছনৰ স্বত্ব আহৰণ কৰোঁতে একধৰণৰ মূল্য-আৰোপিত অনুজ্ঞা-পত্ৰৰ দ্বাৰা সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে।[13]
৯ মাৰ্চ ২০১৯ত,প্ৰচাৰ ভাৰতীয়ে তেওঁলোকৰ বিনামূলীয়া ছেটেলাইট সেৱাত ১১টা নতুন ডিডি চেনেল সংযোজন কৰে। ইয়াৰে মাজত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পাঁচটা নতুন চেনেল আছে। চেনেলবোৰ হৈছে–ডিডি চত্তিশগড়, ডিডি হাৰিয়ানা, ডিডি হিমাচল প্ৰদেশ, ডিডি ঝাৰখণ্ড, ডিডি মণিপুৰ, ডিডি মেঘালয়, ডিডি মিজোৰাম, ডিডি নাগালেণ্ড, ডিডি ত্ৰিপুৰা, আৰু ডিডি উত্তৰাখণ্ড। [14][15]