দেৰগাঁও | |
---|---|
নগৰ | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৮২ মিটাৰ (২৬৯ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
13,364 |
দেৰগাঁও(ইংৰাজী: Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই। হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত অনবদ্য অৱদান আগবঢ়োৱা কেইবাজনো বৰেণ্য ব্যক্তিৰ জন্মস্থান হৈছে দেৰগাঁও।[কোন ?]
দেৰগাঁও 26°42′N 93°58′E / 26.7°N 93.97°Eত অৱস্থিত। [1] ইয়াৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৮২ মিটাৰ (২৬৯ ফুট)। দেৰগাঁৱৰ উত্তৰে দিচৈ নৈ, দক্ষিণে গণকপুখুৰী, পূবে যোৰহাট জিলা আৰু পশ্চিমে বাদুলীপাৰ। তথ্যানুসৰি প্ৰাচীন সীমা আছিল - উত্তৰে ব্ৰহ্মপুত্ৰ, পূবে শিতলী নগৰ, দক্ষিণে ওপৰ দৈয়াং (ঢেকিয়াল) আৰু পশ্চিমে দৰিয়া। জন পেটাৰ ওৱেদ চাহাবে উল্লেখ কৰা মতে 'Devargaon famous for the temple of Sadasiva is eight long six broad... Khitali is about 12 miles long and 10 broad ... join the bank Cacadonga, directly east from Devargaon is established the custom house of Khitalorghat'.[2]
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি দেৰগাঁৱৰ জনসংখ্যা ১৩,৩৬৪ জন। [3] ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা। দেৰগাঁৱৰ গড় সাক্ষৰতাৰ হাৰ ৮৫%, পুৰুষ আৰু মহিলাৰ ক্ৰমান্বয়ে ৮৮% আৰু ৮১%। দেৰগাঁৱৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০% ছয়বছৰৰ অনুৰ্ধৰ।
দেৰগাঁও কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[4]
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেৰগাঁৱৰ মাজেদি পাৰ হৈ গৈছে। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে বৰুৱাবামুণ গাঁও ৰেলৱে ষ্টেচন। দেৰগাঁৱৰ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰাহাটৰ ৰৰৈয়া বিমানবন্দৰ।
দেৰগাঁৱৰ প্ৰধান শিক্ষানুষ্ঠানসমূহ হৈছে-
|