দেৱদাস গান্ধী | |
---|---|
১৯২০ চনত দেৱদাস গান্ধী | |
জন্ম | দেৱদাস মোহনদাস গান্ধী ২২ মে ১৯০০ চন দক্ষিণ আফ্ৰিকা |
মৃত্যু | ৩ আগষ্ট ১৯৫৭ চন মুম্বাই ভাৰত |
ৰাষ্ট্ৰীয়তা | আফ্ৰিকীয়/ ভাৰতীয় |
দাম্পত্যসঙ্গী | লক্ষ্মী গান্ধী[1][2] |
পিতৃ-মাতৃ | মোহনদাস গান্ধী(পিতা) কস্তুৰবা গান্ধী(মাতা) |
সন্তান | ৰাজমোহন গান্ধী, ৰামচন্দ্ৰ গান্ধী, গোপালকৃষ্ণ গান্ধী, তাৰা গান্ধী |
আত্মীয়-স্বজন |
|
দেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক আছিল। তেওঁ হিন্দুস্থান টাইমছৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯১৮ চনত তামিলনাডুৰ মোহনদাস গান্ধীৰ দ্বাৰা প্ৰতিষ্ঠাপিত দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা (ডিবিএইচপিএছ)ৰ প্ৰথম প্ৰচাৰক আছিল। সভাৰ উদ্দেশ্য আছিল দক্ষিণ ভাৰতত হিন্দী ভাষাৰ প্ৰচলন কৰা। [3]
ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়তে দেৱদাসৰ পিতৃৰ সহযোগী চি.ৰাজাগোপালেশ্বৰীৰ কন্যা লক্ষ্মীৰ সৈতে দেৱদাসৰ প্ৰেম হৈছিল। সেই সময়ত লক্ষ্মীৰ বয়স আছিল মাত্ৰ ১৫ বছৰ আৰু দেৱদাসৰ বয়স ২৮ বছৰ, দেৱদাসৰ পিতৃ আৰু ৰাজাজী দুয়োজনে নিজৰ পুত্ৰ আৰু কন্যাক দুয়োয়ে এজনে আনজনক দেখা নকৰাকৈ পাঁচ বছৰ অপেক্ষা কৰিবলৈ কৈছিল। পাঁচ বছৰ পাৰ হোৱাৰ পিছত, তেওঁলোকক ১৯৩৩ চনত পিতৃৰ কথা মতে বিয়া পাতি দিয়ে।[4]
দেৱদাস আৰু লক্ষ্মীৰ চাৰিটা সন্তান আছিল,তেওঁ ক্ৰমে- ৰাজমোহন গান্ধী, ৰামচন্দ্ৰ গান্ধী, গোপালকৃষ্ণ গান্ধী,[5] তাৰা গান্ধী ভট্টাচাৰ্যী(জন্ম ২৪ এপ্ৰিল ১৯৩৪ চন, নতুন দিল্লী)
![]() |
ৱিকিমিডিয়া কমন্সত দেৱদাস গান্ধী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |