প্ৰকাৰ | দৈনিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
গৰাকী | দ্য আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ |
সম্পাদক | প্ৰফুল্ল গোবিন্দ বৰুৱা |
প্ৰতিষ্ঠা | ২১ আগষ্ট, ১৯৬৫ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী |
ভগ্নী কাকত | দ্যা আছাম ট্ৰিবিউন অসম বাণী |
ৱেবছাইট | dainikasam.assamtribune.com |
দৈনিক অসম (ইংৰাজী: Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়।
দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ হৈছে কাকতখনৰ প্ৰকাশক। কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।[1] এই কাকতখনত ১৪খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ বিভিন্ন প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়।
|