দ্বীপ | |
---|---|
পোষ্টাৰ | |
পৰিচালক | গিৰিশ কাছাৰাৱল্লী |
চিত্ৰনাট্য | গিৰিশ কাছাৰাৱল্লী |
কাহিনী | না ডিছুজা |
ভিত্তি | দ্বীপ লেখক: না ডিছুজা |
প্ৰযোজক | সৌন্দৰ্যা |
অভিনয়ত | সৌন্দৰ্যা অবিনাশ য়েলন্দুৰ এম ভি বাসুদেৱ ৰাও |
চিত্ৰগ্ৰহণকাৰী | এইচ.এম. ৰামচন্দ্ৰ |
সম্পাদনা | এম এন স্বামী |
সংগীত পৰিচালক | আইজাৰ থমাছ কোট্টুকপল্লী |
প্ৰযোজনা কোম্পানী |
সত্য মুভী মেকাৰছ্ |
মুক্তি |
২৬ ছেপ্টেম্বৰ ২০০২(IFFI) ২৭ ডিচেম্বৰ ২০০২ |
দৈৰ্ঘ্য |
১৩৪ মিনিট |
দেশ | India |
ভাষা | কানাড়া |
দ্বীপ (ইংৰাজী: Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কানাড়া ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। [1] ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়। দ্বীপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, [2] চাৰিটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিবলৈ সক্ষম হৈছে। [3]
সীতা পৰ্বত নিম্নভূমিত অৱস্থিত এখন দ্বীপ-গাঁও। অবিৰত বৰষুণৰ ফলত গাঁওখন ডুব যোৱাৰ উপক্ৰম হৈছে। চৰকাৰে গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দি আঁতৰাই নিয়াত সফল হয়। মন্দিৰৰ পুৰোহিত দুগ্গজ্জা, পুত্ৰ গণপা আৰু বোৱাৰী নাগীয়ে সামান্য ক্ষতিপূৰণেৰে গৃহভূমি এৰি জীৱিকা নিৰ্বাহ কৰাটো অসম্ভৱ বুলি বিবেচনা কৰে। তেওঁলোকৰ মাত্ৰ এটা সৰু জুপুৰি, যাৰ ফলত তেওঁলোকৰ ক্ষতিপূৰণ মাত্ৰ ২৫,০০০ টকাহে পাব। গণপাৰ নিজৰ ভাষাত এই ক্ষতিপূৰণে তেওঁলোকক খাদ্য আৰু বাসস্থান দিব পাৰে, কিন্তু তেওঁলোকে লাভ কৰা মানুহৰ মৰম আৰু সন্মানৰ ক্ষতিপূৰণ দিব নোৱাৰে। দ্বীপগাঁওখনত তেওঁলোক সন্মানীয় মানুহ; কিন্তু ইয়াৰ পৰা আঁতৰি যোৱাৰ পাছত, বাহিৰত তেওঁলোক জীৱিকা নিৰ্বাহৰ বাবে সংগ্ৰাম কৰা শ শ পৰিয়ালৰ ভিতৰত এটা হ’ব। এই জটিল বিষয়বস্তুক কেন্দ্ৰ কৰি ছবিখনত পৰিয়ালটোৰ সংগ্ৰাম আৰু শেষত কেনেকৈ তেওঁলোকে দ্বীপটোত জীৱন অব্যাহত ৰাখিবলৈ সক্ষম হয়, সেই বিষয়ে বৰ্ণনা কৰিছে।