দ্য জাপানীজ ৱাইফ | |
---|---|
পৰিচালক | অপৰ্ণা সেন |
চিত্ৰনাট্য | অপৰ্ণা সেন |
কাহিনী | কুণাল বসু |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | অনয় গোস্বামী |
সম্পাদনা | ৰবিৰঞ্জন মৈত্ৰ |
সংগীত পৰিচালক | সাগৰ দেশাই |
পৰিবেশক | সাৰেগামা |
মুক্তি |
৯ এপ্ৰিল ২০১০[1] |
দৈৰ্ঘ্য |
১০৫ মিনিট |
দেশসমূহ | ভাৰত জাপান |
ভাষাসমূহ |
দ্যা জাপানীজ ৱাইফ (ইংৰাজী: The Japanese Wife) হৈছে বঙালী চিত্ৰনিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয়-জাপানী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। এই ছবিখনত ৰাহুল বসু, ৰাইমা সেন আৰু মৌচুমী চেটাৰ্জী, আৰু জাপানী অভিনেত্ৰী চিগুছা তাকাকুয়ে মূল চৰিত্ৰসমূহত অভিনয় কৰিছিল। ছবিখনি ইংৰাজী, বঙালী আৰু জাপানী ভাষাত নিৰ্মিত হৈছিল।[2] ছবিখন আৰম্ভণিতে ২০০৮ চনৰ অক্টোবৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও ২০১০ চনৰ ৯ এপ্ৰিলতহে মুক্তি পায়।[3]
ছবিখনৰ কাহিনীভাগ এগৰাকী গাঁৱলীয়া বঙালী ডেকা স্কুল শিক্ষক আৰু তেওঁৰ জাপানী পত্ৰ-বান্ধৱীৰ প্ৰেম-কাহিনীক লৈ আৱৰ্তিত হৈছে। ৰাহুল বসুৰ দ্বাৰা ৰূপায়িত ডেকা শিক্ষকজনে চিগুছা তাকাকুৰ দ্বাৰা ৰূপায়িত জাপানী গাভৰুগৰাকীক চিঠিৰ যোগেদিয়েই বিয়া কৰায় আৰু বাস্তৱত তেওঁক কাহিনীও লগ নোপোৱাকৈ আজীৱন তেওঁৰ প্ৰতি প্ৰকৃত আৰু বিশ্বস্ত হৈ ৰোৱাৰ কাহিনী বৰ্ণিত হৈছে।
স্নেহময় চেটাৰ্জী (ৰাহুল বসুৰ দ্বাৰা ৰূপায়িত চৰিত্ৰ) আৰু মিয়াগি (চিগুছা তাকাকুৰ দ্বাৰা ৰূপায়িত চৰিত্ৰ) পত্ৰবন্ধু আৰু পত্ৰৰ মাধ্যেমেৰেই তেওঁলোকৰ মাজত এক গভীৰ আৰু আৱেগিক সম্পৰ্ক গঢ়ি উঠে। মূৰকত এইদৰে চিঠিৰ যোগেদিয়েই তেওঁলোকে বিবাহপাশত আৱদ্ধ হোৱাৰ অঙ্গীকাৰ লয়। বাস্তৱ জীৱনত দীৰ্ঘ ১৭ বছৰ কাল ধৰি কাহিনীও লগ নোপোৱাকৈ এইদৰেই পাৰহৈ যায়, কিন্তু তেওঁলোকৰ মাজৰ আৱেগিক সম্পৰ্ক অটুট হৈয়ে ৰয়। তেওঁলোকৰ সম্পৰ্ক এক পৰীক্ষা সম্মুখীন হয় যেতিয়া সন্ধ্যা (ৰাইমা সেনৰ দ্বাৰা ৰূপায়িত চৰিত্ৰ) তেওঁৰ ৮ বছৰীয়া পুত্ৰ পল্টুৰ সৈতে এদিন স্নেহময়ৰ ঘৰত থাকিবলৈ আহে। স্নেহময় আৰু কণমানি ল'ৰা পল্টুৰ মাজত এক বান্ধোন গঢ় লৈ উঠে আৰু গণিতৰ শিক্ষক স্নেহময়ে পল্টুৰ যেগেদি স্পৰ্শনীয় সম্পৰ্ক আৰু পিতৃত্বৰ অনুভূতি অনুভৱ কৰে। পল্টুৰ যোগেদিয়েই তাৰ মাতৃ সন্ধ্যাৰ প্ৰতিও এক ব্যাখ্যাতীত বুজাপৰাৰ যোগসূত্ৰ গঢ়ি উঠে।
এই সকলোবোৰ স্বত্বেও স্নেহময় তেওঁৰ অদেখা পত্নী মিয়াগিৰ প্ৰতি সৎ আৰু বিশ্বস্ত হৈ ৰয়। ঘটনাক্ৰমত মিয়াগি কৰ্কটৰোগত আক্ৰান্ত বুলি নিৰ্ণিত হয় আৰু অসুস্থ হৈ পৰে। যন্ত্ৰণাত বিব্ৰত স্নেহময়ে তেওঁৰ বিদ্যালয়ৰ পৰা দীঘলীয়া ছুটী লৈ মিয়াগিৰ ৰোগৰ চিকিৎসা আৰু উপশমৰ সন্ধান বিচাৰিবলৈ ধৰিলে। এইদৰেই এদিন কোবাল ধুমুহাৰ মাজতেই কলিকতাৰ এজন ঘনিষ্ঠ কেন্সাৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে আলোচনা কৰিবলৈ স্নেহময় যায় কিন্ত পিছতহে তেওঁ উপলব্ধি কৰে যে মিয়াগি সো-শৰীৰে উপস্থিত নাথাকিলে চিকিৎসকজনে সাহায্য আগবঢ়াব নোৱাৰিব। এইদৰে আহি থাকোঁতেই ধুমুহাজাক অধিক কোৱাল আৰু ভয়াবহ হৈ উঠে, আৰু ইয়াৰ লগতে দূৰ্বাৰ বৃষ্টিপাত হয়। ঘৰলৈ ওভতাৰ ওৰে বাটত বৰষুণত তিতি বুৰি স্নেহময় নিউম'নিয়া ৰোগত আক্ৰান্ত হয়। আনহাতে, স্নেহময়ৰ গাঁও পাবলৈ বহুদুৰ বাটকুৰি বোৱাৰ পিছত নৈৰ কোবাল সোঁতৰ মাজেৰে নাৱতো যাবলগা হয়। সেইকেদিনৰ নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে কোনো ক'লৈকো যাৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়। ক্ৰমান্বয়ে নিউম'নিয়া ৰোগে স্নেহময়ৰ স্বাস্থ্য শোচনীয় কৰি তোলে। কিন্তু বৃষ্টিৰ বাবেই তেওঁৰ ওচৰ চুবুৰীয়া কোনেও সামান্য দৰৱ-পাতি আনি দিবলৈও যাব নোৱাৰা হয়, আৰু কেইদিনমানৰ পিছত স্নেহময় মৃত্যুৰ মুখত পৰে। তাৰ দিনচেৰেক পিছত বৰষুণ শাম কটাত সাগৰ শান্ত হয়, আৰু মিয়াগি কেন্সাৰৰ ৰুগীয়া দেহাৰেই আহি স্নেহময়ৰ ঘৰত উপস্থিত হয়। এখন শুভ্ৰ শাৰী পৰিহিত আৰু চূড়াকৰণকৰা শিৰেৰে (হিন্দু আচাৰ মতে বিধৱাসকলে মূৰৰ চুলি খুৰাই পেলায়) উপস্থিত হোৱা মিয়াগিক সন্ধ্যাই আগবঢ়ায় নিয়ে।