দ্য জেনেৰেল | |
---|---|
চিত্ৰগৃহত মুক্তিৰ বাবে তৈয়াৰী পোষ্টাৰ | |
পৰিচালক | ক্লাইড ব্ৰুকমেন বাষ্টাৰ কিটন |
চিত্ৰনাট্য | Al Boasberg ক্লাইড ব্ৰুকমেন বাষ্টাৰ কিটন চাৰ্লছ্ হেনৰী স্মিথ পল জেৰাৰ্ড স্মিথ |
ভিত্তি | দ্য গ্ৰেট লক'মোটিভ চেজ ১৮৬৩ উপন্যাস লেখক: ৱিলিয়াম পিটেংগাৰ |
প্ৰযোজক | Joseph Schenck বাষ্টাৰ কিটন |
অভিনয়ত | বাষ্টাৰ কিটন মেৰিয়ন মেক |
চিত্ৰগ্ৰহণকাৰী | বাৰ্ট হেইনছ্ Devereaux Jennings |
সম্পাদনা | বাষ্টাৰ কিটন ছেৰম্যান কেল |
সংগীত পৰিচালক | ৱিলিয়াম পি পেৰি (১৯২৬) কাৰ্ল জেভিচ (১৯৮৭) ৰবাৰ্ট ইছৰেল (১৯৯৫) বওদিম জ্যাম (১৯৯৯) Joe Hisaishi (২০০৪) টিমথি ব্ৰুক (২০০৫) এঞ্জেলিনা ফ'ন্দা (২০১৭) |
প্ৰযোজনা কোম্পানীসমূহ |
বাষ্টাৰ কিটন প্ৰ'ডাকচনচ্ জোচেফ এম. শ্বেংগ্ প্ৰ'ডাকচনচ্ |
পৰিবেশক | ইউনাইটেড আৰ্টিষ্টছ্ |
মুক্তি |
ডিচেম্বৰ ৩১, ১৯২৬[1] (টকিঅ') ফেব্ৰুৱাৰী ৫, ১৯২৭ (নিউয়ৰ্ক চিটি) |
দৈৰ্ঘ্য |
৭৫ মিনিট (৮ ৰিল) (ভিন্ন সংস্কৰণত ভিন্ন সময় দেখা যায়) |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ভাষাসমূহ | নিৰ্বাক চলচ্চিত্ৰ ইংৰাজী ই্ণ্টাৰটাইটল |
বাজেট | $৭৫০,০০০ |
সৰ্বমুঠ আয় | $১ মিলিয়ন |
দ্য জেনেৰেল (ইংৰাজী: The General) হৈছে ১৯২৬ চনত ইউনাইটেড আৰ্টিষ্টে মুক্তি দিয়া এখন আমেৰিকান নিৰ্বাক চলচ্চিত্ৰ। আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা সত্য কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৮৮৯ চনত প্ৰকাশ পোৱা উইলিয়াম পিটেংগাৰৰ স্মৃতিচাৰণ গ্ৰন্থ দ্য গ্ৰেট ইঞ্জিন চেজৰ আধাৰত দ্য জেনেৰেলৰ কাহিনীটো সজোৱা হৈছে। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বাষ্টাৰ কিটনে, যিয়ে ক্লাইড ব্ৰুকমেনৰ সৈতে ছবিখন যুটীয়াভাবে পৰিচালনাও কৰিছে৷
প্ৰথম মুক্তিৰ সময়ত, নিৰ্বাক যুগৰ শেষৰ ফালে নিৰ্মিত একচন-এডভেঞ্চাৰ-কমেডী দ্য জেনেৰেলে সমালোচক আৰু দৰ্শকৰ পৰা ভাল সঁহাৰি পোৱা নাছিল, যাৰ ফলত বক্স অফিচৰ আয় মধ্যমীয়া ধৰণৰ আছিল৷ তেতিয়াৰ দিনৰ এক বিশাল বাজেট ৭.৫০ হাজাৰ ডলাৰ যোগান ধৰিছিল জোচেফ শ্বেংকে৷ উল্লেখনীয় লাভ উপাৰ্জন কৰিব নোৱাৰাৰ দোষত কিটনে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে স্বাধীনতা হেৰুৱাই পেলাইছিল আৰ পেট্ৰ’-গল্ডৱিন-মেয়াৰ ষ্টুডিঅ'ৰ সৈতে সীমিত চুক্তি কৰিবলৈ বাধ্য হৈ পৰিছিল।
ছবিখনৰ দাবীদাৰসকলে ইয়াৰ কপিৰাইট পুনৰ নবীকৰন নকৰাত মুক্তিৰ ২৮ বছৰ পিছত, ১৯৫৪ চনত দ্য জেনেৰেল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাব্লিক ড'মেইনৰ অন্তৰ্ভূক্ত হয়৷[2]
পিছলৈ ছবিখনক পুনৰ্মূল্যায়ণ কৰা হয় আৰু বৰ্তমান প্ৰায়ে ইয়াক এতিয়ালৈকে নিৰ্মিত সৰ্বশ্ৰেষ্ঠ আমেৰিকান ছবিসমূহৰ ভিতৰত স্থান দিয়া হয়। ১৯৮৯ চনত ইয়াক "সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ" হোৱাৰ বাবে লাইব্ৰেৰী অফ কংগ্ৰেছে যুক্তৰাষ্ট্ৰৰ নেচনেল ফিল্ম ৰেজিষ্ট্ৰীত সংৰক্ষণৰ হেতু প্ৰথম শ্ৰেণীত অন্তৰ্ভূক্ত কৰিবলৈ বাচনি কৰে৷
১৯২৬ চনৰ ৩১ ডিচেম্বৰত জাপানৰ টকিঅ'ৰ দুটা সৰু ছবিগৃহত দ্য জেনেৰেলৰ প্ৰিমিয়াৰ হয়। ১৯২৭ চনৰ ২২ জানুৱাৰীত নিউয়ৰ্ক মহানগৰৰ আগশাৰীৰ ছবিগৃহ কেপিটেল থিয়েটাৰত ইয়াৰ প্ৰিমিয়াৰ হোৱাৰ কথা আছিল;[3] কিন্তু ছবিগৃহটোত চলি থকা চুপাৰ হিট ছবি ফ্লেছ এণ্ড দ্য ডেভিলৰ বাবে দুসপ্তাহমান পলম হৈছিল। অৱশেষত দ্য জেনেৰেল প্ৰিমিয়াৰ ৫ ফেব্ৰুৱাৰীত হয়। ছবিখনৰ প্ৰচাৰৰ অংশ হিচাপে লবীত প্ৰকৃত জেনেৰেল নামৰ ইঞ্জিনটোৰ ঘণ্টা প্ৰদৰ্শনৰ বাবে ৰখা হৈছিল। ই কেপিটেল থিয়েটাৰত মাত্ৰ এসপ্তাহ চলিছিল আৰু ৫০,৯৯২ ডলাৰ উপাৰ্জন কৰিছিল; যিটো সাধাৰণতে বক্স-অফিচৰ গড় আয় বুলি গণ্য কৰা হয়।[4] ৭,৫০,০০০ ডলাৰ খৰচ কৰি নিৰ্মাণ কৰা ছবিখনে আমেৰিকাত উপাৰ্জন কৰে ৪৭৪,২৬৪ ডলাৰ।[5]
প্ৰাৰম্ভিক মুক্তিৰ সময়ত ছবিখনে সমালোচকসকলক সন্তুষ্ট কৰাত বহুলাংশে ব্যৰ্থ হৈছিল। “চাৰি সপ্তাহ ধৰি ৰেকৰ্ড ব্যৱসায় কৰা ফ্লেছ এণ্ড দ্য ডেভিল ছবিখনৰ সৈতে মিলালে এনে লাগে যেন এই সপ্তাহতে দ্য জেনেৰেল-এ অনাহাৰত মৃত্যুবৰণ কৰিব।” লগতে কোৱা হৈছিল যে ই “মনোৰঞ্জনৰ পৰা বহু আঁতৰত” আৰু ই “তেনেই ফ্লপ ছবি আছিল”।[6] নিউয়ৰ্ক টাইমছৰ পৰ্যালোচক মৰ্ড’ণ্ট হলৰ মতে, “সুনিৰ্মিত যদিও ছবিখনে প্ৰচুৰ আমোদ দিব পৰা নাই", আৰু “এইটো কোনো কাৰণতে কিটনৰ পূৰ্বৰ প্ৰয়াসবোৰৰ সম পৰ্যায়ৰ হোৱা নাই।”[7] লছ এঞ্জেলছ টাইমছৰ বাতৰি অনুসৰি এই ছবিখন “পোনপটীয়া কমেডী নহয় বা ই সম্পূৰ্ণ ৰোমাঞ্চকৰ নাটকও নহয়"... “দুটা ইঞ্জিনৰ খেদাখেদিৰ দীঘলীয়া আৰু ক্লান্তিকৰ বিৱৰণ”।[8] মোচন পিকচাৰ ক্লাছিকৰ এটা পৰ্যালোচনাত ইয়াক “এটা মৃদু গৃহযুদ্ধৰ কমেডী, কিটনৰ সৰ্বশ্ৰেষ্ঠ মানৰ সমপৰ্যায়ৰ নহয়” বুলি অভিহিত কৰা হৈছে।[9] নিউয়ৰ্ক হেৰাল্ড ট্ৰিবিউনৰ এটা পৰ্যালোচনাত ছবিখনক “দীঘলীয়া আৰু বিৰক্তিকৰ—বাষ্টাৰ কিটনে এতিয়ালৈকে নিৰ্মাণ কৰা ছবিবোৰৰ ভিতৰত কম আমোদজনক” বুলি উল্লেখ কৰিছে। লেখক ৰবাৰ্ট ই শ্বেৰউডে লিখিছে, “কোনোবাই বাষ্টাৰ কিটনক ক'ব লাগিছিল যে যুদ্ধত মানুহৰ হত্যা হয় আৰু ইয়াৰ পৰা হাস্যৰস আহৰণ কৰাটো কঠিন।” ছবিখনৰ বিষয়ে মাথো এটা ভাল পৰ্যালোচনা লিখিছিল ব্ৰুকলিন ঈগলে।[4]
১৯৬৩ চনত কিটনে কৈছিল, “মই নিৰ্মাণ কৰা সকলো ছবিতকৈ সেই ছবিখনৰ বাবে অধিক গৌৰৱ অনুভৱ কৰিছিলোঁ। কাৰণ মই... ইতিহাসৰ গ্ৰন্থৰ পৰা এটা সঁচা ঘটনা বাচি লৈছিলো আৰু ছবিখনত কাহিনীটো বিতংভাৱে বৰ্ণনা কৰিছিলো।”[5] ৰুচিৰ পৰিৱৰ্তন আৰু কিটনৰ কৰ্মৰ সমালোচনামূলক পুনৰ মূল্যায়নৰ পিছত পিছৰ দৰ্শক আৰু সমালোচক উভয়ে তেওঁৰ সৈতে সহমত পোষণ কৰিছে। বৰ্তমান দ্য জেনেৰেলক এতিয়া নিৰ্বাক যুগৰ এখন প্ৰধান ক্লাছিক হিচাপে গণ্য কৰা হয়। ডেভিড ৰবিনছনে লিখিছে, "ছবিখনৰ প্ৰতিটো শ্বটতে মেথিউ ব্ৰেডীৰ গৃহযুদ্ধৰ আলোকচিত্ৰৰ সত্যতা আৰু নিৰ্বিবাদ সঠিক ৰূপৰ প্ৰতিফলন হৈছে।"[10]
১৯৮৯ চনত দ্য জেনেৰেলক "সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ" হোৱাৰ বাবে লাইব্ৰেৰী অফ কংগ্ৰেছে যুক্তৰাষ্ট্ৰৰ নেচনেল ফিল্ম ৰেজিষ্ট্ৰীত সংৰক্ষণৰ কৰিবলৈ বাচনি কৰে৷ সেই বছৰটো আছিল ফিল্ম ৰেজিষ্ট্ৰীৰ প্ৰথম বছৰ আৰু দ্য জেনেৰেলৰ সৈতে সংৰক্ষিত কৰিবলৈ নিৰ্বাচিত কৰা আন কেইখনমান ছবি হ’ল- দ্য বেষ্ট ইয়েৰচ্ অফ আৱাৰ লাইভচ্, কাচিবিয়াঙ্কা, চিটিজেনকেন,গন উইথ দ্য ৱাইণ্ড, চিংগিন ইন দ্য ৰেইন, ষ্টাৰ ৱাৰছ্।