দ্ৰুপদ | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | পৃৃষত (পিতা) |
সন্তান | শিখণ্ডী, ধৃষ্টদ্যুম্ন, দ্ৰৌপদী, সত্যজিৎ, ব্ৰীক, উত্তামঝা, কুমাৰ, যুধ্যমান, পাঞ্চাল্য, সুৰথ, শত্ৰুঞ্জয়া আৰু জন্মেজয় |
দ্ৰুপদ (সংস্কৃত: द्रुपद) যজ্ঞসেন নামেও পৰিচিত (সংস্কৃত: यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।[1]
দ্ৰুপদ ৰজাই তেখেতৰ কন্যা তথা পাঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ বিবাহৰ উদ্দেশ্যে সয়ম্বৰ সভাৰ আয়োজন কৰিছিল।[2]
দ্ৰুপদ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। তেখেত এজন মহাৰথী আছিল।[3][4]