দৰং জিলাত সাধাৰণতে অসমীয়া, বাংলা, বড়ো, নেপালী, হিন্দী, ইংৰাজী আদি ভাষা প্ৰচলিত। ইয়াৰ উপৰি দৰং জিলাত দৰঙীয়া ভাষা নামেৰে স্থায়ী ভাষাৰ যথেষ্ট প্ৰচলন আছে। দৰং জিলাৰ স্থায়ী বাসিন্দাসকলে এই ভাষাতে অধিক কথা বতৰা পাতে। এই ভাষাৰ শব্দ হৈছে - ঝিয়া-লিকিৰা (ল'ৰা-ছোৱালী)। লগতে ঠাই লৈ যেনে - দেওমৰনৈ, দুনী,ঠেকেৰাবাৰী, মহলীয়াপাৰা, গড়গড়ী, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ঠাৰভাষা নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে।
মঙ্গলদৈ: দৰং জিলাৰ এখন মুখ্য নগৰ। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বনিক চাহাবসকলে এই নগৰখনৰ আৰম্ভণি কৰিছিল। ইংৰাজ সকলে কোঁচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। ১৯৮৩ চনৰ জুলাইত নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙলদৈ নগৰত। ইয়াৰ আগলৈকে মঙলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই।[1]
মংগলদৈ মহাবিদ্যালয়
মংগলদৈ বাণিজ্য মহাবিদ্যালয়
ছিপাঝাৰ: দৰং জিলাৰ এখন অন্যতম চহৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল।
ছিপাঝাৰ মহাবিদ্যালয়: ছিপাঝাৰৰ মাজ মজিয়াতে অৱস্থিত এই মহাবিদ্য়ালয় খনে কলা বিষয়ক শিক্ষা প্ৰদান কৰি 1971 চনৰ পৰাই অঞ্চলটিক শিক্ষাৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰি আহিছে। মঙ্গলদৈ, কলাইগাও, ডুমুনিচকী, কুৰুৱা, সোণাপুৰ আৰু টংলা আদি দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থী আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আছে।
নাৰিকলি মন্দিৰ
পথৰুঘাট: ইংৰাজ শাসন কালত হোৱা কৃষক বিদ্ৰোহৰ সমূহৰ অন্যতম আৰু ঐতিহাসিক বিদ্ৰোহ হৈছে - পথৰুঘাটৰ কৃষক বিদ্ৰোহ। দৰং জিলাত ইংৰাজৰ অত্যধিক কৰ আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি উক্ত স্থানত ইংৰাজ চিপাহীৰে সংঘাতত লিপ্ত হৈ বহু কৃষকে (প্ৰায় ১৪০জন) প্ৰাণ আহুতি দিলে। এই ঠাইখিনি বৰ্তমান পাথৰিঘাট নামেৰে জনাজাত। দৰং জিলাৰ ই এক গুৰুত্বপূৰ্ণ স্থান - ইয়াত কৃষক শ্বহীদ স্মৃতি ক্ষেত্ৰ আছে।
দেওমৰনৈ: দৰং জিলাৰ এক অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই তথা মংগলদৈ,ছিপাঝাৰ আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ সংযোগ স্থলী। পূৰ্বতে দ্বিগ্বাসা নদীৰ পাৰত এই স্থান অৱস্থিত আছিল আৰু এই স্থানৰ সমীপতে ঐতিহাসিক শিয়ালা বৈষ্ণৱ সত্ৰ অৱস্থিত। সত্ৰৰ মূল ব্যক্তি তথা ঈশ্বৰিক পুৰুষ শিয়ালা গোহাঁইৰ অভিশাপত দ্বিগ্বাসা নদী মৰানৈ লৈ ৰূপান্তৰ হয় আৰু ঠাইখন ক্ৰমে দেৱে মৰা নৈ-দেৱমৰনৈ আৰু শেষত দেওমৰনৈ হয়। দেওমৰনৈ দৰং জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কিয়নো ইয়াত আছে - বহু কেইখন প্ৰাথমিক বিদ্যালয়,জাতীয় বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন,সাহিত্য সভাৰ বিদ্যালয়,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়(বিজ্ঞান),স্ত্ৰী শিক্ষাৰ বাবে দেওমৰনৈ ছোৱালী হাইস্কুল,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বি.এড মহাবিদ্যালয়,দেওমৰনৈ সংগীত মহাবিদ্যালয় আদি ইয়াৰ লগতে দেওমৰনৈ চিকিৎসালয়,,পশু চিকিৎসালয়,হস্ততাত শিল্পকেন্দ্ৰ,বেংক ব্যৱস্থা,সাপ্তাহিক বজাৰ,ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ,দুৰ্গা মন্দিৰ,ৰজাদিনীয়া পুখুৰী। দেওমৰনৈ অঞ্চলত আছে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী,অসম আন্দোলনৰ শ্বহীদ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক যাদৱ শৰ্মা আদি দেওমৰনৈৰ সন্তান।
শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ : শিয়ালা বৈষ্ণৱ চৰিত পুথি আৰু জনশ্ৰুতি অনুসৰি আনুমানিক খ্ৰীষ্টীয় ৯-১০ শতিকাত দৰঙলৈ এগৰাকী বৈষ্ণৱ ব্ৰাহ্মণৰ আগমন ঘটিছিল। তেওঁৰ নাম আছিল ধৰ্মদেৱ বিপ্ৰ ভূঞা। তেওঁ প্ৰথমে বৰাবাৰী অঞ্চলত বাস কৰিছিল। কিন্তু তাত পোৱা অসুবিধাৰ বাবে ধৰ্মদেৱে উত্তৰ দিশত আহি বৰ্তমানৰ দেওমৰনৈ আৰু তেতিয়াৰ দ্বিগ্বাসা নৈৰ পাৰত সত্ৰ পাতি দুগৰাকী পত্নী কুণ্ডতৰা আৰু চান্দতৰা সহিতে ভকত বৈষ্ণৱৰ লগত ধৰ্মদেৱ স্থায়ীকৈ থাকিবলৈ লয়। তেনেদৰে সময় গৈ থাকিল এদিন তেওঁৰ দ্বিতীয়া পত্নী চান্দতৰা সন্তান সম্ভৱা হয় আৰু পত্নীক চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল ধৰ্মদেৱৰ প্ৰথমা পত্নী কুণ্ডতৰাৰ হাতত। তেওঁ পত্নীক দায়িত্ব দি তীৰ্থ ভ্ৰমণৰ লৈ গুছি যায়। যথা সময়ত চান্দতৰাই এটি পুত্ৰ সন্তান জন্ম দিয়ে যদিও কুণ্ডতৰাই এটি মাংস পিণ্ড প্ৰসৱ হোৱা বুলি কৈ সন্তানটোক এটিত চৰুত ভৰাই কাষৰ হাবিখনত থৈ আহে। তেনে সময়তেই এজনী শিয়ালীয়ে খাদ্যৰ সন্ধানত আহি সন্তানটো দেখি নিজৰ গাতলৈ নি প্ৰতি - পালনৰ কৰিবলৈ লয়। তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি ধৰ্মদেৱে সমগ্ৰ ঘটনা গম পায় সন্তানটোৰ সন্ধান কৰে আৰু সেইদৰে অৰণ্যত শিয়ালৰ মাজত সন্তানটোৱে খেলি থকা দেখা পায় সন্তানটো উদ্ধাৰ কৰিলে। তেওঁ পুত্ৰৰ নাম ৰাখিলে "সম্বৎসৰ ভূঞা" কিন্তু শিয়ালে কিছুদিন পতিপালন কৰাৰ বাবে পিছলৈ তেওঁ "শিয়ালা বৈষ্ণৱ বা শিয়ালা গোসাঁই" নামেৰে জনাজাত হয়। সম্বৎসৰদেৱে "ৰম্ভাৱতী" নামৰ এগৰাকী নাৰীৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু সত্ৰৰ দায়িত্ব গ্ৰহণ কৰে। এদিনাখন ৰম্ভাৱতীয়ে দ্বিগ্বাসা ঘাটলৈ পানী আনিবলৈ গৈছিল কিন্তু নাওঁৰীয়া সকলে ঘাটটোত নাওঁ বান্ধি ঘাটটো বন্ধ কৰি ৰাখে ফলত তেওঁ পানী আনিব নোৱাৰি সত্ৰলৈ উভতি আহে। সমগ্ৰ কথা গম পায় শিয়ালা গোসাইৰ খং উঠে আৰু নৈ ঘাটত গৈ নাঁৱৰীয়াসকলক অভিপাশ দিয়ে। শিয়ালা বৈষ্ণৱ চৰিত পুথিত উল্লেখিত - " মোৰ ঘাটে নৌকা ৰাখে সিটো বৰ দুষ্টবৰ। নৌকা সমে তল যাউক দুষ্ট সদাগৰ।। ৩৮৩ চিঙ্গোক নদী যাতে নাও আনিতে নাপাৰে। এহি বুলি শাপ দিলা ক্ৰোধে বিপ্ৰবৰে।। যদি শাপ দিলা বিপ্ৰে নাৱ তল গৈলা। নদীয়ো তেখনে জানা মাজতে চিঙ্গিলা।। ৩৮৪ অৰ্থাৎ "মোৰ ঘাটতত নৌকা ৰখা দুষ্ট। নৌকা সহতি তল যাওঁক দুষ্ট সদাগৰ। নদীটোও চিঙক যাতে নদীৰে নাও আনিব নোৱাৰে। এই বুলি খঙত অভিশাপ দিলে বিপ্ৰদেৱে। বিপ্ৰই যেতিয়া অভিশাপ দিলে নাওঁ তল গল। নদীয়ো মাজত চিঙি গ'ল।" তাৰ পিছত দ্বিগ্বাসা নদী মৰানৈত পৰিণত হ'ল। বৰ্তমান নদীৰ ভগ্ন অংশক মৰনৈ বোলে। এইদৰে বৈষ্ণৱ বংশৰ কেইবাটাও প্ৰজন্মই ইয়াত বাস কৰি থাকিল কিন্তু হঠাৎ মহামাৰীৰ প্ৰভাৱত পৰি মানুহৰ মৃত্যু হোৱা পৰিৱেশ সৃষ্টি হোৱাত মানুহবোৰ অন্য ঠাইলৈ গুচি যায় আৰু অঞ্চলটো জনশূন্য হৈ পৰিল। সময়ৰ গতিত উক্ত স্থানে অৰণ্য ৰূপ লয়। বহু বছৰ পিছত সম্ভৱতঃ স্বাধীনতাৰ আগে - পাছে মৰানৈ পাৰৰ ঝাৰণি (মন্নেইঝাৰ বা মন্নেইপাৰ) লৈ লাহে লাহে মানুহ আহি স্থায়ীভাৱে থাকিবলৈ ল'লে। দেৱৰ অভিশাপত নৈ খন মৰি গৈ হ'ল আৰু তাৰ পৰাই কালক্ৰমে উৎপত্তি হ'ল ঠাইখনৰ নাম - 'দেৱে - মৰা - নৈ ' তাৰ পিছত 'দেৱ-মৰনৈ' আৰু বৰ্তমান দেওমৰনৈ। দেশৰ স্বাধীনতাৰ পিছত শিয়ালা বৈষ্ণৱ চৰিত পুথি আৰু জনশ্ৰুতিৰ আধাৰত ৰাইজৰ প্ৰচেষ্টাত জলজলীৰ বৈৰাগী সত্ৰৰ সত্ৰাধিকাৰ নৰেন্দ্ৰ দেৱ গোস্বামীক আমন্ত্ৰণ কৰি আনি গছা স্থাপনৰে পূৰ্বৰ শিয়াল মন্দিৰটোক সত্ৰৰূপে পুনৰ প্ৰতিষ্ঠা কৰা হয়। কিন্তু সত্ৰৰ মাংগলিক কাৰ্য পৰিচালনা কৰিবলৈ ওচৰত বৈষ্ণৱ নথকা হেতুকে কুমাৰপাৰাৰ ভাৰত চন্দ্ৰ কুমাৰক নীতি নিয়ম অনুসৰি দায়িত্ব দিয়া হৈছিল। বৰ্তমান এই দায়িত্ব শশীন্দ্ৰ ভট্টাচাৰ্য্যই পালন কৰি আছে। লোক বিশ্বাস অনুসৰি এই সত্ৰত শৰাই এভাগ আগবঢ়ালে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিব পাৰি , দুখ-কষ্ট নিবাৰণ হয় আৰু মনৰ ইচ্ছা পুৰণ হয়। সত্ৰখনৰ ভৌগোলিক পৰিচয় চকুত লগা- বহুল পৰিসৰৰ সত্ৰখন এক নিৰিবিলি ঠাইত প্ৰতিষ্ঠিত তাৰ চাৰিওফাল প্ৰকৃতিকৰ সেউজীয়া ৰঙেৰে আৱৰা। সত্ৰখনৰ আগভাগত এটি পুখুৰী আৰু সত্ৰখনৰ কাষতে আছে তেতিয়াৰ দ্বিগ্বাসা নদী আৰু বৰ্তমানৰ মৰনৈ। সত্ৰত মূলত শ্ৰীকৃষ্ণক উপাসনা কৰা হয় সেয়ে কৃষ্ণ জনাষ্টমী আৰু দেউল উৎসৱত অগণন ভক্তই আহি সত্ৰত আশীৰ্বাদ গ্ৰহণ কৰে। সত্ৰখন পুৰাতন কথাৰে সমৃদ্ধিশালী যদিও সত্ৰৰ আন্তঃগাঠনি আৰু প্ৰচাৰ বৰ্তমানো সীমিত। চুমকৈ ক'ব গ'লে দেওমৰনৈ নামৰটো লগত শিয়াল বৈষ্ণৱ আৰু মৰনৈ নদীৰ এক নিবিড় সম্পৰ্ক আছে।
পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰ
লখিমপুৰ পুখুৰী
বুঢ়ীনগৰ পুখুৰী
মহলীয়াপাৰা
হাজৰিকাপাৰা
কাপোৰপুৰি মন্দিৰ
দুনী
ভেৰুৱা
দিপীলা
ৰত্নাৱলী সত্ৰ
বেছিমাৰী
খটৰা: খটৰাত ঐতিহাসিক খটৰা সত্ৰ অৱস্থিত। ৫০০ বছৰীয়া এই সত্ৰখন দৰং জিলাৰ প্ৰাণকেন্দ্ৰ।
দেৱানন্দ সত্ৰ
নামখলা
কলাইগাঁও
খাৰুপেটীয়া
দলগাও
ডুমুনীচকী
বেছিমাৰী শাক পাচলিৰ বাবে অসমৰ এখন বিখ্যাত ঠাই আৰু এই ঠাইৰ পৰা শাক পাচলি অসমৰ সকলো ঠাইত বিয়পে।
ইয়াৰোপৰি বহুতো সৰু ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে বাবে দৰঙক পুষ্কৰিণীৰ দেশ বুলিও কোৱা হয়। বিশেষকৈ ৰজা আৰিমত্তৰ দিনত খন্দোৱা এক কাউন পুখুৰী এইক্ষেত্ৰত উল্লেখযোগ্য।
↑All details regarding Darrang District have been processed from Govt. of India. We are not responsible for errors to population census details of Darrang District