ধান | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
গণ: | Oryza |
প্ৰজাতি: | O. sativa |
বৈজ্ঞানিক নাম | |
Oryza sativa |
ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা। আৰবৰ বণিকে ভাৰতৰপৰা আৰিছি নিলে আৰু তাৰ নাম ৰাখিলে - আল ৰুজ (Ul-ruz)। কালক্ৰমত ইয়ে স্পেইনত হৈ পৰিল - আৰোজ (Arroz) আৰু গ্ৰীছত উৰিজা (Oriza)। ফৰাচীত ৰিজ (Riz), ইটালিত ৰিচো (Riso), জাৰ্মানত ৰেইজ (Reis) আৰু শেষত ইংলেণ্ডত ধান হৈ পৰিল ৰাইছ (Rice)।[1]
প্ৰায় ১৩০ নিযুত বছৰ আগেয়ে অন্য তৰু-তৃণৰ সৈতে পৃথিৱীত ধান গজি উঠাৰ প্ৰমাণ পোৱা যায়। ১৫, ০০০ বছৰ পূৰ্বে ভাৱতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ হিমালয়ৰ পাদ অঞ্চলত প্ৰাকৃতিকভাৱে ধান গজি উঠিছিল। কালক্ৰমত ই সিঁচৰিত হ'ল ভাৰতৰ উত্তৰ -পূব অঞ্চললৈ আৰু লাহে লাহে দক্ষিণ-পূব এচিয়া আৰু ঘাইকৈ চীনলৈ। জাপানীসকলে ধানৰ কঠীয়া ল'লে পূব চীনৰ পৰা ৩, ০০০ বছৰ পূৰ্বে। খ্ৰিষ্টপূৰ্ব প্ৰায় ৫৪৩ বছৰ আগেয়ে ভাৰতীয় ধান গৈ মালয় আৰু জাভাত সোমাল। ১১ শতাব্দীৰ আশে-পাশে আৰব বনিকে ভাৰতৰপৰা ধান লৈ ইৰান আৰু ইজিপ্তত ব্যৱসায় কৰিলে। তাৰ পৰাই ধান সোমালগৈ স্পেইন আৰু ছিছিলত। নীল নদীৰ পাৰত ধানৰ খেতি আৰম্ভ হয় প্ৰায় ৬৩৯ খ্ৰিষ্টাব্দত। ইটালিত ধানৰ প্ৰবেশ ১৪৫৮ খ্ৰিষ্টাব্দত। ইটালিৰ পৰাই ধান ক্ৰমে বুলগেৰিয়া, যুগোশ্লাভিয়া আৰু ৰোমানিয়ালৈ সম্প্ৰসাৰিত হ'ল। আমেৰিকাত ধানৰ প্ৰথম প্ৰবেশ ১৬০৯ খ্ৰিষ্টাব্দত। আজি এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সমগ্ৰ বিশ্বতে ধানৰ শস্যৰ সিঁচৰিত।[1]
ভাৰতবৰ্ষত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়। যেনে - শালিধান, আহুধান, বাওধান আৰু বড়োধান।
শালিধান : শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়। শালিধান কেইবা বিধৰো আছে। ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২৩ অংশ শালিধান। শালিধানৰ খেতিয়ে বেছি সময় লয়। এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়। এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়।
আহুধান : চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়। আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়। আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়। কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন। বৰষুণ একেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়। আহুধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন। এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়। আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম। এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা। সেয়ে ইয়াৰ চাহিদা কিছু কম। আহু ধানৰ খেতিৰ বাবে ফাল্গুন-চ'ত মাহত মাটি ভালকৈ চহাই বন-জাবৰ গুচাই পৰিষ্কাৰ কৰিব লাগে। আৱশ্যক অনুপাতে শুকান গোবৰ নাইবা ৰাসায়নিক সাৰ দিয়া উচিত। মাটি চাহ হ'লে ধান সিঁচি দীঘে-পথালিয়ে দুচাহ হাল বাই, মৈয়াই দিব লাগে। ধান-গছ গজি ১২–১৪ চেণ্টিমিটাৰমান ওখ হ'লে বিন্ধাব লাগে। বিন্ধাই দিয়াৰ পিছত খন্তিৰে বন-পাত গুচাই নিৰাই দিব লাগে।
বড়োধান : এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়। বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে।
বাওধান : বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন। পিতনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়। বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে। সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি। এই ধানৰ উৎপাদন কিছু কম।
উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত জলসিঞ্চনৰ দ্বাৰা প্ৰচুৰ ধান খেতি কৰা হয়। কাবেৰী নদীৰ ব-দ্বীপত বেছি ধান খেতি হয় বাবে ইয়াক দাক্ষিণাত্যৰ ধানৰ ভৰাল বুলি কোৱা হয়। পাহাৰীয়া ঠাইবিলাকতো ঝুম আৰু বেদিকা কৃষি কৰি ধান উৎপাদন কৰা হয়। [2]
মাণিকীমধুৰি, ভোগজহা, ৰামপাল জহা, কৃষ্ণজহা, ফুটুকী আহিনী, পছাৰভোগ, টঙাপাছি, বদ্ধনা, গুজুৰি, পেটপাখৰী, কেকোৱা, মইনাগিৰী, বৰা, বোকা, কলমদানি আদি। উজনি অসমৰ যোৰহাট, বিশেষকৈ তিতাবৰ, বৰহোলা আদি ঠাইবোৰত আজিৰ পৰা ৩০ বছৰ মানৰ আগতে কিছুমান থলুৱা জাতৰ ধান পোৱা গৈছিল। সেইবোৰক দুটা ভাগত ভাগ কৰি শালি আৰু লাহি ধান হিচাপে নাম দি লোৱা হৈছিল। সেয়া হ'ল যেনে- বৰধান। ইয়াৰো জাত আছিল দুটা (১) আঁকিবৰ আৰু (২) লথাবৰ। গমিধান, মিচিধান, কণীজহা আদিয়ে আছিল লাহিধান। এতিয়া উন্নত জাত বুলি নতুন কিছুমান ধানৰ বীজ ওলোৱাত সেই আগৰ পুৰণি ধানসমূহ নোহোৱা হ'ল। [উদ্ধৃতিৰ প্ৰয়োজন]
ৱিকিমিডিয়া কমন্সত ধান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |