ধ্ৰুৱজ্যোতি বৰা | |
---|---|
![]() | |
জন্ম | ২৭ নৱেম্বৰ, ১৯৫৫ চন অসম |
পেচা | সাহিত্যিক, চিকিৎসক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | কথা ৰত্নাকৰ |
উল্লেখযোগ্য বঁটা | অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা,২০০১
সাহিত্য অকাডেমি বঁটা, ২০০৯[1] অসম প্ৰকাশন পৰিষদ বঁটা, ২০২৩ |
ড°ধ্ৰুৱজ্যোতি বৰা (ইংৰাজী: Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক।[2] তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে, দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৩-১৫ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম অধিৱেশনত তেখেতক নতুন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।[3]। [4] ২০২৩ বৰ্ষত ড° ধ্ৰুৱজ্যোতি বৰাক তেখেতৰ 'ইনাৰ লেণ্ডস্কে ইপ্ছ' শীৰ্ষক উপন্যাসখনৰ বাবে 'অসম প্ৰকাশন পৰিষদ'ৰ সাহিত্য বঁটা প্ৰদান কৰা হয়। [5] [6] ২০২৩ বৰ্ষত আঁক-বাক প্ৰকাশনে তেখেতৰ পাঁচটা খণ্ডত ২৭খন উপন্যাসৰ নিৰ্বাচিত সমগ্ৰ প্ৰকাশ কৰিছে। বৰ্তমান তেওঁ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।
তেখেতৰ জন্ম হয় ১৯৫৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে তেতিয়াৰ শ্বিলঙ চহৰৰ গণেশ দাস হাস্পতালত৷ পিতৃৰ নাম ডঃ মহেন্দ্ৰ নাথ বৰা আৰু মাতৃৰ নাম অমিয়া বৰা৷ পিতৃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘ডিন’ আৰু উপাচাৰ্য আছিল৷
তেখেতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেখেতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে।[7][8] উল্লেখ্য যে বৰা গৰীয়সী আলোচনীৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কৰ্মৰত আছিল।
‘ধ্ৰুৱজ্যোতি বৰা মিত্ৰ মণ্ডলী’ৰ উদ্যোগত আৰু ৰাজহুৱা ন্যাস ‘নৰ্থ ইষ্ট ফাউণ্ডেচন’ৰ সহযোগত ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ নামেৰে এক সাহিত্য পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছে। ২০২১ চনৰ পৰা এই বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমীয়া সাহিত্যৰ বিভিন্ন দিশত সৃষ্টিশীল, বিশ্লেষণাত্মক, গবেষণাধৰ্মী, সমীক্ষাত্মক ইত্যাদি লিখনিৰে জাতীয় জীৱন আৰু ভাষা-সাহিত্য সমৃদ্ধ কৰা একোখনি গ্ৰন্থৰ বাবে প্ৰতিবছৰে একোগৰাকীকৈ সাহিত্যিকক এই পুৰস্কাৰটি প্ৰদান কৰা হয়। এই পুৰস্কাৰত আছে এখনি চেলেং, প্ৰশস্তি-পত্ৰ, স্মাৰক আৰু নগদ পঞ্চাশ হাজাৰ টকাৰ ধনৰাশি।[9]
|