ধৰ্ষণ সংস্কৃতি (ইংৰাজী: Rape Culture) হৈছে এক নিৰ্দিষ্ট পৰিৱেশৰ সমাজতাত্ত্বিক তত্ত্ব য'ত লিংগ আৰু যৌনতা সম্পৰ্কীয় সামাজিক মনোভাৱৰ বাবে ব্যাপক হাৰত ধৰ্ষণ হোৱাৰ উপৰি এই প্ৰক্ৰিয়াটো স্বাভাৱিক বুলি ভৱা হয়।[1][2] ধৰ্ষণ সংস্কৃতিৰ সৈতে সচৰাচৰ সম্পৰ্কিত আচৰণবোৰৰ ভিতৰত আছে ভুক্তভোগীক দোষাৰোপ কৰা, বেশ্যা বুলি লাজ দিয়া, যৌন উপভোগৰ পণ্য বুলি ধৰি লোৱা, ধৰ্ষণক তুচ্ছ কৰা, ব্যাপক ধৰ্ষণৰ অস্বীকাৰ, যৌন হিংসাৰ ফলত হোৱা ক্ষতিস্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰা, বা এইবোৰৰ কিছু সংমিশ্ৰণ।[3] কাৰাগাৰৰ ধৰ্ষণৰ লগতে ইয়াক সামাজিক গোটৰ আচৰণ বৰ্ণনা আৰু ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে, যাৰ ভিতৰত যুদ্ধ বা সংঘাতৰ সময়ত হোৱা ধৰ্ষণক মনস্তাত্বিক সংঘাত হিচাপে আখ্যা দিয়া হৈছে। এই গোটেই সমাজখনক ধৰ্ষণ সংস্কৃতি বুলি অভিহিত কৰা হৈছে।[4][5][6][7] ই ধৰ্ষণৰ কল্পনা আৰু ধৰ্ষণ পৰ্ণগ্ৰাফিৰ সৈতেও সম্পৰ্কিত।
মুখ্যতঃ আমেৰিকা যুক্তৰাষ্ট্ৰত, ১৯৭৯ ৰ দশকৰ পৰা আৰম্ভ হোৱা ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটো দ্বিতীয় তৰংগৰ নাৰীবাদীসকলৰ দ্বাৰা সামাজিক প্ৰেক্ষাপটত প্ৰকাশ হয়। ধাৰণাটোৰ সমালোচকসকলে ইয়াৰ অস্তিত্ব বা পৰিসৰ সম্পৰ্কীয় যুক্তি দিয়ে যে ধাৰণাটো অতি সংকীৰ্ণ বা যদিও এনে কিছুমান সংস্কৃতি আছে য'ত ধৰ্ষণৰ ব্যাপকতা দেখা যায়, সেই স্থান বিশেষত ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটোৱে বুজাব পাৰে যে ধৰ্ষণকাৰী সকল দোষ মুক্ত। বৰঞ্চ এনে সমাজত ধৰ্ষণ এক সাধাৰণ বিষয়। বিভিন্ন আন্দোলনৰ দ্বাৰা ধৰ্ষণ সংস্কৃতিৰ বিৰুদ্ধে মাত মতা হৈছে। যেনে: ‘স্লাটৱাক’ আৰু ‘মি টু’। ২০০৬ চনত আমেৰিকান এক্টিভিষ্ট আৰু যৌন নিৰ্যাতনৰ পৰা বাচি অহা তৰানা বাৰ্কে প্ৰথমবাৰৰ বাবে মি টু আন্দোলন আৰম্ভ কৰিছিল।[8] এই আন্দোলনবোৰে হেচটেগৰ জৰিয়তে ভুক্তভোগীৰ কাহিনী সামাজিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজত বিয়পোৱাত সহায় কৰিছে[9] আৰু এক অনলাইন স্থান প্ৰদান কৰিছে য'ত বিভিন্ন ধৰণৰ যৌন হিংসাৰ ভুক্তভোগীসকলে ইজনে সিজনক চিনি পাইছে বা নিজ নিজ সমস্যা সম্পৰ্কে আলোচনা কৰিব পাৰিছে।
"ধৰ্ষণ সংস্কৃতি" শব্দটো প্ৰথমবাৰৰ বাবে ১৯৭০-ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় তৰংগৰ নাৰীবাদীসকলৰ দ্বাৰা সামাজিক কৰা হৈছিল আৰু সামগ্ৰিকভাৱে ই সমসাময়িক আমেৰিকান সংস্কৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিল।[10] ১৯৭০-ৰ দশকত দ্বিতীয় তৰংগৰ নাৰীবাদীসকলে ধৰ্ষণৰ প্ৰচলনৰ বিষয়ে জনসাধাৰণক শিক্ষিত আৰু সজাগ কৰাৰ উদ্দেশ্যে চেতনা বৃদ্ধিৰ প্ৰচেষ্টাত লিপ্ত হ'বলৈ আৰম্ভ কৰিছিল। কানাডিয়ান মনোবিজ্ঞানৰ অধ্যাপক আলেকজেন্দ্ৰা ৰাডাৰফৰ্ডৰ মতে, বেছিভাগ আমেৰিকাবাসীয়ে ধাৰণা কৰিছিল যে ধৰ্ষণ, অনাচাৰ আৰু পত্নীক প্ৰহাৰ কৰাটো বিৰল।[11] ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটোৱে দেখুৱাইছিল যে আমেৰিকান সংস্কৃতিত ধৰ্ষণ সাধাৰণ আৰু স্বাভাৱিক আছিল আৰু ই ব্যাপক সামাজিক বিদ্বেষ আৰু যৌনতাৰ এক চৰম প্ৰকাশ। ধৰ্ষণক যৌন অপৰাধৰ সলনি এক হিংসাত্মক অপৰাধ হিচাপে পুনৰ সংজ্ঞায়িত কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য যৌন আনন্দৰ আকাংক্ষাৰ পৰা পুৰুষৰ আধিপত্য, ভীতি প্ৰদৰ্শন আৰু লিংগ নিয়মৰ ওপৰত নিয়ন্ত্ৰণৰ অনুভূতি স্বৰূপে পুনৰ সংজ্ঞায়িত কৰা হৈছিল।[12][13][14] অপৰাধী সকলৰ পৰিৱৰ্তে ভুক্তভোগীসকলৰ দৃষ্টিৰে ধৰ্ষণৰ পুনৰ পৰীক্ষণ আৰম্ভ হৈছিল।[13]
ধৰ্ষণ সংস্কৃতিক মহিলা আৰু পুৰুষ দুয়োৰে বাবে ক্ষতিকাৰক বুলি বৰ্ণনা কৰা হৈছে। কিছুমান লেখক আৰু বক্তা, যেনে জেকচন কাটজ, মাইকেল কিমেল, আৰু ডন মেকফাৰ্চনৰ মতে এই সংস্কৃতি লিংগ ভূমিকাৰ সৈতে অন্তৰ্নিহিতভাৱে সম্পৰ্কিত যি পুৰুষৰ আত্মপ্ৰকাশ সীমিত কৰাৰ লগতে মানসিক ভাৱে প্ৰভাৱ পেলায়।[15] ৰাজনৈতিক বিজ্ঞানী আইৰিছ মেৰিয়ন ইয়ঙৰ মতে ধৰ্ষণ সংস্কৃতিৰ ভুক্তভোগীসকল যদৃচ্ছভাৱে অত্যাচাৰী যৌন হিংসাৰ ভয়ত বাস কৰিব লগাত পৰে, ইয়াৰ দ্বাৰা ভুক্তভোগীক ক্ষতিগ্ৰস্ত বা অপমানিত কৰা হয়।[16] আন কোনো কোনোৱে ধৰ্ষণ সংস্কৃতিক আধুনিকীকৰণ আৰু ঔদ্যোগিকৰণৰ সৈতে সম্পৰ্কিত কৰে, তেওঁলোকে ইয়াৰ পক্ষত এইবুলি যুক্তি দিয়ে যে- প্ৰাক-ঔদ্যোগিক সমাজবোৰ "ধৰ্ষণ মুক্ত" সংস্কৃতি হোৱাৰ প্ৰৱণতাৰ আছিল, কিয়নো এই সমাজবোৰত মহিলাৰ নিম্ন স্থিতিয়ে তেওঁলোকক যৌন হিংসাৰ পৰা কিছু মুক্তি দিয়ে। ঔদ্যোগিক তথা সৰ্বাংগীণ বিকাশৰ ফলত মহিলাসকলে তেওঁলোকৰ ঘৰুৱা ভূমিকাৰ পৰা ওলাই আহি পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা কৰ্মস্থান আৰু অন্যান্য ক্ষেত্ৰত দৃশ্যমান হৈ পৰাত পুৰুষৰ দ্বাৰা তেওঁলোকৰ নিৰাপত্তাহীনতা বৃদ্ধি হৈছে আৰু পৰিণতিত মহিলাসকলক দমন কৰিবলৈ ধৰ্ষণক এক উপায় হিচাপে অৱলম্বন কৰা হয়।[17][18]
আন কিছুমানে ধৰ্ষণ সংস্কৃতিক পাৰিপাৰ্শ্বিক নিৰাপত্তাহীনতাৰ সৈতেও সম্পৰ্কিত কৰে, য'ত পুৰুষে মহিলাসকলক তেওঁলোকৰ তাৎক্ষণিক পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ সংগ্ৰামৰ অংশ হিচাপে আপত্তি দৰ্শায়। ই লিংগ পৃথক্কৰণৰ সৈতেও সম্পৰ্কিত, ইয়াৰোপৰি ধৰ্ষণক পুৰুষত্ব প্ৰমাণৰ এক উপায় বুলি বিশ্বাস প্ৰচলিত।[19] ধৰ্ষণ সংস্কৃতিৰ ভিতৰত আছে ব্যাপক ধৰ্ষণৰ অস্বীকাৰ,[20] ধৰ্ষণ সমস্যাৰ প্ৰতি প্ৰতিষ্ঠানগত উদাসীনতা,[21] চৰকাৰী বিষয়াসকলৰ দ্বাৰা ধৰ্ষণৰ ঘটনাৰ তথ্য হ্ৰাস কৰণ,[20][21][7] তথা ধৰ্ষণকাৰীসকল সামাজিক আৱৰ্জনা বুলি উজুহাত দেখুওৱা।[20][21]