নগা চাদৰ (ইংৰাজী: Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।
চুংকোটেপ্চু নাগালেণ্ডৰ আও নগাসকলৰ যোদ্ধা সকলে ব্যৱহাৰ কৰা চাদৰ। পৰম্পৰাগতভাৱে চুংকোটেপ্চু কেৱল শত্ৰু যোদ্ধাৰ মূৰ কাটিব পৰা যোদ্ধাসকলেহে পিন্ধিব পাৰে,[1] আধুনিক যুগত চুংকোটেপ্চু পিন্ধাৰ অধিকাৰ ধন-সম্পত্তিৰ প্ৰদৰ্শন মূলক মেথোন বলিদিয়া কাৰ্যৰ সৈতে জড়িত [1] আৰু হয় আও নগাসকলৰ ই এক সুকীয়া প্ৰতীক।[2]
চাখেছাং নগা চাদৰ হৈছে ভাৰতৰ ভৌগোলিক সূচক স্বীকৃতি প্ৰাপ্ত বস্ত্ৰ।[3] নগা কিং চিলি আৰু নগা ট্ৰি টমেটোৰ পিছত নগালেণ্ডৰ পৰা জি আই পঞ্জীয়ন লাভ কৰা এয়া তৃতীয়বিধ সম্পদ। ‘চাখেছাং চাদৰ’ ‘হস্তশিল্প’ শ্ৰেণীৰ অধীনত তালিকাভুক্ত হোৱাৰ বিপৰীতে বাকী দুটা সামগ্ৰীৰ ভৌগোলিক ইংগিত (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ৰ অধীনত ‘কৃষি’ সামগ্ৰীৰ অধীনত পঞ্জীয়ন কৰা হৈছে।