নগাঁও চিকিৎসা মহাবিদ্যালয় | |
---|---|
![]() | |
স্থাপিত | ২০২৩ |
ধৰণ | চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | মিহিৰ কুমাৰ গোস্বামী[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | ডিফলু, ম'হখুলি, নগাঁও, অসম, ভাৰত |
চৌহদ | উপ চহৰাঞ্চল |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ |
ৱেবছাইট | www |
নগাঁও চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।[2][3]
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত এইমছৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[4]
নগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক (এম বি বি এছ) ডিগ্ৰী আগবঢ়াব যিটো ভাৰতীয় চিকিৎসা পৰিষদে স্বীকৃতি প্ৰদান কৰিব। মহাবিদ্যালয়খনে নাৰ্চিং, ফাৰ্মাচী, আৰু মেডিকেল লেবৰেটৰী টেকন’লজিৰ বিভিন্ন ডিপ্লমা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদানৰ পৰিকল্পনা কৰিছে।