নগাঁও জিলা | |
---|---|
![]() নগাঁও চহৰৰ কিছু অংশ | |
![]() অসমত নগাঁও জিলাৰ অৱস্থান | |
দেশ | ভাৰত ![]() |
ৰাজ্য | অসম |
সদৰ | নগাঁও |
কালি | |
• মুঠ |
3,831 km2 (1,479 sq mi) |
জনসংখ্যা (২০০৯) | |
• মুঠ |
23,14,629 |
নগাঁও জিলা (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা। [1]
নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ [1]ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ [2]
২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ [3]পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷
আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাই এই অঞ্চলত নতুনকৈ কেইবাখনো গাওঁ পাতিছিল। নতুনকৈ পতা গাওঁকেইখনৰ বাবে এই ঠাডোখৰৰ নাম নগাঁও হৈছিল।[4]
কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷ [2]
খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷ [2]
পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱাই[1] কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও৷ [2]
১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷ [1]
পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷[5]
১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷[2]
অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে।
নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ।
ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল-
আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ।
নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে-
নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷
নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে-
হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়
|
![]() |
ব্ৰহ্মপুত্ৰ শোণিতপুৰ জিলা |
![]() | ||
মৰিগাঁও জিলা পশ্চিম কাৰ্বি আংলং জিলা |
![]() |
গোলাঘাট কাৰ্বি আংলং | ||
![]() ![]() | ||||
![]() | ||||
হোজাই, ডিমা হাছাও জিলা |