ন্যায়াধীশ ড° নগেন্দ্ৰ সিং | |
---|---|
১৯৮৫ চনত হেগত আন্তৰ্জাতিক উকীল সংস্থাৰ (UIA) কংগ্ৰেছত কুইন বিট্ৰিক্সৰ সৈতে নগেন্দ্ৰ সিং। | |
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি | |
কাৰ্যকাল ১৯৮৫-১৯৮৮ | |
পূৰ্বসূৰী | তছলিম ইলিয়াছ |
ভাৰতৰ চতুৰ্থ নিৰ্বাচন আয়ুক্ত | |
কাৰ্যকাল ১ অক্টোবৰ ১৯৭২ – ৬ ফেব্ৰুৱাৰী ১৯৭৩ | |
পূৰ্বসূৰী | এছ. পি. সেন বাৰ্মা |
উত্তৰসূৰী | টি স্বামীনাথন, |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ মাৰ্চ, ১৯১৪ ডংগৰপুৰ, ৰাজস্থান |
মৃত্যু | ১১ ডিচেম্বৰ, ১৯৮৮ (৭৪ বছৰ) হেগ, নেদাৰলেণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | Mayo College St. John's College, Cambridge |
ৰাজকুমাৰ শ্ৰী নগেন্দ্ৰ সিং (ইংৰাজী: Prince Sri Nagendra Singh ; ১৮ মাৰ্চ ১৯১৪ – ১১ ডিচেম্বৰ ১৯৮৮) এজন ভাৰতীয় অধিবক্তা আৰু প্ৰশাসক আছিল, যিয়ে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] দ্য হেগৰ আন্তৰ্জাতিক ন্যায়ালয়ত ভাৰতৰ পৰা যোৱা চাৰিজন ন্যায়াধীশৰ ভিতৰত তেওঁ আছিল এগৰাকী ন্যায়াধীশ। আনকেইগৰাকী হ’ল, বি এন ৰাও (১৯৫২–১৯৫৩); আই চি জেৰ প্ৰথম ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ১৮ সংখ্যক মুখ্য ন্যায়াধীশ আৰ এছ পাঠক (১৯৮৯–১৯৯১) আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দলবীৰ ভাণ্ডাৰী(২০১২–)।[2]
১৯১৪ চনৰ ১৮ মাৰ্চত ডুংগৰপুৰ ৰাজ্যৰ ৰজা প্ৰথম বিজয় সিং আৰু তেওঁৰ পত্নী ৰাণী দবেন্দ্ৰৰ ঘৰত নগেন্দ্ৰ সিঙে জন্মগ্ৰহণ কৰিছিল; তেওঁৰ ডাঙৰ ভাতৃ আছিল ডুংগৰপুৰৰ শেষ ৰজা প্ৰথম লক্ষ্মণ সিং।[3] অসামৰিক সেৱাত যোগদান কৰাৰ আগতে তেওঁ কেম্ব্ৰিজৰ ছেইণ্ট জন কলেজত শিক্ষা গ্ৰহণ কৰিছিল।[4]
তেওঁ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰি পূব ৰাজ্যসমূহৰ আঞ্চলিক আয়ুক্ত, ভাৰতৰ সংবিধান সভাৰ সদস্য, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব, পৰিবহণ সঞ্চালক প্ৰধান, আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5] ১৯৬৬ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত সিং ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব আছিল,[5] তাৰ পিছত ১৯৭২ চনৰ ১ অক্টোবৰৰ পৰা ১৯৭৩ চনৰ ৬ ফেব্ৰুৱাৰীলৈকে তেওঁ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।[6] ১৯৬৬, ১৯৬৯, ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ এছেমব্লীত ভাৰতৰ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰি ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ অংশকালীনভাৱে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আইন আয়োগত কাৰ্যনিৰ্বাহ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বাৰ এছোচিয়েচনৰ সচিব হিচাপেও নিৰ্বাচিত হয়। ১৯৭৩ চনত তেওঁ আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশ হৈ হেগলৈ যায় আৰু ১৯৮৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহলৈ অৱসৰৰ সময়লৈ তেওঁ ইয়াৰ সভাপতি আছিল।[5] অৱসৰৰ পিছত তেওঁ হেগতে বাস কৰিছিল আৰু ১৯৮৮ চনৰ ডিচেম্বৰ মাহত তাতেই তেওঁৰ মৃত্যু হয়।