নগৰীয়া কিংবদন্তি (ইংৰাজী: Urban legends) বা আধুনিক কিংবদন্তি (modern legend), নগৰীয়া শ্ৰুতিকথা (urban myth) হৈছে কোনো অস্বাভাৱিক (সাধাৰণতে ভয়ংকৰ) বা হাস্যৰসময়ী পৰিঘটনাৰ কাহিনী সম্পৰ্কীয় লোককথাৰ এটা ধাৰা। এই কিংবদন্তিবোৰ সকলোৱে বিশ্বাস নকৰে যদিও বহুতে সত্য বুলি বিশ্বাস কৰে।[1]
এই কিংবদন্তিবোৰ আমোদজনক হ’ব পাৰে যদিও প্ৰায়ে ৰহস্যময়ী বিপদ বা আমনিদায়ক পৰিঘটনা, যেনে অন্তৰ্ধান হোৱা আৰু অদ্ভুত বস্তু বা সত্তাৰ হ’ব পাৰে। নগৰীয়া কিংবদন্তিসমূহে নৈতিক মানদণ্ড নিশ্চিত কৰিব পাৰে, পক্ষপাতিত্ব প্ৰতিফলিত কৰিব পাৰে বা সামাজিক উদ্বেগসমূহ প্ৰকাশ কৰিব পাৰে।[2]
পূৰ্বতে নগৰীয়া কিংবদন্তিবোৰ বেছিভাগেই মৌখিকভাৱে কোনো সমজুৱা আলোচনা বা কেম্প ফায়াৰত আদ্দাৰ বিষয় আছিল। বৰ্তমাৱ, বাতৰি কাকত, মোবাইল বাতৰি এপ, ই-মেইল, আৰু বেছিভাগ সময়তে সামাজিক মাধ্যমকে ধৰি যিকোনো মাধ্যমেৰে সেইবোৰ বিয়পাই দিয়া হৈছে। কিছুমান নগৰীয়া কিংবদন্তি বহু বছৰ/দশকজুৰি মাত্ৰ সৰু সৰু পৰিৱৰ্তনৰ ঘটি আজিৰ যুগ পাইছেহি। সাধাৰণ নগৰীয়া কিংবদন্তি অঞ্চলভেদে কাহিনীৰ কিছু পাৰ্থক্য থাকে যদিও মূল পাঠ বা নীতিশিক্ষা সাধাৰণতে একেই থাকে।
লোককথাবিদসকলে ব্যৱহাৰ কৰা "নগৰীয়া কিংবদন্তি" শব্দটো অন্ততঃ ১৯৬৮ চনত ৰিচাৰ্ড ডৰ্চনে ব্যৱহাৰ কৰাৰ পৰাই ছপা মাধ্যমত প্ৰকাশ পাইছে।[3] ইউটা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক জান হেৰল্ড ব্ৰুনভাণ্ডে ১৯৮১ চনৰ পৰা আৰম্ভ হোৱা জনপ্ৰিয় কিতাপৰ শৃংখলাত সাধাৰণ জনতাৰ মাজত এই শব্দটো পৰিচয় কৰাই দিছিল। তেওঁৰ কিংবদন্তিৰ সংকলন “দ্য ভেনিছিং হিচহিকাৰ: আমেৰিকান আৰ্বান লিজেণ্ডছ এণ্ড দেয়াৰ মিনিংছ” (The Vanishing Hitchhiker: American Urban Legends & Their Meanings) গ্ৰন্থ এই শব্দটো দুটা কথা প্ৰকাশ কৰিবলৈ উল্লেখ কৰিছিল: প্ৰথমতে, কেৱল তথাকথিত আদিম বা পৰম্পৰাগত সমাজতেই কিংবদন্তি আৰু লোককথা দেখা পোৱা নাযায়, আৰু দ্বিতীয়তে, এনে কাহিনী অধ্যয়ন কৰি নগৰীয়া আৰু আধুনিক সংস্কৃতিৰ বিষয়ে বহু কথা জানিব পৰা যাব।
বহুতো নগৰীয়া কিংবদন্তি চৰিত্ৰৰ সৈতে এটা সম্পূৰ্ণ কাহিনী হিচাপে গঠন কৰা হয়। সাধাৰণ নগৰীয়া কিংবদন্তিত ৰহস্য, ভয়াৱহতা, ভয় বা হাস্যৰসৰ উপাদান থকা বাধ্যতামূলক বুলি গণ্য কৰা হয়। এই কিংবদন্তিবোৰ প্ৰায়ে সতৰ্কবাণী হিচাপে ব্যৱহাৰ কৰা হয়।[4] কিছুমান নগৰীয়া কিংবদন্তি হৈছে নৈতিকতাৰ কাহিনী য'ত কোনোবাই অসন্মতভাৱে অভিনয় কৰি বিপদত পৰে, আঘাত পায় বা মৃত্যুমুখত পৰে বুলি চিত্ৰিত কৰা হয়।[5]
নগৰীয়া কিংবদন্তিবোৰে প্ৰায়ে পাঠকৰ মাজত বিতৃষ্ণাবোধৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে যিয়ে এই গল্পবোৰক অধিক স্মৰণীয় আৰু শক্তিশালী কৰি তোলে। নগৰীয়া কিংবদন্তিবোৰত প্ৰায়ে আচম্বিত হোৱাৰ উপাদান পোৱা যায় আৰু সেইবোৰেই এই কাহিনীবোৰক আংশিকভাৱে প্ৰভাৱশালী কৰি তোলে।[6] নগৰীয়া কিংবদন্তি এটাত অলৌকিকতা বা অস্বাভাৱিকতাৰ উপাদানো অন্তৰ্ভুক্ত হ’ব পাৰে।
নগৰীয়া কিংবদন্তিৰ বৰ্ণনাকাৰী জন সাধাৰণতে ভূক্তভোগী জনৰ বন্ধু বা লগৰীয়া হোৱা দেখা যায়। তেওঁ দাবী কৰে যে এই ঘটনাটো বন্ধুৰ লগত (বা বন্ধুৰ বন্ধুৰ লগত) ঘটিছিল, ইয়াৰ ফলত কাহিনীটোৰ শক্তি ব্যক্তিগতকৰণ, প্ৰমাণীকৰণ আৰু বৃদ্ধি কৰাত সহায় কৰে[7] আৰু লগতে বক্তাক কাহিনীটোৰ পৰা আঁতৰাই ৰাখে। বহুতো নগৰীয়া কিংবদন্তিত ভয়ংকৰ অপৰাধ, দূষিত খাদ্য বা বহু লোকক প্ৰভাৱিত কৰিব পৰা অন্যান্য পৰিস্থিতিৰ চিত্ৰণ কৰা হৈছে। এনে কাহিনী বিশ্বাস কৰা যিকোনো ব্যক্তিয়ে তেওঁৰ আপোনজনক ইয়াৰ বিষয়ে সকীয়াই দিবলৈ বাধ্য হয়। মাজে মাজে সংবাদ সংস্থা, বিদ্যালয়ৰ মুৰব্বী আনকি আৰক্ষী বিভাগেও শেহতীয়া ভাবুকি সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰা দেখা যায়।[8]