নটী নৃত্য

অসমৰ নটী নৃত্য দেৱদাসী নৃত্যৰ সমপৰ্যায়ৰ এক নৃত্য৷ প্ৰাচীন অসমত দেৱদাসীক বুজাবলৈ ’দলুহাংগনা’ পদটো ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসীৰ দৰে অসমত দেৱদাসীক বুজাবলৈ নটী, নৰ্ত্তকী, বেশ্যা, বাৰাংগনা আদি পদ ব্যৱহাৰ কৰা হৈছিল[1]

নৃত্যৰ ভাগ

[সম্পাদনা কৰক]

অসমৰ লোকনৃত্য সমূহক কেইবাটাও ভাগত ভাগ কৰা হয়৷ পূজা-পাতলৰ লগত জড়িত নৃত্য, উৎসৱ-পাৰ্ব্বনৰ লগত জড়িত নৃত্য, কৃষি-কৰ্মৰ লগত জড়িত নৃত্য আদি৷ তদুপৰি, অঞ্চলভেদে বা গোষ্ঠীভেদেও লোকনৃত্যসমুহক ভাগ কৰিব পাৰি৷ যেনে, জনজাতীয় লোকনৃত্য, গোৱালপৰীয়া, দৰঙী, কামৰূপী ইত্যাদি৷ অসমত এসময়ত প্ৰচলিত নটী নৃত্য পুজা-পাতলৰ লগত জড়িত নৃত্যৰ ভাগত ধৰা হয়৷ মন্দিৰৰ দেৱ-প্ৰতিমাৰ আগত এই নৃত্য পৰিৱেশন কৰি দেৱতাক তুষ্ট কৰাৰ চেষ্টা কৰা হৈছিল৷ নটী নৃত্য বৰ্তমান লোপ পাইছে৷ ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰণো আছে৷

নটী শব্দৰ উৎস

[সম্পাদনা কৰক]

সংস্কৃত নট শব্দৰ পৰাই ’নটী’ শব্দটো আহিছে৷ ’নট’ শব্দৰ সমাৰ্থক ইংৰাজী শব্দ 'actor' কিন্তু ইয়াৰ অসমীয়া মূখ্য অৰ্থ নাচনিয়াৰ৷[2]নট শব্দই পুৰুষ নাচনিয়াৰক বুজাইছিল৷ পিছলৈ ই স্ত্ৰীলিংগবাচক নটী শব্দৰ সৃষ্টি কৰে৷

নটী আৰু দেৱদাসী

[সম্পাদনা কৰক]

দক্ষিণ ভাৰতৰ দেৱমন্দিৰবোৰত দেৱদাসী বুলি কুমাৰী সম্প্ৰদায় এটি আছে৷ মাক-বাপেকে মনোকামনা সিদ্ধিৰ বাবে নিজৰ কুমাৰী ছোৱালী এজনী দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উছৰ্গা কৰে৷ তেওঁলোকক দেৱগণিকা হিচাপে গণ্য কৰা হয়৷ তেওঁলোকে যাৰে-তাৰে লগত যৌন সম্পৰ্ক কৰিব পাৰে, কিন্তু বিয়া হ’ব নোৱাৰে৷ অসমৰ দেৱমন্দিৰবোৰতো আগৰ দিনৰ পৰাই দেৱদাসীৰ সমতুল্য নটিনী সম্প্ৰদায় এটি আছে৷ প্ৰায়বোৰ দেৱমন্দিৰৰ লগতে নাট মন্দিৰ একোটি থাকে আৰু তাত নট-নটিনীসকলে আৰতি সময়ত নাচন বাজন কৰে৷[3] নটী আৰু দেৱদাসীসকলৰ মূলগত পাৰ্থক্য হ’ল, নটীসকলে বিবাহলৈ মন কৰিলে নটীৰ কাম এৰি সংসাৰ কৰিব পাৰিছিল, কিন্তু দেৱদাসীসকলে ওৰে জীৱন দেৱতাৰ সন্তুষ্টিৰ অৰ্থে মন্দিৰ প্ৰাঙ্গনতে জীৱন নিয়াব লাগিছিল৷

নৃত্যৰ বৈশিষ্ট

[সম্পাদনা কৰক]

নটীনৃত্য অসমৰ এসময়ৰ জনপ্ৰিয় ধৰ্মানুষ্ঠান আছিল৷ এই নৃত্যত উচ্চাঙ্গ সঙ্গীত আৰু নৃত্যৰ সমাবেশ ঘটিছিল৷ হাজো, ডেৰগাঁও, নেঘেৰিটিঙ, ডুবি আদি দেৱালয়ত এই নৃত্য অপৰিহাৰ্য আছিল৷ ই শিৱপূজাৰ অন্যতম অঙ্গ৷ ডুবি দেৱালয়ত পোনপ্ৰথমে স্বৰ্গদেৱ শিৱসিংহই এই নৃত্যৰ অৱতাৰণা কৰে৷ পুৱাৰ পৰা সন্ধিয়ালৈ নটীসকলে ব্ৰতচাৰিণী হৈ থাকি দুপৰীয়া আৰু সন্ধ্যাৰ আৰতিৰ সময়ত নৃত্য পৰিৱেশন কৰিব লাগিছিল৷ নৃত্যৰ আগে আগে ডবা কোবোৱা হৈছিল৷ তৃতীয়বাৰ ডবাৰ কোব পৰাৰ লগে লগে নৃত্য আৰম্ভ কৰি প্ৰায় এঘণ্টা সময় নাচিব লাগিছিল৷ নৃত্যৰ আৰম্ভণিতে থিয় হৈ জপিয়াই নৃত্য কৰি শেষত ক্ৰমে শান্ত হৈ শেষ কৰিছিল৷ প্ৰথমে এগৰাকী, তাৰপিছত তিনিগৰাকী আৰু শেষত পাঁচগৰাকী দেৱদাসীয়ে বিগ্ৰহৰ সম্মুখত নাচিছিল৷[4]এই নৃত্যত পুৰুষে বাদ্য সংগত কৰিছিল আৰু খোল, মৃদঙ্গ, নাগেৰা, পাতিতাল, খুতিতাল, টোকাৰী দোতাঁৰা বাঁহী আদি বাদ্য সংগত কৰিছিল৷ গীতসমূহত ব্যাস ওজাপলিৰ গীত-পদ-ৰাগৰ লগত সাদৃশ্য থকা৷ নটীনাচৰ ভংগীসমূহৰ ভিতৰত ’খট’, ’টঙাল মোচৰা’৷ ’খুদ’ আদি উল্লেখযোগ্য৷

সাজ-পাৰ আৰু অলঙ্কাৰ

[সম্পাদনা কৰক]

পৰিস্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি মুকলি ভাৱে থাকিব লাগিছিল৷ নৃত্যৰ সময়ত তিনিডোখৰ কাপোৰ আৰু চোলা পিন্ধি মূৰত ওৰণী ল’ব লাগিছিল৷ চুলিৰে খোপা বান্ধিব লাগিছিল৷ গলপতা, গলমাদলী, জোনবিৰি, সোণা মুঠিখাৰু, ভৰিখাৰু, আঙুঠি আদি পৰিধেয় অলংকাৰ আছিল৷

নটী নৃত্য লোপ পোৱাৰ কাৰণ

[সম্পাদনা কৰক]

প্ৰাচীন অসমত প্ৰায় প্ৰত্যেকখন দেৱালয়ত নট বা নট কলিতা নামে এক সম্প্ৰদায় আছিল আৰু তেওঁলোকৰ অকুমাৰী ছোৱালীবোৰে মন্দিৰত নৃত্য কৰিছিল যদিও বেশ্যা পৰ্যায়ত পেলোৱাত এই গোটেই সম্প্ৰদায়ৰ ওপৰতে চেকা পৰে৷ সেয়ে, চৰকাৰে কঠোৰ ব্যৱস্থা লৈ এই নটী নৃত্যৰ পৰম্পৰা সম্পূৰ্ণৰূপে উঠাই দিয়ে৷[5]

  1. অসমৰ লোক-সংস্কৃতিৰ আভাস, পৃ: নং ৩৩৮; ড° নবীন চন্দ্ৰ শৰ্মা
  2. অসমৰ লোক-সংস্কৃতিৰ আভাস, পৃ: নং ৩৩৮; ড° নবীন চন্দ্ৰ শৰ্মা
  3. বাণীকান্ত ৰচনাৱলী, পৃ: নং১৮৩; সম্পা: ড° মহেশ্বৰ নেওগ৷
  4. মঞ্চলেখা, পৃ: নং, ২০৮; অতুল চন্দ্ৰ হাজৰিকা
  5. মঞ্চলেখা, পৃ: নং, ২০৮; অতুল চন্দ্ৰ হাজৰিকা