নন্দক (সংস্কৃত: नन्दक)[1] বা নন্দকী হৈছে হিন্দুসকলৰ ত্ৰিদেৱৰ অন্যতম দেৱতা বিষ্ণুৰ তৰোৱাল। সাধাৰণতে বিষ্ণুক তেওঁৰ সচৰাচৰ চতুৰ্ভুজতকৈ অধিক হাতৰ সৈতে প্ৰতিনিধিত্ব কৰা চিত্ৰত নন্দকক চিত্ৰিত কৰা হয়। হিন্দু শাস্ত্ৰত তৰোৱালক জ্ঞানৰ লগত তুলনা কৰা হৈছে।
শ্ৰীবৈষ্ণৱ পৰম্পৰাত সন্ত অন্নমাচাৰ্য আৰু পেয়ালভাৰক নন্দকৰ অৱতাৰ বুলি গণ্য কৰা হয়।
অগ্নি পুৰাণৰ মতে, সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই মেৰু পৰ্বতত এক যজ্ঞ কৰি আছিল। শতবাহু অসুৰ লোহাই সেই যজ্ঞত বিধি-পথালি দিয়ে। যজ্ঞৰ অগ্নিৰ পৰা ব্ৰহ্মাৰ আগত বিষ্ণুৰ আৱিৰ্ভাৱ হয়। বিষ্ণুৱে অসুৰৰ পৰা নন্দক নামৰ তৰোৱালখন কাঢ়ি লৈ খাপৰ পৰা ইয়াক উলিয়াই লয়। তৰোৱালখন নীল বৰণীয়া আৰু ৰত্নযুক্ত মুঠিয়াযুক্ত বুলি বৰ্ণনা কৰা হৈছে। বিষ্ণুৱে অসুৰক তৰোৱালেৰে কাটি বধ কৰে। অসুৰৰ শৰীৰৰ কটা অংগসমূহ নন্দকৰ সংস্পৰ্শ পোৱাৰ বাবে পৃথিৱীত পৰি লোহালৈ পৰিণত হয়। বিষ্ণুৱে অসুৰক বৰ দিয়ে যে তেওঁৰ পতিত শৰীৰৰ অংগসমূহ পৃথিৱীত অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব।[2]
বিষ্ণুক সাধাৰণতে চতুৰ্ভুজ ৰূপত চিত্ৰিত কৰা হয় আৰু তেওঁৰ হাতত পাঞ্চজন্য শংখ, সুদৰ্শন চক্ৰ, পদ্ম আৰু কৌমুদকী গদা ধাৰণ কৰে। অষ্ট বা ষোড়শভুজ ৰূপত তেওঁক তৰোৱাল ধাৰণ কৰা দেখা যাব পাৰে। বিষ্ণুৰ চিত্ৰণত তৰোৱাল খুব কমেইহে দেখা যায়। গুপ্ত যুগৰ (৩২০–৫৫০ চন) শেষৰ ফালে এনে চিত্ৰ দেখা যায়।
ৰামায়ণত নন্দকক বিষ্ণুৰ অৱতাৰ ৰামৰ তৰোৱাল হিচাপে উল্লেখ কৰা হৈছে।[3] হৰিবংশৰ লগতে বৃহৎব্ৰহ্ম সংহিতাতো বিষ্ণুৰ চতুৰ্ভুজ ৰূপত তৰোৱাল ধাৰণ কৰা বুলি কোৱা হৈছে। ষড়ভুজ বিষ্ণুৰ সোঁহাতত আৰু দশভুজ বিষ্ণুৰ বাওঁহাতত তৰোৱাল ধাৰণ কৰা ৰূপত চিত্ৰিত কৰিবলৈ সত্ত্ব সংহিতাত পৰামৰ্শ দিয়া হৈছে।[4] বিষ্ণুৰ অৱতাৰ বামনে কালিকা পুৰাণত সোঁহাতত নন্দক ধাৰণ কৰাৰ কথা বৰ্ণনা কৰা হৈছে। একাদশ শতিকাৰ এখন চিত্ৰত তেওঁৰ কমৰবন্ধনীত তৰোৱালখন বান্ধি থোৱা দেখা গৈছে।[5]
বিষ্ণু সহস্ৰনামত নন্দকৰ কথা দুবাৰকৈ উল্লেখ কৰা হৈছে। এটা স্ত্ৰোত্ৰত বিষ্ণুক শংখ, নন্দক আৰু চক্ৰধাৰী হিচাপে বৰ্ণনা কৰা হয়। বিষ্ণুৰ এহাজাৰ নামৰ এটা নাম নন্দক, অৰ্থাৎ নন্দক ধাৰণ কৰোঁতাজন।[6]
দেওগড়ৰ গুপ্ত মন্দিৰৰ শেষাশায়ী বিষ্ণুৰ এক চিত্ৰণত নন্দকক তৰোৱাল ধৰি থকা এজন যুৱক বা আয়ুধপুৰুষ হিচাপে হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁক বিষ্ণুৰ অন্যান্য ব্যক্তিগত অস্ত্ৰৰ নেতৃত্ব দি দৈত্য মধু আৰু কৈটভৰ বিপৰীতে চিত্ৰিত কৰা হৈছ।[7][8] মহাবলীপুৰমৰ মহিষাসুৰমৰ্দিনী মণ্ডপত মধু আৰু কৈটভৰ দৃশ্যতো নন্দকক আয়ুধপুৰুষ হিচাপে চিত্ৰিত কৰা হৈছে।
বিষ্ণু পুৰাণত কোৱা হৈছে যে নন্দকে জ্ঞানক প্ৰতিনিধিত্ব কৰে, যিটো বিদ্যাৰ পৰা সৃষ্টি হয়। ইয়াৰ আৱৰণ হৈছে অবিদ্যা (অজ্ঞান বা মায়া)।[1] বৰাহ পুৰাণত ইয়াক অজ্ঞান ধ্বংসকাৰী বুলি বৰ্ণনা কৰা হৈছে।[9]
কৃষ্ণ উপনিষদত তৰোৱালখনক সংহাৰৰ দেৱতা শিৱৰ সৈতে তুলনা কৰা হৈছে। ইয়াত কোৱা হৈছে যে মহেশ্বৰ অৰ্থাৎ শিৱই জ্ঞানৰ জ্বলন্ত তৰোৱালৰ ৰূপ লয় আৰু অজ্ঞানতাক ধ্বংস কৰে।[1]