নল (ৰামায়ণ) | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
কোম্পানী চিত্ৰ শৈলীত নল। | |
তথ্য | |
পৰিয়াল | বিশ্বকৰ্মা (পিতৃ) নীল (ভাতৃ) |
নল (সংস্কৃত: नल),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী। তেওঁ ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ হেতু সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ ( বৰ্তমানৰ শ্ৰীলঙ্কা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিল।[1][2] এই সেতু খনক নল সেতু বুলিও জনা যায়।[3] একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজত এক প্ৰযৌক্তিক বানৰ তথা নলৰ ভ্ৰাতা নীলৰ নামো উল্লেখ পোৱা যায়। নলক বানৰ সকলৰ স্থাপত্যশিল্পী হিচাপে উল্লেখ কৰা হয়। ৰামায়ণৰ লংকাকাণ্ডত নল আৰু নীল উভয়কেই ৰামৰ পক্ষে লঙ্কাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি উল্লেখ আছে।
মহাকাব্য ৰামায়ণত উল্লেখ পোৱা যায় যে অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনৰ মাজতে ৰামৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণে হৰণ কৰে। সীতাৰ অনুসন্ধানত বনৰ মাজতে ৰামৰ বানৰৰাজ সুগ্ৰীৱৰে মিত্ৰতা হয়। তেওঁ বানৰ সেনা তৈৰী কৰে আৰু ভুখণ্ডৰ শেষ বিন্দুত উপস্থিত হয়। সমুদ্ৰৰ পাৰৰ পৰা নিকটস্থ দশযোজন দূৰৱৰ্তী লঙ্কালৈ যোৱাৰ বাবে ৰামে সমুদ্ৰ দেৱতা বৰুণ দেৱক আমন্ত্ৰণ জানায় আৰু সমুদ্ৰৰ মাজেৰে পথ নিৰ্মাণ কৰাৰ অনুৰোধ কৰে। কিন্তু বৰুণদেৱ ৰামৰ সমুখত উপস্থিত নোহোৱাত ৰাম ক্ৰুদ্ধ হয় আৰু বাণ নিক্ষেপ কৰি সমুদ্ৰৰ পানী শুকুৱাবলৈ আৰম্ভ কৰে। ভীতসন্ত্ৰস্ত বৰুণদেৱ ৰামৰ ওচৰত উপস্থিত হৈ এনে নকৰিবলৈ অনুৰোধ কৰে। তেওঁ ৰামক কয় যে সমুদ্ৰৰ মাজেৰে পথ নিৰ্মাণ সম্ভৱ নহয় যদিও দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ দেৱস্থপতি নল বানৰ সেনাৰ মাজত উপস্থিত আছে। নলে তেওঁৰ পিতাৰ আশীৰ্ব্বাদস্বৰূপ স্থাপত্যশিল্প আৰু প্ৰযুক্তিৰ অত্যাৱশ্যকীয় শিক্ষা লাভ কৰিছে আৰু একাধিক অভিজ্ঞতাৰ মুখা-মুখিও হৈছে। বৰুণ দেৱে পৰামৰ্শ দিয়ে যে ৰামে যাতে নলৰ পৰিদৰ্শন আৰু দক্ষতাৰে সেইস্থানৰ পৰা লঙ্কালৈ এখন সেতু নিৰ্মাণ কৰে। এই সময়ত নলে স্বেচ্ছাসেৱী হিচাপে এই দায়িত্ব গ্ৰহণ কৰে আৰু মন্তব্য কৰে যে স্নেহৰ আহ্বান নুশুনাত ৰামে স্বগুণে জলদেৱতাৰ আত্মদম্ভ চূৰ্ণ কৰিছে আৰু ৰাম নাম সমুদ্ৰৰ বাবে অতি শুভ আৰু মান্য। বানৰদলে প্ৰকাণ্ড আকাৰৰ গধুৰ গছৰ মূঢ়া, সৰু-বৰ গছৰ ডাল, শিল আদি গোটাবলৈ আৰম্ভ কৰে আৰু এইসমূহৰে সাগৰৰ ওপৰত মাত্ৰ পাঁচ দিনতে দহ যোজন (৮০ মাইল বা ১৩০ কিলোমিটাৰ) দৈঘ্যৰ সেতুখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। ৰাম আৰু তেওঁৰ সৈন্যদল এই সেতুৰে পাৰ হৈ লংকাত উপস্থিত হয় আৰু ৰাৱণৰ সৈতে যুদ্ধ কৰাৰ হেতু প্ৰস্তুত থাকে।[2][4] কোৱা হয় নলৰ বানৰ মাকৰ ৰূপত মোহিত হৈ তেওঁক আলিঙ্গন কৰাৰ সময়ত বিশ্বকৰ্মাৰ উদ্দীপনা আৰু ঔৰসত বানৰ মাতৃৰ গৰ্ভত নলৰ জন্ম হয়।[5] কোনো কোনোৰ মতে সেতু নিৰ্মাণৰ বাবে বানৰ সৈন্যয় সামগ্ৰী একত্ৰিত কৰাৰ বিপৰীতে নলে অকলেই এই সেতুখন নিৰ্মাণ কৰে। কোনো কোনো পণ্ডিতৰ মতে বানৰ সেনা নলৰ পৰিদৰ্শনে আৰু তেওঁৰ বুদ্ধিত পাঁচদিনতে এই সেতুখন নিৰ্মাণ হয়।[6] দক্ষিণ ভাৰতৰ ৰামায়ণৰ এক স্থানীয় প্ৰকাৰ কম্ব ৰামায়ণত কেৱল নলকেই সেতুৰ স্থাপত্য শিল্পী তথা নিৰ্মাতা বুলি উল্লেখ কৰা হৈছে।[7] তুলসীদাস গোস্বামীৰ ৰামচৰিতমানসত এই সেতু নিৰ্মাণ সম্পৰ্কে নলৰ সৈতে তেওঁৰ ভ্ৰাতা নীলৰো উল্লেখ পোৱা যায়।[8]
ৰামায়ণৰ কিছু সংস্কৰণত উল্লেখ আছে যে, নলৰ শিলক পানীত ওপঙি ৰখাৰ ক্ষমতা আৰু দক্ষতা আছিল, যাৰ ব্যৱহাৰেৰে নলে এই সেতু নিৰ্মাণ কৰাত সফল হয়।[3] আৰু কিছু সংস্কৰণত নলৰ সৈতে তেওঁৰ ভ্ৰাতা নীলৰো সেই অনুৰূপ দক্ষতা আছিল বুলি উল্লেখ আছে, ফলত নল আৰু নীলে একত্ৰে উক্ত বিদ্যাৰ ব্যৱহাৰ কৰি সেতু নিৰ্মাণ কৰে। এই ঘটনাৰ ন্যায্যতাৰ প্ৰতিপাদন কৰিবলৈ গ'লে এক কিংবদন্তি পোৱা যায় যে নল-নীল কৈশোৰকালত খুব দুষ্টু প্ৰকৃৃতিৰ আছিল আৰু মুনি ঋষি সকলৰ আৰাধ্য দেৱ-দেৱীৰ দিব্য মূৰ্তি চুৰ কৰি পানীত পেলাই দিছিল। ইয়াৰ প্ৰতিবিধানস্বৰূপ মুনি ঋষিগণে ভাগ্যবিধান দিয়ে যে, নল আৰু নীলৰ দ্বাৰা পানীত পেলোৱা যিকোনো প্ৰস্তৰমূৰ্তি বা প্ৰস্তৰ খণ্ডই পানীত ডুব নাযাব। আন এটি জনশ্ৰুতি অনুসাৰি বৰুণদেৱে ৰামক আশ্বস্ত কৰি কয় যে দেৱস্থপতি নল আৰু নীলৰ দ্বাৰা পানীত পেলোৱা শিল পানীত ডুব নাযাব। কিন্তু সমুদ্ৰৰ সোতৰ ফলত তেওঁলোকে কেৱল শিলবোৰ পানীত স্থায়ীভাৱে স্থাপন কৰিব পৰা নাছিল। এই সমস্যাৰ সমাধান স্বৰূপে শ্ৰীৰামভক্ত বানৰসকলৰ দলপতি হনুমানে শিলবোৰত ৰাম নাম খোদিত কৰে যাতে শিলবোৰ ইটো সিটোৰ গাত লাগি থাকে আৰু এই উপায়টো পিছত ফলপ্ৰসূ হয়।[9]
তেলেগু তথা বাংলা আদি আঞ্চলিক ভাষাৰ ৰামায়ণৰ সংস্কৰণ সমূহ আৰু জাভাৰ ছায়ানাটিকা সমূহৰ ক্ষেত্ৰটো সেতু নিৰ্মাণ কাৰ্যত নল-নীল আৰু হনুমানৰ অৱদানৰ মাজত মতভেদ আছে। নলে তেওঁৰ অশুচি বাওঁ হাতেৰে হনুমানৰ পৰা শিলবোৰ লৈ পবিত্ৰ সোঁহাতেৰে সমূদ্ৰত পেলোৱাক লৈ দুঃখ অনুভৱ কৰি ৰামক এই কথা ব্যক্ত কৰে। প্ৰত্যুত্তৰত ৰামে কয় যে নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত বস্তু কঢ়িয়াবলৈ এই নীতিয়েই ব্যৱহাৰ হয়।[10]
পঞ্চদশ শতাব্দীত লিখা আনন্দ ৰামায়ণ নামৰ ৰামায়ণৰ এটি সংস্কৰণত উল্লেখ আছে যে সেতু নিৰ্মাণৰ আগতে ৰামে নলে অনা নটা জ্যোতিৰ্ময় শিলক নৱগ্ৰহৰূপে পূজা কৰে।[11]
দক্ষিণ ভাৰতীয় কম্ব ৰামায়ণ অনুসৰি লংকাত উপস্থিত হোৱাৰ পিছত নলে নিজ তদাৰকিৰে বানৰ সেনা থাকিবলৈ এটা আৱাসস্থল নিৰ্মাণ কৰে। তেওঁ সোণ আৰু বাখৰ খচিত তম্বুৰে বানৰ সেনাৰ বাবে এখন চহৰ নিৰ্মাণ কৰে। বিপৰীতে নিজ থাকাৰ বাবে অতিসামান্য বাঁহ, কাঠ আৰু খেৰ আদিৰে এটি সাধাৰণ কুটিৰ নিৰ্মাণ কৰিছিল।[12]
ৰাম-ৰাবণৰ যুদ্ধত নল ৰামৰ পক্ষে, ৰাৱণ আৰু তেওঁৰ ৰাক্ষস সৈন্যদলৰ বিৰুদ্ধে যুদ্ধ কৰে। কাহিনী অনুসাৰি ৰাৱণপুত্ৰ ইন্দ্ৰজিৎৰ বাণত নল গুৰুতৰভাৱে আহত হয়।[13] নলে তপন নামৰ এক ৰাক্ষসক যুদ্ধক্ষেত্ৰত নিহত কৰে।[14] মহাভাৰতৰ এক বিৱৰণ অনুসৰি নলে তুণ্ডক নামৰ এক দানৱক হত্যা কৰিছিল।[2]
জৈন গ্ৰন্থ অনুসৰি নলে জৈনদীক্ষা গ্ৰহণ কৰে আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰৰ মাঙ্গী-তুঙ্গীৰ ওচৰত মোক্ষ লাভ কৰে।[15]
|