Nagpuri | |
---|---|
Sadri | |
Sadani | |
থলুৱা অঞ্চল | India |
অঞ্চল | West Central Chota Nagpur (Jharkhand, Chhattisgarh, Odisha and Bihar) |
জাতীয়তা | Nagpuria |
স্থানীয় ভাষিক |
সাঁচ:Sigfig million (2011 census)[1][2][3] L2 speakers: সাঁচ:Sigfig million (2007) |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | Devanagari Kaithi (historical) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
ভাষা সংকেত | |
ISO 639-3 | Either: sck – Sadri sdr – Oraon Sadri |
Nagpuri-speaking region in India |
নাগপুৰী বা সাদৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ ভাৰতৰ ঝাৰখণ্ড, ছত্তীশগঢ়, উৰিষ্যা আৰু বিহাৰ ৰাজ্যত কোৱা হয়। ই ঘাইকৈ ছোটা নাগপুৰ অঞ্চলৰ পশ্চিম আৰু কেন্দ্ৰীয় ভাগত ব্যৱহৃত।[6][7] কোনো কোনোৱে এই ভাষাক ভোজপুৰীৰ উপভাষা আখ্যা দিয়ে।[8][9][10]
এই ভাষা ছোটা নাগপুৰ অঞ্চলৰ সদন নামৰ এটি ভাৰতিয়-আৰ্য জনগোষ্ঠীৰ থলুৱা ভাষা।[7] তাৰ উপৰিও ই এক সংযোগী ভাষা হিচাপে কুৰুখৰ দৰে দ্ৰাৱিড় আৰু খৰিয়া আৰু মুণ্ডাৰ দৰে অষ্ট্ৰ'এছিয়াটিক গণগোষ্ঠীসমূহে ব্যৱহাৰ কৰে। সেই জনগোষ্ঠীসমূহৰ কোনো কোনোৱে নাগপুৰীক নিজৰ মাতৃভাষা হিচাপেও গ্ৰহণ কৰিছে।[7] ব্ৰিটিছ ৰাজৰ সময়ত অসম, পশ্চিমবংগ আৰু বাংলাদেশলৈ বহুতো ছোটা নাগপুৰৰ লোকক লৈ যোৱা হৈছিল চাহ বাগানত কাম কৰিবলৈ। তেনে চাহ বাগানবোৰতো নাগপুৰীৰ এটি ৰূপ সংযোগী ভাষা হিচাপে প্ৰায় ব্যৱহাৰ কৰা হয়।[7] অসমৰ চাহ বাগান সমূহক সেই ভাষা ৰূপক বাগানীয়া বোলা হয়: বাগানীয়া নাগপুৰীৰ ওপৰত অসমীয়া ভাষাৰ প্ৰভাৱ পৰি গঢ় লৈ উঠিছে।[11] ২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ মতে, প্ৰায় ৫১ লাখ লোকে এই ভাষাক মাতৃভাষা জ্ঞান কৰে। তদুপৰি ২০০৭ চনৰ এক গৱেষণা অনুযায়ী, ৭০ লাখ লোকে এই ভাষা দ্বিতীয় ভাষা হিচাপে কয়।
নাগপুৰী আছিল নাগবংশী ৰাজবংশৰ ৰাজভাষা আৰু ব্ৰিটিছ শাসন আৰম্ভ হোৱালৈকে ছোটা নাগপুৰ অঞ্চলৰ আনুষ্ঠানিক ভাষা। এই ভাষাত লিখা সাহিত্যৰ প্ৰমাণ পোৱা যায় সপ্তদশ শতিকাৰ পৰা। ১৯০৩ চনত প্ৰকাশিত জৰ্জ আব্ৰাহম গ্ৰিয়েৰ্ছনৰ গ্ৰন্থ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া"ত নাগপুৰীক ভোজপুৰীৰ উপভাষা আখ্যা দিয়া হৈছে।
নাগপুৰী ভাষাৰ উৎসক লৈ গৱেষক একমত নহয়। পিটাৰ শান্তি নৱৰংগীৰ মতে, নাগপুৰীয়া সদনী বা নাগপুৰীৰ উৎস এটি প্ৰাচীন প্ৰাকৃত ভাষা। অধ্যাপক কেশৰী কুমাৰ সিংহৰ মতে, নাগপুৰী এটি অপভ্ৰংশ আৰু মাগধী প্ৰাকৃতৰ পৰা অহা ("নাগপুৰী ভাষা এবং সাহিত্য" নামক গ্ৰন্থত)। শ্ৰৱণ কুমাৰ গোস্বামীৰ মতে, নাগপুৰী মাগধী নহয়, অৰ্ধমাগধী প্ৰাকৃতৰ পৰাহে অহা।[12] তেওঁৰ মতে, নাগপুৰী অষ্টৰ পৰা একাদশ শতিকাত প্ৰথম গঢ় লৈ উঠিছিল আৰু চতুৰ্দশৰ পৰা পঞ্চদশ শতিকালৈ ই পূৰ্ণ ৰূপ গ্ৰহণ কৰিছিল। যোগেন্দ্ৰ নাথ তিৱাৰীৰ মতে, নাগপুৰী এটি প্ৰাচীন ভাষা যি ঝাৰখণ্ড বা নাগপুৰ অঞ্চলৰ নামাকৰণৰো আগৰে পৰা ব্যৱহাৰ হৈ আহিছে: তেওঁৰ মতে ই ঝাৰখণ্ড প্ৰাকৃতৰ পৰা অহা। নাগপুৰী ভাষা ক'ৰ পৰা অহা, সেই প্ৰশ্ন লৈ বিবাদ দেখা যায়। নাগপুৰীৰ হিন্দী, অপভ্ৰংশ, প্ৰাকৃত আৰু সংস্কৃত আদিৰ সৈতে সামঞ্জস্য দেখা যায়।[6]
নাগপুৰী ছোটা নাগপুৰ অঞ্চলৰ নাগবংশী ৰাজবংশৰ ৰাজভাষা আছিল ব্ৰিটিছ শাসনৰ সময়লৈকে। এই ভাষাত লিখা সাহিত্যৰ প্ৰমাণ সপ্তদশ শতিকাৰ পৰা পোৱা যায়। ১৯০৩ চনত ভাষাবিদ জৰ্জ গ্ৰিয়েৰ্ছনে নাগপুৰী ভাষাক ভোজপুৰীৰ নাগপুৰীয়া উপভাষা হিচাপে অভিহিত কৰিছিল নিজৰ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া" নামৰ গ্ৰন্থত।
নাগপুৰীক পূৰ্বী ভাৰতীয়-আৰ্য ভাষা গোটৰ বিহাৰী ভাগত স্থান দিয়া হৈছে।[7][13] নতুন গৱেষণাৰ মতে, ছোটা নাগপুৰ অঞ্চলৰ ভাৰতীয়-আৰ্য ভাষাসমূহ, বা সদনী ভাষাসমূহ পৃথক ভাষা আৰু এই ভাষাসমূহৰ আন কোনো ভাষাতকৈ নিজৰ মাজতহে অধিক মিল আছে।[14]
নাগপুৰী ভাষা মুখ্যতঃ ছোটা নাগপুৰ অঞ্চলত কোৱা হয়। তলত ভৌগোলিক বিতৰণ দিয়া হৈছে:
ৰাজ্য | ঝাৰখণ্ড | চত্তীশগড় | ওড়িশা | বিহাৰ |
---|---|---|---|---|
জিলা | চত্ৰ | যশপুৰ | সুন্দৰগঢ় | গয়া |
পলমু | বলৰামপুৰ | |||
লতেহাৰ | সৰগুজা | |||
গঢ়ৱা | ||||
হাজাৰিবাঘ | ||||
লোহৰদগা | ||||
গুমলা | ||||
ৰাঁচী | ||||
সিমদেগা | ||||
খুন্তি | ||||
পশ্চিম সিংহভুম |
নাগপুৰী ভাষাৰ বিভিন্ন ৰূপ অসম, পশ্চিম বংগ, বাংলাদেশ আৰু নেপালৰ চাহ বাগানসমূহতো ব্যৱহাৰ কৰা হয়। এই ভাষা ভাষী লোক সেই অঞ্চলসমূহলৈ ব্ৰিটিছ ৰাজৰ দিনত শ্ৰমিক হিচাপে গৈছিল আৰু তাতেই স্থায়ীকৈ থাকিবলৈ ল'লে।
ছোটা নাগপুৰ অঞ্চলত পোৱা আতাইতকৈ পুৰণি শিলালিপিসমূহত ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰা হৈছে। সৰিডকেল শিলালিপি খুণ্টি জিলাত পোৱা গৈছে যি খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ। নৱম শতিকাৰ অনেক কিলা, মন্দিৰ, ভূমিদান পত্ৰ আদি পোৱা গৈছে, যাৰে ভিতৰত মহামায়া মন্দিৰ (হপমুনি স্থিত), নৱৰতনগঢ় (গুমলা স্থিত) আৰু জগন্নাথ মন্দিৰ (ৰাঞ্চী স্থিত) অন্যতম। বৌদ্ধ শিলালিপিও খলৰী আৰু জহ্না ফল্সত পোৱা গৈছে[15] আধুনিক শিলালিপিসমূহ দেৱনাগৰী লিপিত লিখা। সপ্তদশ শতিকৰ পৰা দেৱনাগৰী আতু কৈথী লিপিত নাগপুৰী সাহিত্য লিখা হৈছে।[16] বৰ্তমানে মুখ্যতঃ দেৱনাগৰী লিপিয়েই ব্যৱহাৰ কৰা হয়।[6]
নাগপুৰী ঐতিহাসিকভাৱে ছোটা নাগপুৰৰ নাগবংশী ৰাজবংশৰ আনুষ্ঠানিক ভাষা আছিল৷ [16] ভাৰতৰ ঝাৰখণ্ড ৰাজ্যত নাগপুৰী ভাষাক অতিৰিক্ত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ৷ [4] [5] নাগপুৰীক ভাৰতৰ সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী অনেকে কৰি আহিছে৷ [17][18][19] একাংশ শিক্ষাবিদে হিন্দী উপভাষাসমূহক সংবিধানৰ অষ্টম অনুসূচীত পূৰ্ণাংগ ভাৰতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে হিন্দী উপভাষাক পৃথক ভাষা হিচাপে স্বীকৃতি দিলে হিন্দী ভাষা ভাষী লোকৰ আনুষ্ঠানিক সংখ্যা ক্ৰমান্বয়ে কম হৈ আহিব আৰু অৱশেষত হিন্দী ভাষা অস্তিত্বহীন হৈ পৰিব। [20]
নাগপুৰী ভাষাত বহুতো লোককথা, লোকগীত আৰু সাঁথৰ আদি আছে। সপ্তদশ শতিকাৰ পৰাই এই ভাষাত লিখা সাহিত্য উপলব্ধ। নাগবংশী ৰজা ৰঘুনাথ শ্বাহৰ লগতে ৰামগঢ়ৰ ৰজা ডলেল সিংহ নিজেও কবি আছিল। এই কবিতাসমূহ দেৱনাগৰী আৰু কৈথী লিপিত লিখিত।[16][21] হনুমান সিংহ, জয়গোৱিন্দ মিশ্ৰ, বৰ্জু ৰাম পাঠক, ঘসী ৰাম মহলী, দাস মহলী, মহন্ত ঘসী আৰু কাঞ্চন উল্লেখনীয় নাগপুৰী কবি।[22] ১৮৭৬ চনত বেণীৰাম মেহতাই লিখা "নাগবংশাৱলী" নাগপুৰী ভাষাৰ এক উল্লেখনীয় ঐতিহাসিক গ্ৰন্থ। ঘসী ৰাম মহলীৰ "নাগবংশাৱলী", "দুৰ্গাসপ্তদশী", "বৰাহমাস", "বিহ্ব পৰিচ্ছন" আদি উল্লেখনীয় সাহিত্য কৰ্ম। প্ৰদ্যুম্ন দাস আৰু ৰুদ্ৰ সিংহও উল্লেখনীয় লেখক। [23] নাগপুৰী ভাষাত গদ্য লিখা খ্ৰীষ্টান মিছনেৰীসকলে আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰা হয়। ই এইচ হুইটলীয়ে ১৮৯৬ চনত নোটছ অন দ্য গঁৱাৰী ডাইলেক্ট অৱ লহাৰ্ডাগা, ছোটা নাগপুৰ লিখিছিল, যি নাগপুৰী ভাষাত গদ্য লিখাৰ আৰম্ভণি বুলি বিবেচনা কৰা হয়। [24] আধুনিক যুগৰ নাগপুৰী ভাষাৰ কিছু সাহিত্যিক আৰু কবি হ'ল প্ৰফুল্ল কুমাৰ ৰায়, সাহানী উপেন্দ্ৰ পাল সিং, শিৱ অৱতাৰ চৌধুৰী, লাল ৰণবিজয় নাথ শ্বাহদেও, বিষেশ্বৰ প্ৰসাদ কেশৰী আৰু গিৰ্ধৰী ৰাম গনঝু ৷[12]
ৰাঁচীত প্ৰকাশিত হৈছে মাহেকীয়া নাগপুৰী আলোচনী গটিয়া আৰু জোহৰ সাহিয়া ৷ [25] [26] অসম, পশ্চিমবংগৰ তৰাঈ আৰু দুৱাৰছ জিলাতো কেইবাখনো আলোচনী প্ৰকাশ পাইছে। [27]