নাগিব মাহফুজ | |
---|---|
১৯৮২ চনত মাহফুজ | |
জন্ম | ১১ ডিচেম্বৰ, ১৯১১ কাইৰো, ইজিপ্ত |
মৃত্যু | ৩০ আগষ্ট, ২০০৬ (৯৪ বছৰ) কাইৰো, ইজিপ্ত |
পেচা | ঔপন্যাসিক |
উল্লেখনীয় কৰ্মৰাজি | কাইৰো ত্ৰিলজী |
উল্লেখযোগ্য বঁটা | সাহিত্যৰ ন'বেল বঁটা (১৯৮৮) |
নাগিব মাহফুজ (ইংৰাজী: Naguib Mahfouz; ১১ ডিচেম্বৰ, ১৯১১ – ৩০ আগষ্ট,২০০৬) আছিল এজন ইজিপ্টিয়ান লেখক যিজনে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল। অস্তিত্ববাদৰ বিষয়ে চিন্তা-চৰ্চা আৰু অন্বেষণ কৰা টাহা হোছেইনৰ লগতে মাহফুজকো আৰবীয় সাহিত্যৰ প্ৰথমগৰাকী সমকালীন সাহিত্যিক আখ্যা দিয়া হয়।[1] তেখেতে ৩৪খন উপন্যাস ৰচনা কৰিছিল, ৩৫০তকৈও অধিক চুটি গল্প লিখিছিল। ডজনতকৈও অধিক ছবিৰ চিত্ৰনাট্য লিখাৰ লগতে সত্তৰ বছৰীয়া কৰ্মজীৱনটোত তেওঁ এশতকৈও অধিক প্ৰবন্ধ-নিবন্ধ লিখিছিল, যিবোৰ কাকতাদিত প্ৰকাশ পাইছিল। পাঁচখন নাটকো লিখিছিল। তেওঁ কৰ্মৰাজিৰ বহুলাংশই পৰৱৰ্তী সময়ত হয়তো একোখন ইজিপ্টিয়ান ছবিৰ ৰূপ পাইছে নতুবা কোনোবা বিদেশী ছবিৰ কাহিনীক সমৃদ্ধক কৰিছে।[2]
১৯১১ চনত পুৰণা কাইৰোৰ এক মুছলমান ধৰ্মাৱলম্বী নিম্ন মধ্যবিত্ত পৰিয়ালত মাহফুজৰ জন্ম হৈছিল। তেখেতেই আছিল ঘৰখনৰ আটাইতকৈ কনিষ্ঠ সদস্য। তেওঁৰ দুজন ককায়েক আৰু দুজনী ভনীয়েক আছিল। তেওঁৰ দেউতাক আছিল আবডেল-আজিজ ইব্ৰাহীম যাক মাহফুজে 'পুৰণি-জামানা' (Old-fashioned) বুলি কৈছিল। মাহফুজৰ মাকৰ নাম আছিল ফাতিমা। অশিক্ষিতা মাতৃয়ে মাহফুজক ইজিপ্টিয়ান সংগ্ৰাহালয় নতুবা পিৰামিডকে ধৰি বিভিন্ন সাংস্কৃতিক আৰু ঐতিহাসিক ঠাই চোৱাবলৈ লৈ গৈছিল।[3]
মাহফুজৰ পৰিয়ালটো অত্যন্ত ধাৰ্মিক আছিল আৰু সেয়েহে তেওঁ মুছলমান ধৰ্মৰ ৰীতি-নীতিৰ মাজত ডাঙৰ-দীঘল হৈছিল। এটা সাক্ষাৎকাৰত মাহফুজে কঠোৰ ধৰ্মীয় ৰীতিৰ মাজত প্ৰতিপালিত হোৱাৰ কথা প্ৰকাশ কৰিচিল। তেওঁ কৈছিল যে, "তেনে এটা পৰিয়ালৰপৰা যে এগৰাকী শিল্পীৰ সৃষ্টি হ'ব পাৰে, সেইটো কথা আপুনি ভাবিবই নোৱাৰে। "[3]
জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত মাহফুজে হাফিজ নাজিব, টাহা হুছেইন, চালামা মৌচাৰ দৰে বুদ্ধিজীৱী-সাহিত্যিকৰ ৰচনা অধ্যয়ন কৰিছিল আৰু সেইসমূহ সাহিত্যকৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।[4]
উচ্চতৰ মাধ্যমিকৰ শিক্ষা সাং কৰি মাহফুজে ১৯৩০ চনত ইজিপ্টিয়ান বিশ্ববিদ্যালয়ত (এতিয়া কাইৰো বিশ্ববিদ্যালয়) নামভৰ্তি কৰে। ১৯৩৪ চনত এইখন বিশ্ববিদ্যালয়ৰপৰাই তেওঁ দৰ্শনত স্নাতক ডিগ্ৰী অৰ্জন কৰে।[5]
দৰ্শনত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেওঁ ইজিপ্টিয়ান অসামৰিক সেৱাত যোগদান কৰে আৰু সেই সেৱাৰ বিভিন্ন পদবীত তেওঁ নিজৰ দায়িত্ব পালন কৰি যায়। ১৯৭১ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ লয়।[6] ১৯৫০ চনত তেওঁ কলা সংস্থাত চেঞ্চৰশ্বিপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে, তাৰপিছত "চলচ্চিত্ৰ সমৰ্থনৰ বাবে প্ৰতিষ্ঠান"ত অধ্যক্ষ, আৰু সৰ্বশেষত সাংস্কৃতিক মন্ত্ৰণালয়ৰ উপদেষ্টা হিচাপে নিজ দায়িত্ব পালন কৰে।[7]
মাহফুজে ৩৪খন উপন্যাস, ৩৫০তকৈও অধিক চুটি গল্পকে ধৰি কেইবাখনো চিত্ৰনাট্য, পাঁচখন নাটক ৰচনা কৰে। "কাইৰো ট্ৰিল'জী" হৈছে তেওঁৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি; য'ত তেওঁ তিনিটা ভিন্ন প্ৰজন্মৰ তিনিটা ভিন্ন পৰিয়ালৰ জীৱনযাত্ৰাৰ কথা লিপিবদ্ধ কৰিছিল। উপন্যাসত বৰ্ণিত কালছোৱা আছিল প্ৰথম বিশ্বযুদ্ধৰ পৰা ১৯৫২ চনত ফাৰুক ৰজা ক্ষমতাচ্যুত হোৱালৈকে।[8]
তেওঁৰ অধিকাংশ কৰ্মৰেই পটভূমি আছিল কাইৰো। ছাৰ ৱাল্টাৰ স্কটৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাহফুজে ইজিপ্তৰ সম্পূৰ্ণ ইতিহাসক লিপিবদ্ধ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু সেইহেতুকে এলানি ধাৰাবাহিক গ্ৰন্থ লিখিবলৈ প্ৰচেষ্টা হাতত লৈছিল। কিন্তু তিনিটা খণ্ড লিখাৰ পাছতেই তেওঁৰ চিন্তাৰ পৰিৱৰ্তন হয় আৰু বৰ্তমান সময়ত সাধাৰণ মানুহৰ মাজত দেখা দিয়া সামাজিক পৰিৱৰ্তনৰ মনস্তাত্ত্বিক প্ৰভাৱৰ বিষয়ে চৰ্চা কৰিবলৈ তেওঁ যত্নৱান হয়।[9]
১৯৫৯ চনত মাহফুজৰ অন্যতম চাঞ্চল্যকৰ উপস্যাস "দ্য চিলড্ৰেন অৱ গেবেলাৱি" প্ৰকাশিত হয়। ধাৰাবাহিকভাৱে উপন্যাসখন 'আল-আহৰাম'ত প্ৰকাশিত হৈছিল। এইখন উপন্যাস ইমানেই বিতৰ্কিত আছিল যে, লেবাননৰ বাহিৰে আৰবৰ সকলোতে কিতাপখনৰ প্ৰচলন-বিক্ৰী বন্ধ কৰি দিয়া হৈছিল।[10]
মাহফুজৰ অধিকাংশ ৰচনাতেই ৰাজনৈতিক প্ৰভাৱ স্পষ্ট। আনকি তেওঁ নিজেই স্বীকাৰোক্তি দিছে, "মোৰ সকলো লেখাতেই তুমি ৰাজনীতি বিচাৰি পাবা। কেতিয়াবা হয়তো কোনোবাটো গল্পত প্ৰেম অথবা অইন বিষয় তল পৰা দেখিব পাৰা, কিন্তু ৰাজনীতি অৱহেলিত হোৱা তুমি কেতিয়াও নেদেখা। মোৰ চিন্তাৰ মূল অক্ষডালেই হৈছেই ৰাজনীতি। "[11]
১৯৮৮ চনত তেখেতক সাহিত্যৰ ন'বেল বঁটাৰে সন্মানীত কৰা হয়। উল্লেখ্য যে, মাহফুজেই হৈছে ন'বেল বঁটা বিজয়ী একমাত্ৰ আৰব লেখক। ন'বেল বঁটা গ্ৰহণ কৰিয়েই মাহফুজে মন্তব্য দিয়ে যে, "ন'বেল বঁটাৰ প্ৰাপ্তিয়ে মোক জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰালে যে মোৰ সাহিত্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসিত হ'ব পাৰে। মোৰ লগতে আৰবেও ন'বেল বঁটা অৰ্জন কৰিলে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দুৱাৰখন খোল খাইছে বুলি এতিয়া মোৰ বিশ্বাস উপজিছে। আৰু এতিয়াৰপৰা শিক্ষিত মানুহে আৰব-সাহিত্যৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰিব। সেই স্বীকৃতি আমাৰ প্ৰাপ্য। "[12]
১৯৮৮ চনত ছলমান ৰুশ্বডিৰ "ছাটানিক ভাৰ্ছেছ"ৰ প্ৰকাশে মাহফুজৰ বহুবিতৰ্কিত উপন্যাস "দ্য চিলড্ৰেন অৱ গেবেলাৱি"ক পুনৰ এবাৰ চৰ্চাৰ মাজলৈ আনে। উত্তেজনা আৰু প্ৰতিবাদৰ চোক এইবাৰ ইমানেই তীব্ৰতৰ হৈ উঠিল যে, মাহফুজক মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়া হ'ল। যি-কোনো শাৰীৰিক আক্ৰমণৰ পৰা বচাবলৈ তেওঁৰ বাবে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হ'ল। তৎসত্ত্বেও ১৯৯৪ চনত এজন চৰমপন্থীয়ে তেওঁৰ কাইৰোৰ ঘৰৰ বাহিৰত ডিঙিত চুৰিকাঘাত কৰে। সেইসময়ত তেওঁৰ বয়স আছিল বিৰাশী।[13]
তেওঁৰ প্ৰাণটো সেইবাৰলৈ বাচিল যদিও সোঁহাতৰ স্নায়ু স্থায়ীভাৱে বিকল হৈ পৰিল। যাৰফলত তেওঁ আগৰদৰে লেখা-মেলা কৰিব নোৱাৰা হ'ল। ভাবুকিবোৰৰ পিছত তেওঁ কাইৰোতে নিজৰ অধিবক্তা নাবিল মৌনিৰ হাবিবৰ লগত থাকিবলৈ লয়। দিনটোৰ অধিকাংশ সময় দুয়োজনে মৌনিৰৰ কাৰ্যালয়তে অতিবাহিত কৰিছিল। মৌনিৰৰ পুথিভঁৰালত থকা গ্ৰন্থবোৰকে মাহফুজে তেওঁৰ বিভিন্ন ৰচনাৰ বাবে সহায়ক-পুথি হিচাপে ব্যৱহাৰ কৰে।[14]
২০০৬ চনৰ ৩০ আগষ্টত এইগৰাকী প্ৰসিদ্ধ সাহিত্যিক, চিত্ৰনাট্যকাৰ আৰু চুটিগল্প লেখকৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।[15]
ৱিকিমিডিয়া কমন্সত নাগিব মাহফুজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |