নাছিক
নাচিক | |
---|---|
ওপৰৰ বাওঁফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত:
নাচিক চহৰ আকাশৰ পৰা, গোদাবৰী ঘাট, পাণ্ডৱলেনি গুহা,কলাৰাম মন্দিৰ , নাছিক পৰ্বতৰ দৃশ্য | |
উপনাম: ভাৰতৰ ৱাইন কেপিটেল[1] | |
![]() মহাৰাষ্ট্ৰৰ নাচিকৰ স্থান | |
স্থানাংক: 19°59′51.0″N 73°47′23.3″E / 19.9975°N 73.789806°Eস্থানাংক: 19°59′51.0″N 73°47′23.3″E / 19.9975°N 73.789806°E[1] | |
Country | ![]() |
State | মহাৰাষ্ট্ৰ |
District | নাছিক |
Division | নাছিক |
চৰকাৰ | |
• ধৰণ | Municipal Corporation |
• পৰিচালনা | Nashik Municipal Corporation |
• Mayor | Vacant[2][3] |
• Guardian Minister | Vacant |
• Municipal Commissioner and Administrator | Ashok Karanjkar[4] |
• District Magistrate and Collector | Jalaj Sharma, IAS |
• Member of Parliament | Rajabhau Waje (Shiv Sena (UBT)) |
কালি | |
267 km2 (103 sq mi) | |
উচ্চতা | ৬০২.৪৮ মিটাৰ (১,৯৭৬.৬৪ ফুট) |
জনসংখ্যা (2011)[6] | |
14,86,053 | |
• ঘনত্ব | 5,600/km2 (14,000/sq mi) |
• মেট্ৰ’ | 15,62,769 |
• Metro rank | India: 29th |
নাছিক( ইংৰাজী: Nashik) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ।[13] গোদাবৰী নদীৰ পাৰত অৱস্থিত। নাছিক চহৰৰ জনসংখ্যা প্ৰায় ২২ লাখ আৰু ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে মান্য়তা দিয়া হৈছে । ৰাজ্যৰ ৰাজধানী মুম্বাইৰ পৰা প্ৰায় ১৬৫ কিলোমিটাৰ (১০৩ মাইল) উত্তৰ-পূবে, আৰু পুনেৰ পৰা প্ৰায় ২১০ কিলোমিটাৰ (১৩০ মাইল) উত্তৰত নাছিক অৱস্থিত। মুম্বাই-পুনে-নাছিক অঞ্চলক "মহাৰাষ্ট্ৰৰ সোণালী ত্ৰিভুজ" বুলি কোৱা হয়। আঙুৰৰ উচ্চ উৎপাদনৰ বাবে নাছিকক ভাৰতৰ নাপা উপত্যকা আৰু "ভাৰতৰ ৱাইন কেপিটেল" বুলি অভিহিত কৰা হয় কাৰণ ভাৰতৰ আধাতকৈ অধিক আঙুৰৰ বাগিচা আৰু ৱাইন কাৰখানা ইয়াত অৱস্থিত।[14][15] প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ হিন্দু তীৰ্থস্থানসমূহৰ ভিতৰত নাছিক অন্যতম।[16][17]
নাছিক নামটো সংস্কৃত শব্দ ‘নাচিকা’ৰ পৰা উদ্ভৱ হৈছে যাৰ আক্ষৰিক অৰ্থ হৈছে ‘নাক’। স্থানীয় চৰকাৰৰ ৱেবছাইট অনুসৰি নখন পাহাৰ থকা বাবে চহৰখনৰ নাম নাছিক হোৱা বুলি বিশ্বাস।
ৰামায়ণৰ মতে নাছিক হৈছে গোদাবৰী নদীৰ পাৰৰ সেই স্থান য'ত লক্ষ্মণে আসুৰী শূৰ্পনাখৰ নাক কাটিছিল, সেয়েহে ইয়াক "নাশিক" বা "নাছিক" নামেৰে নামাকৰণ কৰা হৈছে।[18]নাছিক চহৰক পঞ্চৱতী নামেৰেও জনা যায়।[19]মোগলৰ ৰাজত্বকালত ইয়াক "গুলছানাবাদ" নামেৰে জনা গৈছিল।[20][21]
ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অংশৰ ঐতিহাসিক, পৌৰাণিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ চহৰ নাচিক। গোদাবৰী নদীৰ পাৰৰ মন্দিৰৰ বাবে জনাজাত আৰু ঐতিহাসিকভাৱে ই হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ স্থান। বাৰ বছৰৰ মূৰে মূৰে এবাৰ বৃহৎ সিংহস্থ কুম্ভ মেলাৰ আয়োজন কৰা চাৰিখন চহৰৰ ভিতৰত ই অন্যতম।[22]
নাছিকক বিভিন্ন যুগত বিভিন্ন নামেৰে জনা গৈছিল। হিন্দু কিংবদন্তি অনুসৰি সত্যযুগৰ সময়ত ইয়াক "পদ্মনগৰ", ত্ৰেতাযুগৰ সময়ত "ত্ৰিকান্তক", দ্বাপৰ যুগত "জনস্থান" আৰু শেষত কলিযুগত "নৱশিখ" বা "নাশিক" নামেৰে জনা গৈছিল। মোগল যুগত ইয়াক "গুলছানাবাদ" নামেৰে জনা গৈছিল, গোলাপৰ চহৰ। নাছিকৰ পৌৰাণিক, ঐতিহাসিক, সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। গোদাবৰী নদীৰ পাৰত অৱস্থিত এই চহৰখন সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ বাবে অন্যতম পবিত্ৰ স্থান। হিন্দু পৌৰাণিক কাহিনী অনুসৰি অযোধ্যাৰ ৰজা ভগৱান ৰামে ১৪ বছৰীয়া নিৰ্বাসনত নাশিকক নিজৰ বাসস্থান কৰি লৈছিল। একে ঠাইতে ভগৱান লক্ষ্মণে ভগৱান ৰামৰ ইচ্ছামতে "শূৰ্পনাখা"ৰ নাক কাটিছিল আৰু এইদৰে এই নগৰৰ নাম "নাচিক" বুলি ৰখা হৈছিল কাৰণ নাচিক শব্দৰ অৰ্থ সংস্কৃতত "নাক"।[23]
সতবাহন সাম্ৰাজ্যৰ পতনৰ পিছত উত্তৰ-পূবত অভিৰা বা অহিৰসকলে আৰু মহাৰাষ্ট্ৰ আৰু কুন্তলাত চুতুসকলে শাসন কৰিছিল। পুৰাণত উল্লেখ আছে যে ৬৭ বছৰ ধৰি দহটা অভিৰা জনগোষ্ঠীয়ে শাসন কৰিছিল। নাশিক শিলালিপিত ৰজা মাধুৰীপুত্ৰ ঈশ্বৰসেন, অভিৰ আৰু শিৱদতলাৰ এজন পুত্ৰৰ কথা কোৱা হৈছে। এই বংশৰ উৎপত্তি ২৪৯–২৫০ খ্ৰীষ্টাব্দত হৈছিল, যিটো যুগক পৰৱৰ্তী সময়ত কলাচুৰি বা চেদি বুলি কোৱা হৈছিল ।[24]