সাহিত্য |
---|
প্ৰধান ক্ষেত্ৰ
|
উপন্যাস · কবিতা · নাটক |
গোত্ৰ |
মহাকাব্য · গীতি-কাব্য · নাটক |
মাধ্যম |
কৌশল |
ইতিহাস আৰু তালিকা |
সাহিত্যৰ ক্ৰম বিকাশ |
আলোচনা |
নাটক (ইংৰাজী: Drama) সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ। অৰ্থাৎ কোনো এটা চৰিত্ৰ যদি কিছু সময়ৰ বাবে ওলাই , তেখেতৰ যদি কোনো সংলাপ নাথাকে তেন্তে সেই চৰিত্ৰটোও নাটকৰ অংশত পৰে ।
সংস্কৃত আলঙ্কাৰিকসকলে নাট্যসাহিত্যক কাব্য সাহিত্যৰ মাজত ঠাই দিছে। তেখেতসকলৰ মতে কাব্য দুই প্ৰকাৰৰ। দৃশ্য কাব্য আৰু শ্ৰব্য কাব্য। নাটক প্ৰধানত: দৃশ্য কাব্য আৰু ই সকলো প্ৰকাৰৰ কাব্য সাহিত্যৰ ভিতৰত শ্ৰেষ্ঠ।
কাব্যেসু নাটকং ৰম্যম
নাটকে দৃশ্য আৰু শ্ৰব্য কাব্যৰ সংমিশ্ৰণত ৰঙ্গমঞ্চৰ সহযোগত গতিশীল মানৱজীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে। ৰঙ্গমঞ্চৰ অবিহনে নাটকৰ বিষয় স্পষ্ট নহয়। নাটকত উল্লিখিত ক’লা-কুশলীসকলে তেওঁলোকৰ নিপুণ অভিনয়েৰে নাটকৰ জঁকাটোত প্ৰাণৰ সঞ্চাৰ কৰে আৰু তাক বাস্তব জীৱনৰ স্বৰূপ প্ৰদান কৰে। অনেক সময়ত নাট্যকাৰে অভিনেতা অভিনেত্ৰীসকলৰ সংলাপৰ মাজেদি নিজৰ ধ্যান-ধাৰণা তুলি ধৰে। সেইকাৰণে নাটক সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ বা সৰল বা অবজেকটিভ্চ্ নহবও পাৰে। কিন্তু শ্ৰেষ্ঠ নাট্যকাৰসকলে নিজকে যথাসাধ্য গোপনে ৰাখে আৰু চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ নিলিৰ্প্ততা অৱলম্বন কৰে।[1]
সংস্কৃত নাটকত দেখা যায় যে, প্ৰথম: পূৰ্বৰঙ্গ বা মঙ্গলাচৰণ, দ্বিতীয়: সভাপূজা (সামাজিকলোকসকল), তৃতীয়: কবিসংজ্ঞা বা নাটকীয় বিষয়-কথন আৰু তাৰপাছত প্ৰস্তাবনা। ’মঙ্গলাচৰণ’ত সূত্ৰধাৰে (তেওঁ জাতিত ব্ৰাহ্মণ, সংস্কৃতজ্ঞ আৰু অভিনয় পটু)মঞ্চত উপস্থিত হৈ অভিনয় কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে যি মঙ্গলাচৰণ কৰে তাৰ নাম’নান্দী’।
প্ৰস্তাবনাৰ পিছতেই সাধাৰণতে প্ৰথম অংক আৰম্ভ হয়। নাটকৰ ক’লা-কুশলীসকলে সংবাদ নোপোৱাকৈ মঞ্চত প্ৰৱেশ কৰিব নোৱাৰে। মাত্ৰ নায়ক বা নায়িকাৰ প্ৰৱেশৰ ক্ষেত্ৰতহে কোনো সংবাদৰ প্ৰয়োজন নাই। নাটকত গদ্য-পদ্য দুয়োটা ভাষাই ব্যৱহৃত হয়। তথাপি , সংস্কৃত নাটকত বিদ্বানপুৰুষে সাধাৰণতে সংস্কৃত, বিদূষী মহিলাসকলে শৌৰসেনী, ৰাজপুত্ৰ আৰু শ্ৰেষ্ঠসকলে অৰ্দ্ধমাগধী, বিদুষকে প্ৰাচ্যা আৰু ধূৰ্ত্ত অবন্তিক ভাষা ব্যৱহাৰ কৰিছিল।[1]
সনাতনপন্থী নাট্যকাৰসকলে নাটকত তিনিটি ঐক্যনীতি মানি চলিছিল। সেইকেইটা হ’ল-
ইংৰাজী সাহিত্যত বেন জনচনে ঐক্যনীতি মানি চলিছিল আৰু শ্যেক্সপিয়েৰে মাত্ৰ ’দ্য টেম্পেষ্ট এমং দ্য কমেডি অব্ এৰৰচ্’ৰ নিয়ম মানি চলিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰাচীন সংস্কৃত নাটকত কাল, স্থান আৰু ঘটনাৰ ঐক্য অনুসৰণ নাই হোৱা। ভবভূতিৰ ’মহাবীৰ চৰিত্ৰ’ত দ্বাদশবৰ্ষৰ ঘটনা নাট্য-আকাৰে পৰিবেশিত হৈছে।[1]
কোনো বিশেষ বিষয়ক ভিত্তি কৰি নাটকৰ শ্ৰেণীবিভাগ কৰা হোৱা নাই। নানাৰকম বিষয়বস্তু অনুসৰি নাটকক বিভিন্ন ভাগত ভগোৱা হৈছে। নাটকৰ শ্ৰেণীবিভাগবোৰ এইধৰণৰ-
ক) ভাব সংবেদনা ৰীতি অনুসৰি-
খ) বিষয়বস্তুৰ উত্স ৰীতি অনুসৰি-
গ) বিষয়বস্তুৰ প্ৰকৃতি অনুসৰি-
ঘ) উপাদানযোজনা বৈশিষ্ট্য অনুসৰি-
|
ঙ) আয়তন বা অংক সংখ্যা অনুসৰি-
চ) গঠন ৰীতি অনুসৰি-
ছ) ৰচনাৰীতি অনুসৰি-
জ) উপস্থাপনৰীতি অনুসৰি-
ঝ) উদ্দেশ্য অনুসৰি-
|
সাধাৰণ মানুহৰ কথা বতৰাতে যি নাটক গঢ়ি উঠে, সাধাৰণ মানুহৰ কথা-বতৰাক অৱলম্বন কৰিয়ে যি কাহিনী ৰচিত হয় অথবা সাধাৰণ মানুহৰ কথা-বতৰা ৰীতি-নীতিৰে যি নাটক বাচি থাকে তকেই লোকনাট্য বোলা হয়।
উপস্থাপন ৰীতিঃ বিষয়বস্তু বা কাহিনী বা কিবা চৰিত্ৰ থাকিলেই নাটক নহয়। নাট্যকাৰে এই সকলো উপাদান সমূহক কি ধৰণে ৰূপ দিব তাৰ ওপৰতহে নিৰ্ভৰ কৰে সাৰ্থক নাট্য সৃষ্টি। অৱশ্যে ইয়াৰ লগত এটা বিষয় সংযোগ কৰাটো উচিত সেয়া হ'ল ,নাটকীয়ত্ব। (2)
নাটকীয়ত্বঃ উপস্থাপন ৰীতি আৰু নাটকীয়ত্ব ইটো সিটোৰ লগত খুউব ঘনিষ্ঠ। সাধাৰণতে নাটকীয়ত্ব মানে 'ড্ৰামাটিক' বুলি কলেও ভুল নহব যেন লাগে। 'বিষয়টো বেচ ড্ৰামাটিক হৈছে','দৃশ্যটো আৰু অলপ চুটি হোৱা হলে খুউব ড্ৰামাটিক হ'লহেঁতেন' এনেকৈ কোৱা হয়। আকৌ 'ষ্টাইল' শব্দটোও যদি ব্যৱহাৰ কৰা হয় ভুল নহব যেন লাগে। 'অমুক নাট্যগোষ্ঠীৰ নাটক কৰাৰ ষ্টাইলটো অলপ বেলেগ','সাংঘাতিক ষ্টাইলত নাটকখন কৰা হ'ল' অৰ্থাৎ উপস্থাপন ৰীতিৰ প্ৰয়োগকে 'ষ্টাইল'কোৱা হ'ল যেন লাগে। কিন্তু কি অৰ্থত প্ৰয়োগ হ'ল 'ড্ৰামাটিক' শব্দটো? কিবা দেখি বা শুনি অপ্ৰত্যাশিতভাৱে ভাল লগা বা খুউব জমি যোৱাটোকে 'ড্ৰামাটিক'কোৱা হয়,সাধাৰণ কথা। নিদ্দিষ্ট কোনো নাটকীয়ত্ব 'থিউৰী'ৰে সকলো নাটকত্বৰ বিচাৰ কৰিব নোৱাৰি। নাটকৰ চেহেৰা অনুযায়ী নাটকীয়ত্বৰ ৰূপ সলনি হয়। সেই চেহেৰাটো হৈছে,নাটকৰ সকলোখিনিৰ সংমিশ্ৰণ আৰু প্ৰধানতঃ উপস্থাপন ৰীতি। (2)
উপস্থাপন ৰীতি হৈছে,নাট্যকাৰৰ কাৰীকৰি দিশ। কেতিয়াবা দেখা যায় খুউব সাধাৰণ বিষয়বস্তুৰ নাটক অসাধাৰণ ৰূপ পাইছে বা অসাধাৰণভাৱে প্ৰকাশিত হৈছে তাৰ উপস্থাপন ৰীতি বাবে। এই ৰীতিটোৱেই হৈছে নাট্যকাৰৰ নিজা সম্পদ। (2)
ঊনবিংশ শতিকাৰ মধ্যভাগত নৰৱেৰ নাট্যকাৰ ইবচেনে নাটকৰ অৰ্বাচীন ধাৰাৰ বা বাস্তৱবাদী নাটকৰ ধাৰাটোৰ আৰম্ভ কৰিছিল৷ তেওঁ লিখা প্ৰথম এই ধাৰাৰ নাটকখন আছিল পিলাৰ্ছ অব দ্যা ছচাইটি৷ আধুনিক জীৱনত লোকসকলে সম্মুখীন হোৱা বিভিন্ন সমস্যা বাস্তৱসন্মতভাৱে নাটকৰ জৰিয়তে দাঙি ধৰা নাটকেই হ’ল বাস্তৱৱাদী নাটক৷ সময়ৰ লগে লগে অসমতো এই নাটকবোৰে বিভিন্ন নাট্যধাৰাৰ সৃষ্টি কৰিলে৷ তাৰ ভিতৰত মহাকাব্যিক নাটক, এবছাৰ্ড নাটক, লোককলাধৰ্মী নাটক, উত্তৰ আধুনিক নাটক, একাংকিকা নাটক, দুখীয়াৰ নাটক, ৰিচুৱেল থিয়েটাৰ, গ্ৰুপ থিয়েটাৰ আদিৰ কথা উল্লেখ কৰিব পাৰি৷[2]
এই ধাৰাৰ নাটকত ইতিহাসৰ কথা, মহাকাব্যৰ বৰ্ণনাধৰ্মী ৰচনাৰীতি আৰু বিচ্ছিন্নতা আদি বৈশিষ্ট দেখিবলৈ পোৱা যায়৷ অসমীয়া নাটকৰ ক্ষেত্ৰখনতো এই নাট্যধাৰাই প্ৰভাৱ পেলাইছিল৷ মুনীন শৰ্মাৰ নাটক সভ্যতাৰ সংকট (১৯৯০), অৰুণ শৰ্মাৰ বুৰঞ্জী পাঠ (২০০১), অৰুণ গোস্বামীৰ আজি (২০০৫), অখিল চক্ৰৱৰ্তীৰ এজন ৰজা আছিল (১৯৮৫), লিয়াকৎআলিৰ মোৰে মলুৱাক কোনে মাৰিলে ৰে আদি উল্লেখযোগ্য নাটক ৷
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমগ্ৰ পৃথিৱীতে নৈৰাশ্যবাদ, নিঃসংগতাবোধ আদি ধাৰণাই প্ৰৱল ৰূপত আত্মপ্ৰকাশ কৰিছিল৷ এই সময়ত হোৱা বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ ফলত মানৱ জীৱনৰ মূল্যবোধৰ ওপৰত আঘাত হানিলে৷ জীৱনৰ অৰ্থহীনতা আৰু মানুহৰ অস্তিত্বক লৈ সকলোৰে মনত সন্দেহৰ সৃষ্টি হ’ল৷ বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহৰ পাৰ্থিৱ জগতখন সহজ কৰি দিলে যদিও মনোজগতখন অধিক জটিল কৰি তুলিলে৷ জীৱন আৰু মৰণ দুয়োটাই মূল্যহীন হৈ পৰিল৷পৃথিৱীৰ বহুতো ঘটনাৰেই কাৰণ আৰু অৰ্থ বিচাৰি লেখক আৰু সাহিত্যিকসকল হতাশ হ’ল৷ তেওঁলোকৰ সৃষ্টিত জীৱনৰ অৱস্থিতিয়ে অদ্ভুত আৰু উদ্ভট ৰূপ ধাৰণা কৰিলে৷ এই সময়ত ৰচনা কৰা এনে নাটকবোৰকেই এবছাৰ্ড নাটক আখ্যা দিয়া হয়৷ অসম সন্তান অৰুণ শৰ্মাৰ আহাৰ (১৯৬৪) এখন এবছাৰ্ড নাটক৷ ইয়াৰ পৰৱৰ্তী সময়ৰ বসন্ত শইকীয়াৰ মৃগতৃঞ্চা (১৯৭২), মানুহ (১৯৭৭) আৰু অসুৰ (১৯৭৭) আদি অসমীয়া এবছাৰ্ড নাটক৷