নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।[1] অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী।[1] নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।[2]
১৯৯৭ চনত সূৰুজ কুমাৰ দত্তই The Divine Verses উপ নামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ২০১৭ চনত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হয়।[3]
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি। মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, “আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?” তেতিয়া শংকৰদেৱে উত্তৰ দিলে, “মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা। ” গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক হেজাৰী ঘোষা বোলা হয়। মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি॥"
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত॥ "
ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগ শেষ কৰাৰ পাছত শ্ৰীশ্ৰীমাধৱদেৱে নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে। মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য গুৰুচৰিতত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- “মই গুৰুসেৱকে যি পালোঁ তাকো ঘোষাতে থৈছোঁ, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছোঁ, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছোঁ। ”
ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাবধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।
নামঘোষাৰ মতে একমাত্ৰ সত্য, শুদ্ধ, নিত্য আৰু চৈতন্য হৈছে কৃষ্ণ। ঘোষাত কৈছে-
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত॥
মায়াক ঈশ্বৰৰ বিনোদ ৰূপ বুলি কোৱা হৈছে। এই ৰূপক ভক্তিবিৰোধীসকলে সঁচা বুলি ভাবি বিভ্ৰান্তিত পৰে। নামঘোষাত কৈছে-
দুৰ্বাৰ দুঃসঙ্গ দুৰ্বাসনা দুষ্ট হৰি হৰি হৰি হৰি এ
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰ ভৈলো বঞ্চিত॥
নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।
নাম-ঘোষা শাস্ত্ৰৰ বস্তু-প্ৰকাশ অধ্যায়ত-
"শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানাযেন কল্পতৰু।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু॥ "
বুলি পৰম গুৰুৰ পৰিচয় কৰাই দিছে। নাম-ঘোষাই এই তত্ত্বৰ চিনাকি কৰাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱে দেৱতাসকলে গুপ্ত কৰি যোৱা হৰিনাম বস্তু জগতৰ কল্যাণৰ কাৰণে উদঙাই দিলে।[5] অবস্তুৰ পৰা আঁতৰাই দেখুওৱা প্ৰকৃত বস্তুক নামঘোষাত এনেদৰে উল্লেখ আছে-
"হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙ্গি দিলে
বহে ব্ৰহ্মাণ্ডক ভেদি"
এক শৰণ হৰি নাম ধৰ্ম সাধনৰ চাৰিটা স্তৰ- গুৰু, দেৱ, নাম, ভকতৰ ধাৰণা নামঘোষাত পৰিষ্কাৰ ৰূপত দিয়া হৈছে।
শংকৰদেৱৰ আজ্ঞা মানি মাধৱদেৱে ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষা ফাঁকি লিখি দিলে। তাৰ পিছতে মাধৱদেৱে লিখি গৈ মুঠ এহেজাৰ এক ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয় ফাঁকিৰ পৰা মাধৱদেৱে লিখা বাবে নাম ঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম বঢ়াৰ পো।
নামঘোষাখন চাৰিটা ছন্দত লিখা।
নামঘোষাৰ প্ৰসংগত দৈতাৰি ঠাকুৰৰ চৰিত পুথিত উল্লেখ আছে[6]-
দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়॥
তাহাৰ অৰ্থকে যিবাজেন বুজিবেক।
সেইজনে জানা লাগ আমক পাইবেক॥ ১৫৬৫॥
ঘোষাতে সমস্ত মোৰ বলবুদ্ধি যত।
যাৰ ভাগ্য আছে তাতে বুজিৱে সমস্ত॥ ১৫৬৬॥
অৰ্থ্যাৎ ঘোষা শাস্ত্ৰৰ মাজতে মাধৱদেৱে নিজে থকাৰ কথা প্ৰকাশ কৰিছে।
এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -
নামঘোষা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।