নামচাই জিলা | |
---|---|
![]() | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২৫ নৱেম্বৰ ২০১৪ |
সদৰ | নামচাই |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ৩টা (চৌখাম, নামচাই, লেকাং) |
কালি | |
• মুঠ |
1,587 km2 (613 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
95,950 |
• ঘনত্ব | 60/km2 (160/sq mi) |
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷
২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2]
২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1]
নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷
![]() |
লোহিত জিলা | ![]() | ||
তিনিচুকীয়া জিলা, অসম | ![]() |
লোহিত জিলা | ||
![]() ![]() | ||||
![]() | ||||
চাংলাং জিলা |
|