নামনি সোৱণশিৰি জিলা

নামনি সোৱণশিৰি জিলা
অৰুণাচল প্ৰদেশত নামনি সোৱণশিৰিৰ অৱস্থান
অৰুণাচল প্ৰদেশত নামনি সোৱণশিৰিৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ জিৰ’
চৰকাৰ
 • লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 • বিধানসভা সমষ্টি য়াচুলি, জিৰ’-হাপ’লি
কালি
 • মুঠ 3,460 km2 (1,340 sq mi)
জনসংখ্যা
 (2011)[1]
 • মুঠ 82,839
 • ঘনত্ব 24/km2 (62/sq mi)

নামনি সোৱণশিৰি জিলা (Lower Subansiri district, Pron:/su:bənˈsɪɹi/) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখনৰ সদৰ ঠাই হৈছে জিৰ’ নগৰ। এই জিলাৰ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি আৰু আপাতানি জনজাতিৰ।

নামনি সোৱণশিৰি জিলা ১৯৮৭ চনত পূৰ্বৰ সোৱণশিৰি জিলাক উজনি আৰু নামনি অংশ পৃথক কৰি সৃষ্টি কৰা হৈছিল।[2]

এই জিলাৰ ইতিহাসত চুতীয়া সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য ভূমিকা আছে। জিলাখন বাৰশ শতিকাত চুতীয়া ৰজা বীৰপালৰ অধীনলৈ আহে, ১৯৯৯ চনত এই জিলাৰ একাংশ পৃথক কৰি পাপুমপাৰে জিলা গঠন কৰা হয়।[2] ইয়াৰ পিছতে ২০০১ চনৰ এক এপ্ৰিলৰ দিনা পুনৰ একাংশ লৈ কুৰুং কুমেই জিলা গঠন হয়।[2]

২০১৭ চনত নামনি সোৱণশিৰি জিলাৰে ৰাগা, দলুংমুখ আৰু কুম্পিৰিজ’ চাৰ্কোলক লৈ অন্য এখন নতুন জিলা কামলে জিলা (Kamle district) নামেৰে গঠন কৰাৰ সিদ্ধান্ত কৰা হয়।[3]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

নামনি সোৱণশিৰি জিলাৰ সদৰ ঠাই জিৰ’ নগৰ। এই জিলাখনৰ মুঠ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ। জিলাখনৰ উত্তৰে উজনি সোৱণশিৰি জিলা, দক্ষিণে পাপুমপাৰে জিলা, পূবে পশ্চিম ছিয়াং জিলা আৰু উজনি সোৱণশিৰি জিলাৰ কিছু অংশ আৰু পশ্চিমে পূব কামেং জিলা অৱস্থিত।

প্ৰশাসনিক বিভাগ

[সম্পাদনা কৰক]

নামনি সোৱণশিৰি জিলাৰ প্ৰশাসনিক বৃত্ত ছটা হৈছে- জিৰ’, য়াচুলি (Yachuli), পিষ্টানা (Pistana), ৰাগা ( Raga), কম্প’ৰিজ’ (Kamporijo) আৰু দলুংমুখ (Dollungmukh)। জিলাখনত আকৌ তিনিটা ব্লকত বিভক্ত- জিৰ-প্ৰথম, জিৰ’-দ্বিতীয় আৰু তামেন-ৰাগা (Tamen-Raga) ব্লক।

নামনি সোৱণশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- য়াচুলি আৰু জিৰ’-হাপ’লি (Ziro-Hapoli)। এই দুয়োটা সমষ্টি পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত।[4]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি সোৱণশিৰি জিলাৰ জনসংখ্যা ৮২,৮৩৯ জন।[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এইজিলাৰ স্থান ৬২৩।[5] এই জিলাখনৰ অধিকাংশ লোকেই নিচি আৰু আপাতানি জনজাতিৰ। এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪ জন।[5] ২০০১-২০১১ দশকত জিলখনৰ জনসংখ্যা বৃ্দ্ধিৰ হাৰ আছিল ৪৮.৬৫%।[5] নামনি সোৱণশিৰি জিলাৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৭৫ গৰাকী।[5] আৰু সাক্ষৰতাৰ হাৰ ৭৬.৩৩%।[5]

এই জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে আপাতানি আৰু নিচি ভাষা। [6]

সংস্কৃতি

[সম্পাদনা কৰক]
নিচি সকলৰ ন্যোকুম উৎসৱ

নামনি সোৱণশিৰি জিলাত উদযাপন কৰা মূল উৎসৱসমূহ হৈছে ন্যোকুম (Nyokum), বুৰী-বুট (Boori-Boot) আৰু দ্ৰী উৎসৱ (Dree Festival).

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

১৯৯৫ চনত নামনি সোৱণশিৰি জিলাৰ ৩৩৭ বৰ্গ কিলোমিটাৰ আগুৰি টেলী ভেলী বন্যপ্ৰাণী অভয়াৰণ্য (Talley Valley Wildlife Sanctuary) প্ৰতিষ্ঠা কৰা হয়।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. 2.0 2.1 2.2 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. "Arunachal Assembly approves Kamle as 23rd district of state". Arunachal24.in. 18 October 2017. http://arunachal24.in/arunachal-assembly-approves-kamle-as-23rd-district-of-state/. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. M. Paul Lewis, ed. (2009). "Apatani: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  7. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]