নামবৰ অভয়াৰণ্য | |
---|---|
Nambor Wildlife Sanctuary | |
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
নামবৰ অভয়াৰণ্যৰ অৱস্থান | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | গোলাঘাট ডিফু |
স্থানাংক | 26°23′43″N 93°52′57″E / 26.39528°N 93.8825°Eস্থানাংক: 26°23′43″N 93°52′57″E / 26.39528°N 93.8825°E[1] |
মাটিকালি | ৩৭ বৰ্গ কিঃমিঃ |
প্ৰতিস্থা | ২৭ জুলাই ২০০০ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
নামবৰ অভয়াৰণ্য (ইংৰাজী: Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো[2] ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।[3][4]
১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৮১,৩৬৪ হেক্টৰ বনভূমিক ’নামবৰ সংৰক্ষিত বনাঞ্চল’ হিচাপে ঘোষণা কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল বুলি জনা যায়।[5] ১৯২৬ চনত বনাঞ্চলখনৰ কিছু অংশ ৰে’লপথ আৰু স্থলপথৰ বাবে মুকলি কৰাত মাটিকালি কমি ৭২,৪৮৬ হেক্টৰ হয়গৈ।
১৯৫২ চনৰ ১০ জুলাইত নামবৰ সংৰক্ষিত বনাঞ্চলৰ ৬.৫ বৰ্গ কিলোমিটাৰ অংশক ’গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰা হয়। ১৯৬৫-৬৬ চনত নামবৰক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল ৰূপে দুটা ভাগত বিভক্ত কৰা হয়।[5]
২০০৩ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ নামবৰৰ ৫,৪৯২ হেক্টৰ বনভূমি আৰু উজনি-নামনি দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলৰ ৯৭.১৫ বৰ্গ কিলোমিটাৰ সামৰি ’নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য’ গঠন কৰা হয়।[5]
জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নামবৰ সংৰক্ষিত বনাঞ্চল গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।
নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গছ-গছনিৰ বাবেও বিখ্যাত। ইয়াত শাল, চেগুন, বনচোম, তিতাচঁপা, গমাৰি, হলখ আদি মূল্যৱান গছ থকাৰ লগতে লেতেকু, পনিয়ল, সুমথিৰা, বগীটেঙা আদি ফল-মূলৰ গছে আছে। প্ৰায় ৫০বিধ বিৰল প্ৰজাতিৰ অৰ্কিডেৰে বনাঞ্চলখন ভৰপূৰ। এই বনাঞ্চলত পোৱা আদাজাতীয় কৰ্মূল তামোলৰ লগত খোৱাৰ উপৰি সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়।
নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু গছ-গছনি আছে। হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলত ধেকীয়াপতীয়া বাঘ, ঘোং, কেমটাই পহু, মেঠোন, হলৌ বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, শৰপহু, ভালুক, সুগৰী পহু, জহামাল, অজগৰ, ফেঁটীসাপ, গুই আদি বন্যপ্ৰাণী আছে।
|