নাহৰলগুন | |||||
— নগৰ — | |||||
স্থানাঙ্ক | 27°06′11″N 93°42′03″E / 27.103029°N 93.700848°E | ||||
দেশ | ভাৰত | ||||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||||
জিলা | পাপুমপাৰে | ||||
জনসংখ্যা | 36,158[1] (2011[update]) | ||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||
মাটিকালি • উচ্চতা |
• 200 m (656 ft) | ||||
ক'ড
|
নাহৰলগুন (Naharlagun) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন নগৰ৷
নাহৰলগুন সাগৰ পৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাত অৱস্থিত৷ নগৰখন চাৰিওদিশে পৰ্বতেৰে আগুৰা৷ নগৰখনৰ জলবায়ু অৰ্ধ-ক্ৰান্তীয় (sub-tropical)৷
২০১১ চনৰ লোকপিয়ল অনুসৰি নাহৰলগুনৰ জনসংখ্যা ৩৬,১৫৮ জন৷ ইয়াৰে ১৮,০৯০ জন পুৰুষ আৰু ১৮,০৬৮ গৰাকী মহিলা৷[1] নাহৰলগুনৰ সাক্ষৰতাৰ হাৰ ৭২.৮% (পুৰুষৰ ৭৭.৫% আৰু মহিলাৰ ৬৮.১%)৷
নাহৰলগুন অৰুণাচল প্ৰদেশৰ প্ৰথমটো ৰে’লৱে ষ্টেচন নাহৰলগুন ৰে’লৱে ষ্টেচনেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত৷ এই নগৰৰ পৰা ডিব্ৰুগড় আৰু গুৱাহাটীৰ বিমানবন্দৰলৈ পৱন হংস (Pawan Hans)-ৰ দ্বাৰা পৰিচালিত হেলিকপ্টাৰ সেৱাও আছে৷ ঘাইপথেৰে এই নগৰৰ পৰা গুৱাহাটীলৈ দুৰত্ব ৩৮০ কিলোমিটাৰ৷
|