নাৰায়ণ দেশাই

নাৰায়ণ দেশাই (ইংৰাজী: Narayan Desai; ২৪ ডিচেম্বৰ ১৯২৪ – ১৫ মাৰ্চ ২০১৫) এজন ভাৰতীয় গান্ধীবাদী আৰু লেখক।

২০০৭ চনত ভেদচীত

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

মহাত্মা গান্ধীৰ ব্যক্তিগত সম্পাদক তথা জীৱনীকাৰ মহাদেৱ দেশাইৰ পুত্ৰ নাৰায়ণ দেশাই[1] তেওঁৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৪ ডিচেম্বৰত গুজৰাটৰ বুলছাৰ (বৰ্তমান ভালছাদ)ত।[2] ৱৰ্ধাৰ সমীপৰ সবৰমতী, আহমেদাবাদ আৰু সেৱাগ্ৰামৰ গান্ধীৰ আশ্ৰমত ডাঙৰ-দীঘল হোৱা নাৰায়নে পিতৃ আৰু আশ্ৰমৰ অন্যান্য বাসিন্দাসকলৰ দ্বাৰা শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰিবলৈ বিদ্যালয়ত পঢ়া বন্ধ কৰি দিয়ে। তেওঁ মৌলিক শিক্ষা, সূতা কটা আৰু খাদী বোৱাত পাৰ্গত আছিল।[3]

প্ৰাৰম্ভিক বছৰবোৰ

[সম্পাদনা কৰক]

স্বাধীনতা সংগ্ৰামী পিতৃ-মাতৃ নবকৃষ্ণ চৌধুৰী আৰু মালতীদেৱী চৌধুৰীৰ কন্যা উত্তৰা চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত যুৱ-দম্পতীয়ে গুজৰাটৰ চুৰাটৰ পৰা ৬০ কিলোমিটাৰ নিলগৰ জনজাতীয় গাঁও ভেদছিলৈ গৈ এখন নই তালিম বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিবলৈ যায়। বিনোৱা ভাৱেই ভূ-দান আন্দোলন আৰম্ভ কৰাৰ পিছত নাৰায়ণে গুজৰাটৰ দীঘলে বহলে খোজেৰে জোখা ঠাই ধনী লোকৰ পৰা সংগ্ৰহ কৰি সেই একেখিনি ঠাই দৰিদ্ৰ ভূমিহীন গাঁৱৰ মানুহৰ মাজত বিতৰণ কৰিছিল। তেওঁ ভূমিপুত্ৰ (মাটিৰ পুত্ৰ) নামৰ ভূ-দান আন্দোলনৰ মুখপত্ৰৰ কাম আৰম্ভ কৰে আৰু ১৯৫৯ চনলৈকে ইয়াৰ সম্পাদক হৈ থাকে।[2]

গান্ধীবাদী দৰ্শনৰ প্ৰসাৰ

[সম্পাদনা কৰক]

নাৰায়ণে বিনোৱাই প্ৰতিষ্ঠা কৰা আৰু প্ৰবীণ সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণ (বহুত "জেপি" নামেৰে পৰিচিত)ৰ নেতৃত্বত অখিল ভাৰতীয় শান্তি সেনা মণ্ডল (ভাৰতীয় শান্তি ব্ৰিগেড)ত যোগদান কৰে। শান্তি সেনাৰ সাধাৰণ সম্পাদক হিচাপে[4] নাৰায়ণে সমগ্ৰ দেশতে শান্তি স্বেচ্ছাসেৱক নিযুক্তি আৰু প্ৰশিক্ষণ দিছিল যিসকলে জাতিগত সংঘাতৰ সময়ত হস্তক্ষেপ কৰিছিল আৰু সংঘাতপূৰ্ণ সম্প্ৰদায়সমূহৰ মাজত সমন্বয় স্থাপন কৰাত সহায় কৰিছিল।

শান্তি ব্ৰিগেড ইণ্টাৰনেশ্যনেল স্থাপনৰ লগত জড়িত নাৰায়ণ ৱাৰ ৰেজিষ্টাৰছ ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ পাকিস্তানী শান্তি গোটৰ সৈতে আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বাবে ইউনেস্ক’ৰ শান্তি বঁটা লাভ কৰে।

ভাৰতত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ বিৰুদ্ধে অভিযানত সক্ৰিয় হৈ আছিল নাৰায়ণ আৰু চেঞ্চৰশ্বিপ আইন অৱমাননা কৰি এখন আলোচনী উলিয়াই আনিছিল। জে পিৰ ঘনিষ্ঠ সহযোগী হিচাপে নাৰায়ণে ভাৰতৰ প্ৰধান অকংগ্ৰেছী ৰাজনৈতিক দলসমূহৰ সমষ্টি নৱগঠিত জনতা পাৰ্টিমোৰাৰজী দেশাইৰ নাম প্ৰধানমন্ত্ৰী হিচাপে একমতত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জে পিৰ মৃত্যুৰ পিছত নাৰায়ণে বেদছিলৈ গুচি যায় আৰু সম্পূৰ্ণ ক্ৰান্তি বিদ্যালয় (সম্পূৰ্ণ বিপ্লৱৰ প্ৰতিষ্ঠান) স্থাপন কৰে। প্ৰতিষ্ঠানটোৱে অহিংসা আৰু গান্ধীবাদী জীৱনশৈলীৰ প্ৰশিক্ষণ প্ৰদান কৰে। নাৰায়ণে পিতৃ মহাদেৱ দেশাইক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপায় হিচাপে গুজৰাটী ভাষাত গান্ধীৰ চাৰি খণ্ডৰ জীৱনী লিখিছিল, যিটো সপোন ১৯৪২ চনৰ ১৫ আগষ্টত কাৰাগাৰত আকস্মিক মৃত্যুৰ বাবে পিতৃয়ে জীৱনকালত পূৰণ কৰিব নোৱাৰিলে।

২০০৪ চনৰ পৰা সমগ্ৰ বিশ্বতে তেওঁ ‘গান্ধী-কথা’(মহাত্মা গান্ধীৰ জীৱনৰ আখ্যান) আবৃত্তি কৰিছিল। জীৱনীখন ২০০০ পৃষ্ঠাৰ চাৰিটা খণ্ডত লিখা হৈছিল। গান্ধীৰ জীৱনী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ভাবিছিল যে, এই গ্ৰন্থখনৰ পৰিমাণ আৰু অধিক মূল্যৰ বাবে অতি কম সংখ্যক লোকেহে কিনিব। তেওঁ গান্ধীৰ বাৰ্তা প্ৰচাৰৰ বাবে এটা নতুন ধাৰণা ভাবিলে। তেওঁ গান্ধী কাহিনী আৰম্ভ কৰিছিল। ৰামায়ণ আৰু ভাগৱত কথাৰ দৰে তেওঁ গান্ধী কাহিনী আৰম্ভ কৰিছিল। সাত দিন X ৩ ঘণ্টা ধৰি তেওঁ গান্ধীৰ জীৱন আৰু চিন্তাৰ বৰ্ণনা কৰিছিল। কথাৰ সময়ত তেওঁৰ দ্বাৰা লিখা আৰু সুৰ কৰা গীতসমূহো গাইছিল। তেওঁৰ কথা দৰ্শকৰ ওপৰত নিৰ্ভৰশীল আছিল। কিছুমানক তেওঁ গান্ধীৰ ৰাজনৈতিক কাৰ্যকলাপৰ কথা কৈছিল আৰু কাৰ্যবাহীসকলক তেওঁ গান্ধীৰ নেতৃত্ব আৰু পৰিচালনাৰ দক্ষতাৰ কথা কৈছিল। এই কথা কোৱাই জনসাধাৰণৰ মনত প্ৰচলিত মহাত্মা সম্পৰ্কে বহুতো ধাৰণা বিয়পাই দিয়ে। তেওঁ গান্ধীৰ জীৱনৰ বহুতো অপ্ৰকাশিত আৰু অজ্ঞাত ঘটনাও বৰ্ণিত কৰিছিল। এই কথা ভাৰত আৰু বহিঃৰাজ্যত অতি জনপ্ৰিয় আছিল। তেওঁ ৮১ বছৰ বয়সতে কথা কোৱাৰ এই উদ্যোগটো লৈছিল। ২০০৭ চনৰ ২৩ জুলাইৰ পৰা গুজৰাট বিদ্যাপীঠৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও ২০১৪ চনৰ নৱেম্বৰ মাহত এই পদৰ পৰা পদত্যাগ কৰে।[2]

২০১৪ চনৰ ১০ ডিচেম্বৰত তেওঁ ক’মাত সোমাইছিল যদিও পিছত সুস্থ হৈ পুনৰ চৰখা ঘূৰায়। দৈনন্দিন কাম-কাজত অসুবিধা হৈছিল আৰু পনীয়া আহাৰ খাই আছিল। ২০১৫ চনৰ ১৫ মাৰ্চত চুৰাটৰ মহাবীৰ ট্ৰমা চেণ্টাৰত তেওঁৰ মৃত্যু হয়। একেদিনাই তেওঁক ভেদচীৰ সম্পুৰণ ক্ৰান্তি বিদ্যালয় (সম্পূৰ্ণ বিপ্লৱ প্ৰতিষ্ঠান)ত শেষকৃত্য সম্পন্ন কৰা হয়।[2]

বঁটা-সন্মান

[সম্পাদনা কৰক]

গান্ধীৰ ঘনিষ্ঠ সহযোগীজনৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে লিখা পিতৃ মহাদেৱ দেশাইৰ জীৱনীৰ বাবে ১৯৯৩ চনত গুজৰাটীৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে নাৰায়ণে। ইয়াৰ পূৰ্বেও নাৰায়ণৰ শৈশৱৰ গান্ধীৰ স্মৃতিৰ বিষয়ে লিখা গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

তেওঁক ১৯৯৯ চনত জামনালাল বাজাজ বঁটা[5] আৰু ইউনেস্কো-মদনজীত সিং বঁটাৰে সন্মানিত কৰা হয়, ১৯৯৮ চনত সহনশীলতা আৰু অহিংসাৰ প্ৰসাৰৰ বাবে "আন্তঃধৰ্মীয় আৰু আন্তঃজাতিগত বুজাবুজি, সহনশীলতা আৰু সমন্বয়ৰ প্ৰসাৰৰ সপক্ষে তেওঁৰ অক্লান্ত কাম আৰু অহিংসা আৰু শান্তিৰ শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে পাৰমাণৱিক বিৰোধী সক্ৰিয়তাৰ ক্ষেত্ৰত তেওঁৰ কৃতিত্বৰ বাবে।"[6]

তেখেতে ২০০১ চনত গুজৰাটী সাহিত্যৰ সৰ্বোচ্চ বঁটা ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক লাভ কৰে। ১৯৮৯ চনত গুজৰাটী গ্ৰন্থ অগ্নিকুণ্ডমা উগেলু গুলাবৰ বাবে নৰ্মদ সুৱৰ্ণ চন্দ্ৰক বঁটাও লাভ কৰে।

দেশাইয়ে মহাত্মা গান্ধীৰ জীৱন, দৰ্শন আৰু কৰ্মৰ আধাৰত নিৰ্মিত বিখ্যাত গ্ৰন্থ ‘মৰুণ জীৱন আজ মাৰি ভানী’ৰ বাবে ভাৰতীয় জ্ঞানপীথে প্ৰদান কৰা ২০০৪ চনৰ ১৮ সংখ্যক মূৰ্তিদেৱী বঁটা লাভ কৰে।

২০১৩ চনত তেওঁক ধীৰুভাই ঠাকাৰ সব্যাসচী সৰস্বত বঁটাৰে সন্মানিত কৰা হয়।[7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Pandiri, Ananda M. (2007). A Comprehensive, Annotated Bibliography on Mahatma Gandhi. প্ৰকাশক Westport CT: Praeger. পৃষ্ঠা. 35. ISBN 9780313253379. 
  2. 2.0 2.1 2.2 2.3 PTI (15 March 2015). "Noted Gandhian Narayan Desai passes away". The Economic Times. http://economictimes.indiatimes.com/news/politics-and-nation/noted-gandhian-narayan-desai-passes-away/articleshow/46571699.cms। আহৰণ কৰা হৈছে: 15 March 2015. 
  3. "Narayan Desai passes away". DeshGujarat. http://deshgujarat.com/2015/03/15/narayan-desai-passes-away/। আহৰণ কৰা হৈছে: 15 March 2015. 
  4. Hardiman, David (2003). Gandhi in His Time and Ours: The Global Legacy of his Ideas. প্ৰকাশক London: Hurst. পৃষ্ঠা. 192. ISBN 1850657122. 
  5. "Jamnalal Bajaj Awards Archive". Jamnalal Bajaj Foundation. http://www.jamnalalbajajfoundation.org/awards/archives/2010. 
  6. "UNESCO-Madanjeet Singh Prize for the Promotion of Tolerance and Non-Violence (2009)". UNESCO. 2009. http://unesdoc.unesco.org/images/0018/001858/185859e.pdf. 
  7. "K G Subramanyan awarded Savyasachi Award". The Times of India. 28 June 2015. https://timesofindia.indiatimes.com/city/ahmedabad/K-G-Subramanyan-awarded-Savyasachi-Award/articleshow/47848888.cms। আহৰণ কৰা হৈছে: 15 July 2010.