নাৰিকল তেল


এটা ভঙা নাৰিকল আৰু এবটল নাৰিকল তেল।

নাৰিকল তেল হৈছে নাৰিকল গছৰ পৰা সংগ্ৰহ কৰা নাৰিকলৰ খোলাৰ পৰা উলিওৱা এক প্ৰকাৰৰ তেল। নাৰিকল তেলৰ বিভিন্ন ব্যৱহাৰ আছে। উচ্চ সংপৃক্ত চৰ্বিৰ বাবে ই লাহে লাহে জাগৰিত হয় আৰু ৰেঞ্চিডিফিকেশনৰ প্ৰতিৰোধী হোৱাৰ বাবে ই ২৪ ডিগ্ৰী চেলছিয়াছ (৭৫ ডিগ্ৰী ফাৰেনহাইট) তাপমাত্ৰাত ছমাহলৈকে নষ্ট নোহোৱাকৈ ভালে থাকে।[1]

উচ্চ সংপৃক্ত চৰ্বিৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থা, আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ, আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসন, আমেৰিকান হাৰ্ট এছ’চিয়েচন, আমেৰিকান ডায়েটেটিক এছ’চিয়েচন, ব্ৰিটিছ নেচনেল হেল্থ চাৰ্ভিচ, ব্ৰিটিছ নিউট্ৰিচন ফাউণ্ডেচন আৰু কানাডাৰ পুষ্টিবিদসকলে নাৰিকল তেলৰ ব্যৱহাৰ কমকৈ কৰাৰ বা পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

পুষ্টি আৰু চৰ্বিৰ অনুপাত

[সম্পাদনা কৰক]

নাৰিকল তেলত থাকে ৯৯% সংপৃক্ত চৰ্বি। ১০০ গ্ৰাম নাৰিকল তেলত ৮৯০ কেলৰি থাকে। সংপৃক্ত চৰ্বিৰ আধা অংশ ল’ৰিক এচিড। আন সংপৃক্ত চৰ্বিসমূহৰ ভিতৰত মাইৰিষ্টলেইক এচিড আৰু পালমিটলেইক এচিড অন্যতম। মুঠ চৰ্বিৰ ৮২% সংপৃক্ত চৰ্বি,৬% মনোঅসংপৃক্ত চৰ্বি আৰু ২% বহুসংপৃক্ত চৰ্বি। তাৰোপৰি নাৰিকল তেলত ফাইটোষ্টেৰল থাকে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Coconut oil". Transport Information Service, German Insurance Association, Berlin. 2015. http://www.tis-gdv.de/tis_e/ware/oele/kokosoel/kokosoel.htm.